নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ চানডুবি মহোৎসৱ

নিয়মীয়া বাৰ্তা, বৰদুৱাৰ বাগান, ১ জানুৱাৰী : ৰাজ্যৰ প্ৰধান ৯খনকৈ বিল তথা উল্লেখনীয় পৰ্যটন ক্ষেত্ৰসমূহৰ ভিতৰত ঐতিহাসিক চানডুবি বিল অন্যতম ৷ কামৰূপ জিলাৰ পলাশবাৰী বিধানসভা সমষ্টিৰ অসম-মেঘালয় সীমান্তৱৰ্তী ৰাভা হাছং এলেকাৰ ৰাজাপাৰাত অৱস্থিত অনুপম প্ৰাকৃতিক প্ৰাচুৰ্যৰে পৰিপুষ্ট বিলখনৰ বৈচিত্ৰ্যপূৰ্ণ শোভা উপভোগৰ বাবে আগমন হোৱা শত- সহস্ৰ প্ৰকৃতিপ্ৰেমীৰ উপস্থিতিত আজি নৱবৰ্ষৰ পহিলা দিনটো জনসমুদ্ৰত পৰিণত হোৱা পৰিলক্ষিত হয় ৷

ইফালে, নৃগোষ্ঠীয় পৰম্পৰা সংৰক্ষণৰ উপৰি মনোৰম ক্ষেত্ৰখন বিশ্বৰ ভিতৰত এক উল্লেখনীয় পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়াসেৰে চানডুবিৰ পাৰৰ সেউজ বাকৰিত প্ৰতিবছৰে অনুষ্ঠিত হৈ আহিছে চানডুবি উৎসৱ ৷ ঠিক তেনেদৰে এইবেলিও চানডুবি উৎসৱ উদযাপন সমিতিয়ে পাঁচদিনীয়া কাৰ্যক্ৰমণিকাৰে আয়োজন কৰা উৎসৱৰ আজি প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা  উদযাপন সমিতিৰ সভাপতি বিচিত্ৰ ৰাভাই পতাকা উত্তোলন কৰাৰ উপৰি ষষ্ঠদশ বাৰ্ষিক উৎসৱৰ শুভাৰম্ভ কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই ৷

কাৰ্যবাহী সদস্য ৰাভাই নিজ ভাষণত বিভিন্ন জাতি-জনগোষ্ঠীৰ অসমভূমিত শান্তি-সম্প্ৰীতি অটুট থকাৰ আশা প্ৰকাশ কৰে ৷ আনহাতে, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত দেশৰ উন্নয়নমুখী পৰিকল্পনাত আমি সকলোৱে অংশ ল’ব লাগিব বুলিও কয় তেওঁ । তদুপৰি চানডুবি উৎসৱটিয়ে চানডুবিৰ জৈৱ-বৈচিত্ৰ্য, কলাকৃষ্টি আৰু অৰ্থনীতিৰ ক্ষেত্ৰত অন্য মাত্ৰা প্ৰদান কৰিছে বুলিও দোহাৰে ৰাভাই ৷ তদুপৰি অতিথিশালা ‘ডগৰবুৰা’ৰ দ্বাৰ মুকলি কৰে বন প্ৰাধিকাৰী বিষয়া সুবোধ তালুকদাৰে ৷ প্ৰদৰ্শনস্থলী ‘লাঙাবুৰা’ৰ দ্বাৰ মুকলিৰ উপৰি “চান্দ সদাগৰ’ সোঁৱৰণী মঞ্চ অভিনেত্ৰী আশা বৰদলৈয়ে উদ্বোধন কৰে ৷ আনকি থলুৱা খেল-ধেমালিৰ প্ৰদৰ্শনী মুকলি কৰাৰ লগতে উক্ত উৎসৱৰ স’তে সংগতি ৰাখি খনিন্দ্ৰ বৰ্ণিল ৰাভাৰ সম্পাদনাৰে প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ ’লকেয়া’ উন্মোচন কৰে অনুপ কুমাৰ মেধিয়ে ৷ আনহাতে,ৰাতুল গোস্বামীয়ে কিশোৰ কুমাৰ কলিতাৰ উপন্যাস “কথকতা“ আৰু বিশিষ্ট বিশ্লেষক কবি বিপুল শৰ্মাই উদীয়মান কবি জিতুমণি নাথৰ কাব্যগ্ৰন্থ “দ্য চিটী অৱ ক্ৰাইম“ উন্মোচন কৰে ৷

আনহাতে, নৱবৰ্ষৰ পহিলা দিনটোত প্ৰকৃতিপ্ৰেমী পৰ্যটকৰ আগমনত উখল-মাখল হৈ পৰা চিৰসেউজ পৰিৱেশৰ মাজত অনুষ্ঠিত হোৱা উৎসৱৰ কাৰ্যসূচীত পলাশবাৰী বিধানসভা সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, পলাশবাৰী ৰাজহ চক্ৰ বিষয়া ড° অংকিতা শৰ্মা তথা ভূবিন ৰাভাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি বক্তব্য প্ৰদান কৰে ৷ ইফালে, প্ৰদৰ্শনস্থলীত অসমীয়া জাতীয় জীৱনৰ স’তে সংপৃক্ত বিভিন্ন আপুৰুগীয়া শিল্পকৰ্ম তথা নৃগোষ্ঠীয় জীৱনচৰ্যাৰ আৰ্হিৰ লগতে থলুৱা পৰম্পৰাগত খাদ্য ব্যঞ্জনৰ সমাহাৰে সকলোকে আকৰ্ষিত কৰে ৷ ইফালে, উৎসৱৰ কাৰ্যসূচীত ৰাভা, বড়োকে ধৰি বাৰেৰহণীয়া কলাকৃষ্টিৰ প্ৰদৰ্শনত প্ৰাকৃতিক ক্ষেত্ৰখন এক অনন্য ক্ষেত্ৰলৈ ৰূপান্তৰিত হৈ পৰে ৷

You might also like