নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উৰিয়ামঘাটত কাইলৈৰ পৰা ৭ দিনীয়াকৈ সদৌ অসম ভিত্তিত ভাওনা সমাৰোহ

সৰুপথাৰ সমজিলাৰ অসম-নাগালেণ্ড সীমান্তত “প্ৰজন্ম” নামৰ সামাজিক সংগঠনৰ উদ্যোগত আৰু বৃহত্তৰ উৰিয়ামঘাটবাসী ৰাইজৰ সহযোগত ৭ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৫ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব সদৌ অসম ভিত্তিত ভাওনা সমাৰোহ। উৰিয়ামঘাট ৰাজহুৱা ভৱন প্ৰাংগণত অনুষ্ঠিত হ’ব এই ভাওনা সমাৰোহ। উদযাপন সমিতিৰ সভাপতি কুলধৰ গগৈ, কাৰ্যকৰী সভাপতি টিকেন্দ্ৰজিৎ বৰা, সোনো বৰা, মুখ্য সম্পাদক বিকাশ বৰা, যুটীয়া সম্পাদক ৰক্তিম হাজৰিকা, মুকুল গগৈ, সাংস্কৃতিক সম্পাদক প্ৰকাশ শইকীয়া আৰু অন্যান্য বিষয়ববীয়াৰ প্ৰচেষ্টাত সাজু হৈ উঠিছে “প্ৰজন্ম”ৰ বিষয়ববীয়াসকল।

সৰুপথাৰ সমজিলাৰ সীমামূৰীয়া অঞ্চল উৰিয়ামঘাটত ২০২৪ চনত জন্মলাভ কৰা “প্ৰজন্ম”ৰ উদ্যোগত বিগত সময়ত বহুতো সামাজিক অনুষ্ঠানে প্ৰাণ পাই উঠিছে। এইবাৰ প্ৰজন্মৰ উদ্যোগত অঞ্চলটোৰ ৰাইজৰ সহযোগত অনুষ্ঠিত কৰিছে এই ভাওনা সমাৰোহ। ৫ জানুৱাৰীৰ পৰা ১২ জানুৱাৰীলৈকে অনুষ্ঠিত হ’বলগীয়া এই ভাওনা সমাৰোহৰ ৭ দিনত অসমৰ বিভিন্ন প্ৰান্তৰ সৰ্বমুঠ ১৪টা ভাওনা দলে অংশগ্ৰহণ কৰিব। এই ভাওনা সমাৰোহতে অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া, বিশিষ্ট সাহিত্যিক এসময়ৰ ধনশিৰি মহকুমাৰ সীমান্ত দণ্ডাধীশ হৰেশ চন্দ্ৰ দত্তলৈ “প্ৰজন্ম উৰিয়ামঘাট সমন্বয় বঁটা-২০২৬” প্ৰদান কৰিব সংগঠনটোৱে। সমাজলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতিস্বৰূপে হৰেশ চন্দ্ৰ দত্তলৈ আগবঢ়াব এই বঁটা।

উক্ত অনুষ্ঠানতে পাঁচহাজাৰ যুৱতী আৰু আই মাতৃৰ দ্বাৰা দিহানাম পৰিৱেশনেৰে মুখৰিত হ’ব চৌপাশ। উন্মোচন হ’ব “ভক্তি আলোক” নামৰ এখনি স্মৃতিগ্ৰন্থ। প্ৰতিদিনে দুটাকৈ দলে প্ৰদৰ্শন কৰিব ভাওনা । বিয়লি ৩.৩০ বজাৰ পৰা আৰম্ভ হ’ব প্ৰথমখন নাট আৰু সন্ধিয়া ৮.৩০ বজাৰ পৰা আৰম্ভ হ’ব দ্বিতীয়খন নাট। ভাওনা সমাৰোহৰ প্ৰতিটো কাৰ্যসূচীতে ৰাইজৰ উপস্থিতি কামনা কৰিছে উদযাপন সমিতিৰ মুখ্য সম্পাদক বিকাশ বৰাই।

নিয়মীয়া বার্তা, চুঙাজান, ৪ জানুৱাৰী :
You might also like