নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰুভূমিসদৃশ পৰিৱেশক বনাঞ্চলৰ ৰূপ দিয়া ঢকুৱাখনাৰ এদল নিষ্ঠাৱান পৰিৱেশ কৰ্মী…

যি সময়ত ৰাজ্যত একাংশ লোকে প্ৰকৃতি ধ্বংস অভিযানত নামি গছ-গছনি কাটি তহিলং কৰিছে, যিখন অসমত গছ সংৰক্ষণ কৰি ৰাখিবৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিব লগা হয়, য’ত ৰাজপথ নিৰ্মাণৰ নামত হাজাৰ হাজাৰ গছ কাটি ধ্বংস কৰা হয়, সেই সময়ত এনে কিছুমান বিশেষ ব্যক্তিৰ ব্যতিক্ৰমী কামে মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। তেনে এজন ব্যক্তি হৈছে ঢকুৱাখনাৰ মনজিৎ পাতিৰ।

ঢকুৱাখনাৰ ভিতৰ বচামুখ গাঁৱৰ নিবাসী মনজিৎ পাতিৰৰ নেতৃত্বত আৰু ব্ৰহ্মপুত্ৰ চাপৰি বনানীকৰণ সমিতি নামৰ সংগঠনটোৰ প্ৰচেষ্টাত ঢকুৱাখনা-মাজুলী সীমান্তৰ এটা ব্ৰহ্মপুত্ৰৰ চাপৰিত গঢ়ি তুলিবলৈ সমৰ্থ হৈছে এখন বিশাল অৰণ্য। ২০১২ বৰ্ষতে ঢকুৱাখনাৰ এইজন প্ৰকৃতিপ্ৰেমী মনজিৎ পাতিৰৰ প্ৰচেষ্টাত ঢকুৱাখনা আৰু মাজুলী সীমান্তৱৰ্তী মাদুৰি চাপৰি আৰু জাৱৰচুক অঞ্চলত ব্ৰহ্মপুত্ৰ নৈয়ে সৃষ্টি কৰা বৃহৎ মৰুভূমিসদৃশ চাপৰি দুটাত আৰম্ভ কৰিছিল গছপুলি ৰোপণৰ অভিযান। ২০ জনীয়া সদস্যৰে ব্ৰহ্মপুত্ৰ চাপৰি বনানীকৰণ সমিতি নামৰ এটা সংগঠন গঠন কৰি ব্ৰহ্মপুত্ৰৰ বুকুৰ জাৱৰচুকৰ বিশাল আৱাদী ভূখণ্ডত শিমলু, বৰগছ, আঁহত, এজাৰ আদি গছপুলি ৰুই পৰৱৰ্তী সময়ত ওচৰৰে আন এটা বালি চাপৰি মাদুৰি চাপৰিলৈ সম্প্ৰসাৰিত কৰিছিল অৰণ্যম ক্ষেত্ৰৰ পৰিসৰ।

ঢকুৱাখনা নগৰৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ নিলগত অৱস্থিত প্ৰায় ১০০০ বিঘা ভূখণ্ড সামৰি উজনি অসমৰ এক বৃহৎ মানৱসৃষ্ট অৰণ্য ক্ষেত্ৰত পৰিণত হৈছে মাদুৰি চাপৰি। উল্লেখ্য যে কেৱল বালিৰে পৰিবেষ্টিত চাপৰিটোত গছ হ’ব নেকি বুলি তাচ্ছিল্য কৰিছিল বহু লোকে। প্ৰথম অৱস্থাত লহপহকৈ বাঢ়ি অহা গছপুলিবোৰ কাটি পেলাইছিল দুৰ্বৃত্তই। তাৰ পিছতো থমকি ৰোৱা নাছিল তেওঁলোক। অশেষ চেষ্টা আৰু প্ৰত্যাহ্বান নেওচি বছৰ বছৰজোৰা পৰিশ্ৰমৰ অন্তত গঢ়ি তুলিবলৈ সক্ষম হ’ল অৰণ্যখন।

নতুন বছৰত নিজৰ মনৰ ভাব প্ৰকাশ কৰি অৰণ্যখনৰ গুৰি ধৰোঁতা মনজিৎ পাতিৰে নিয়মীয়া বাৰ্তাক কয় যে গছ থাকিলেহে মানুহ থাকিব আৰু গছ নথকাৰ ফলত কি হৈছে সকলোৱে এতিয়া অনুধাৱন কৰিব পাৰিছে। হাতী-মানুহৰ সংঘাত বৃদ্ধি হৈছে আৰু মানুহ মৰিছে। জনসাধাৰণে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈ আহিছে । সম্প্ৰতি বিশ্বজুৰি আলোচ্য বিষয় হৈ পৰা গোলকীয় উষ্ণতাৰ অস্বাভাৱিক পৰিৱৰ্তনৰ অন্যতম বা প্ৰধান কাৰণ বনধ্বংস। তেনেস্থলত বনানীকৰণৰ জৰিয়তে বিশ্বৰ ভৌগোলিক উত্তৰণৰ বেলিকা কিঞ্চিত হ’লেও বৰঙণি আগবঢ়োৱা সকলোৰে সামাজিক দায়িত্ব। নতুন বছৰত সকলোৱে সংকল্প লোৱা উচিত যাতে বনানীকৰণৰ জৰিয়তে পৃথিৱীখন সেউজ কৰি ৰাখিব পাৰি।

ঢকুৱাখনাত মনজিৎ পাতিৰৰ সবল নেতৃত্বত গঢ়ি উঠা অৰণ্যখনত কেৱল গছ-গছনিয়েই নহয়, বন্যহস্তী, বাঘ, শহাপহু, বনগাহৰি, শিয়াল, মেচেকাৰ উপৰি বিভিন্ন প্ৰকাৰৰ সৰীসৃপ, দেশী-বিদেশী পক্ষী পোৱা বুলি পাতিৰে জানিবলৈ দিয়ে। ইফালে, মাজুলীৰ ভৌগোলিক সুৰক্ষাৰ অতন্দ্ৰ প্ৰহৰী হিচাপেও পৰিগণিত হৈ আহিছে এই বিশাল অৰণ্যম ক্ষেত্ৰ। অনাগত সময়ত চৰকাৰী কৰ্তৃপক্ষৰ সহযোগত এই অৰণ্যম ক্ষেত্ৰক দেশৰ ভিতৰতে এক বৃহৎ জৈৱ-বৈচিত্ৰ্যৰ উদ্যান হিচাপে গঢ়ি তোলাৰ আশা পুহি ৰাখিছে ব্ৰহ্মপুত্ৰ চাপৰি বনানীকৰণ সমিতিয়ে। পৰিৱেশ আন্দোলনৰ নিষ্ঠাৱান সেনানী মনজিৎ পাতিৰ আৰু ব্ৰহ্মপুত্ৰ চাপৰি বনানীকৰণ সমিতিৰ এই কামে আশাৰ সঞ্চাৰ কৰিছে আন দহজনৰ মাজতো। প্ৰকৃতি ধ্বংসৰ বিপৰীতে সংৰক্ষণ আৰু প্ৰতিপালনৰ নিঃসন্দেহে এয়া এক অনুকৰণীয় অধ্যায়।

নিয়মীয়া বাৰ্তা, ঢকুৱাখনা, ১ জানুৱাৰী :

You might also like