নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শোকত পৰিণত নৱবৰ্ষৰ আনন্দ… বাৰত ভয়ংকৰ বিস্ফোৰণ

ছুইজাৰলেণ্ডৰ এখন বাৰত নৱবৰ্ষ উদ্‌যাপনৰ সময়ত সংঘটিত এক ভয়ংকৰ বিস্ফোৰণত ৪০জন লোকৰ মৃত্যু হৈছে আৰু ১০০জনতকৈ অধিক লোক আহত হৈছে। স্থানীয় আৰক্ষীয়ে এই ঘটনাক কোনো আক্ৰমণ বা সন্ত্রাসবাদী বিস্ফোৰণ বুলি অস্বীকাৰ কৰিছে।

স্থানীয় সময় অনুসাৰে পুৱা প্ৰায় ১:৩০ বজাত কনষ্টেলেশ্যন বাৰত এই বিস্ফোৰণ সংঘটিত হয়, য’ত নৱবৰ্ষৰ পূৰ্ব সন্ধ্যা উদ্‌যাপন চলি আছিল। সামাজিক মাধ্যমত ভাইৰেল হোৱা দৃশ্যসমূহত বাৰৰ ভিতৰত জুই জ্বলি থকা দেখা গৈছে। ঘটনাত প্ৰভাৱিত লোকসকলৰ পৰিয়ালৰ বাবে আৰক্ষীয়ে এটা হেল্পলাইন নম্বৰ জাৰি কৰিছে।

প্ৰতিবেদন অনুসৰি, আৰক্ষীয়ে কয় যে নৱবৰ্ষ উদ্‌যাপনৰ সময়ত লাগি থকা জুইৰ কাৰণ সন্দৰ্ভত এতিয়াই নিশ্চিত মন্তব্য কৰাটো অতি সোনকালে হ’ব, যদিও সন্ত্রাসবাদী আক্ৰমণৰ কোনো সম্ভাৱনা নাই। ছুইজাৰলেণ্ড চৰকাৰৰ ফেডাৰেল অৰ্থনৈতিক বিষয় আৰু শিক্ষা বিভাগৰ মুৰব্বীয়ে ‘এক্স’ত লিখে কয়, “যি সময়টো আনন্দ হ’ব লাগিছিল, সেই সময়টো নতুন বছৰৰ পহিলা দিনতেই ক্ৰান্স-মণ্টানাত এনে এক শোকত পৰিণত হ’ল, যিয়ে সমগ্ৰ দেশখনক কঁপাই তুলিছে। এই ভয়ংকৰ দুৰ্ঘটনাৰ খবৰে ফেডাৰেল পৰিষদক গভীৰভাৱে ব্যথিত কৰিছে।”

দক্ষিণ-পশ্চিম ছুইজাৰলেণ্ডৰ ভালিছ কেণ্টনৰ আৰক্ষী মুখপাত্ৰইয়, “এই বাৰখন পৰ্যটকৰ মাজত অত্যন্ত জনপ্ৰিয়। দুৰ্ঘটনাৰ সময়ত বহু লোক নৱবৰ্ষ উদ্‌যাপন কৰিবলৈ ইয়াত একত্ৰিত হৈছিল। নিহতসকলৰ অধিকাংশই সম্ভৱতঃ পৰ্যটক, যিসকল বন্ধৰ দিনত ক্ৰান্স-মণ্টানালৈ আহিছিল। বিস্ফোৰণৰ সময়ত বাৰত ১০০জনতকৈ অধিক লোক উপস্থিত আছিল। আমি এতিয়াও তদন্তৰ প্ৰাথমিক পৰ্যায়ত আছোঁ। এই ঠাইখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জনপ্ৰিয় স্কি ৰিজ’ৰ্ট হিচাপে পৰিচিত।”

স্থানীয় সংবাদ মাধ্যমে জনোৱা অনুসাৰে, উদ্ধাৰ আৰু তদন্ত কাৰ্য চলি থকাৰ বাবে কৰ্তৃপক্ষই ক্ৰান্স-মণ্টানাৰ ওপৰত ন’-ফ্লাই জ’ন ঘোষণা কৰিছে। আৰক্ষীৰ মতে, বিস্ফোৰণৰ সময়ত বাৰৰ ভিতৰত ১০০জনতকৈ অধিক লোক আছিল। ছুইচ ব্ৰডকাষ্টাৰ RTS-এ জনাইছে যে বিস্ফোৰণটো বাৰৰ বেছমেণ্টত সংঘটিত হৈছিল, যাৰ মুঠ ক্ষমতা প্ৰায় ৪০০জন লোকৰ।

You might also like