নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমাজনৰ আদিবাসী যুৱতীৰ দেহত ক’ৰোনাঃ ভয়ংকৰ বিপদৰ আশংকা

নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ এইবাৰ আমাজনৰ গভীৰ অৰণ্যৰ মাজত বসবাস কৰা এগৰাকী আদিবাসী যুৱতীৰ শৰীৰত পোৱা গৈছে ক’ৰোনা । ইয়াৰ পাচতেই এতিয়া সমগ্ৰ ব্ৰাজিলত সৃষ্টি হৈছে আতংক । ব্ৰাজিলৰ স্বাস্থ্য মন্ত্ৰণালয়ৰ তৰফৰ পৰা জনোৱা হৈছে যে, আমাজনৰ কোকামা উপজাতিৰ ২০ বছৰীয়া এগৰাকী যুৱতীৰ দেহত পোৱা গৈছে ক’ৰোনা পজিটিভ । ব্ৰাজিল-কলম্বিয়া সীমান্তৰ চেণ্টো এন্তোনিও দ্য ইকা জিলাত থকা এখন আদিবাসী গাঁৱৰেই বাসিন্দা এইগৰাকী যুৱতী । এই গাঁৱখনত প্ৰায় ৩০ হাজাৰ মানুহ বাস কৰে বুলিও উল্লেখ কৰে ব্ৰাজিলৰ প্ৰশাসনে ।

এই বিশেষ গাঁওখনতেই আৰু চাৰিজনৰ শৰীৰতো পোৱা গৈছে ক’ৰোনা ভাইৰাছৰ উপস্থিতি । তেওঁলোক অৱশ্যে উপজাতিৰ সদস্য নহয় । আক্ৰান্তসকলৰ মাজত এজন ডাক্তৰো আছে । অনুমান কৰা হৈছে যে গাঁওখনৰ মানুহক সেৱা কৰিবলৈ যোৱা এই ডাক্তৰ গৰাকীৰ পৰাই আক্ৰান্ত হৈছে গাঁওখনৰ চাৰিজনকৈ লোক । সমগ্ৰ প্ৰজাতিটোৰ মাজত ক’ৰোনা সংক্ৰমিত হ’লে ভয়ংকৰ বিপদৰ সন্মুখীন হোৱাৰ কথাও উল্লেখ কৰিছে ব্ৰাজিল প্ৰশাসনে ।

ব্ৰাজিলৰ বিভিন্ন সংবাদমাধ্যমত প্ৰকাশিত তথ্য অনুসৰি ২০ ক’ৰোনা আক্ৰান্ত যুৱতীগৰাকীয়ে স্বাস্থ্যকৰ্মী হিচাপে কামত নিয়োজিত হৈ আছিল । ফলত সেই বিশেষ ডাক্তৰ গৰাকীৰ পৰাই যুৱতীগৰাকীও সংক্ৰমিত হোৱাৰ কথা অনুমান কৰিছে স্বাস্থ্য মন্ত্ৰণালয়ে । অৱশ্যে এইগৰাকী ডাক্তৰে বিগত কিছুদিনত ১৫ গৰাকী স্বাস্থ্যকৰ্মী আৰু ১২ জন ৰোগীৰ কাষলৈ আহিছিল যদিও তেওঁলোকৰ শৰীৰত বৰ্তমানলৈকে ক’ৰোনা পজিটিভ লাভ কৰা নাই । উল্লেখ্য যে, এইগৰাকী ডাক্তৰ কিছুদিন পূৰ্বে দক্ষিণ ব্ৰাজিলত দেশত অন্যতম ডাঙৰ আদিবাসী গোষ্ঠী তিকুনাৰ সৈতে কাম কৰি উভতি আহিছিল । ফলত তিকুনা উপজাতিৰ মাজতো কিছু লোক আক্ৰান্ত হোৱাৰ সম্ভৱনাই দেখা দিছে ।

You might also like