নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাবুৱাৰ জ্যেষ্ঠ সাংবাদিক ত্ৰৈলোক্য দাসৰ দেহাৱসান

চাবুৱাৰ ভিতৰুৱা এটা অঞ্চলৰ চিকিৎসা ক্ষেত্ৰখনত ঘটি থকা সমস্যাক লৈ বাতৰি কৰিবলৈ যোৱা সাংবাদিক এতিয়া নিজেই বাতৰি হ’ল। নিউজ লাইভৰ চাবুৱাৰ সাংবাদিক ত্ৰৈলোক্য দাসে বাতৰি সংগ্ৰহ কৰি থকা অৱস্থাত যোৱা সোমবাৰে উচ্চ ৰক্তচাপত আক্ৰান্ত হয়।

চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু সৈতে যুঁজি ডিব্ৰুগড়ৰ ব্যক্তিগত চিকিৎসালয় আদিত্য নাচিংহোম চিকিৎসালত মৃত্যু হয় জ্যেষ্ঠ সাংবাদিক ত্ৰৈলোক্য দাসে। চাবুৱাৰ চেতিয়া পথাৰ গাঁৱৰ পৰা বহুকেইটা চেনেলত নিষ্ঠাসহকাৰে সংবাদ সেৱা আগবঢ়াই অহা ত্ৰৈলোক্য মৃত্যুৰ সময়ত বয়স আছিল ৪৬ বছৰ।

তেওঁৰ মৃত্যুত চাবুৱা অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে। প্ৰতিভাৱান সাংবাদিকগৰাকীৰ মৃত্যুত চাবুৱা-লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকা, বিধায়ক পোনাকণ বৰুৱা, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ৰিতুপৰ্ণ বৰুৱা, মটক স্বায়িত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী ডেভিদ চেতিয়া, উপাধ্যক্ষ দেৱৰ্ষি চেতিয়া, লাহোৱাল প্ৰেছ ক্লাব, চাবুৱা মিডিয়া ফ’ৰাম, চাবুৱা প্ৰেছ ক্লাব, চাবুৱা ডিডিআৰ মহাবিদ্যালয়, অসম উচ্চতৰ মাধ্যমিক বিদ্যালয়, মটক যুৱ-ছাত্ৰ সন্মিলনৰ উপ সভাপতি অজয় গগৈ, মটক যুৱ-ছাত্ৰ পৰিষদ সাধাৰণ সম্পাদক উজ্জল বৰুৱা, মটক ছাত্ৰ সন্থা, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ কাৰ্যকৰী সভাপতি যুগল বৰুৱা, অগপৰ চাবুৱা-লাহোৱাল সমষ্টিৰ সমিতি, বিজেপিৰ চাবুৱা মণ্ডল, চাবুৱা প্ৰেছগ্লীড, সদৌ মটক সন্মিলন, চাবুৱা সাহিত্য সভা, সদৌ অসম মটক মহিলা পৰিষদ।চাবুৱা ক্ৰীড়া সন্থা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, চাবুৱা-লাহোৱাল কংগ্ৰেছ কমিটি, সদৌ অসম ছাত্ৰ সন্থাৰ চাবুৱা আঞ্চলিক সমিতিৰ লগতে চাবুৱা অঞ্চলৰ বহুকেইটা অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

মৃত্যুৰ সময়ত পত্নী, পুত্ৰ, আত্মীয় স্বজনক ইহসংসাৰত এৰি যায়। উল্লেখ যে ত্ৰৈলোক্য দাস ২০১০ চনৰ পৰা সংবাদ ক্ষেত্ৰত জড়িত হৈছিল।

নিয়মীয়া বার্তা, লাহোৱাল, ১ জানুৱাৰী

You might also like