শোণিতপুৰৰ বালিপৰাৰ মাজুলীগাঁৱত কালি সদৌ বালিপৰা উন্নয়ন কমিটীৰ উদ্যোগত আৰু মাজুলীগাঁও গাঁও উন্নয়ন সমিতি, ৰাইজৰ সহযোগত ভোগালীৰ পৰম্পৰা অটুট ৰখাৰ মহৎ উদ্দেশ্যৰে ভোগালীৰ এসাঁজ শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত কৰা হয় । মাজুলীগাঁৱৰ পথাৰত নিৰ্মিত ভেলাঘৰৰ চৌহদত অনুষ্ঠিত অনুষ্ঠানটো সঞ্চালনা কৰে সদৌ বালিপৰা উন্নয়ন কমিটীৰ সম্পাদক, অৱসৰপ্ৰাপ্ত শিক্ষক হেমেন শইকীয়াই। অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত সভাত অসম চৰকাৰৰ অসম প্ৰকাশন পৰিষদৰ পৰা যুৱ লেখক সন্মান-২০২৫ লাভ কৰি বৃহত্তৰ বালিপৰা, চাৰিদুৱাৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা বালিপৰা ভকতগাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক, সমাজকৰ্মী মিনাৰাম বৰাৰ পুত্ৰ প্ৰাঞ্জল প্ৰতিম বৰাক আয়োজকে ফুলাম গামোচা, উপহাৰৰ টোপোলাৰে ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰে ।
ভাষণ প্ৰসংগত যুৱ সাহিত্যিকগৰাকীয়ে কয় যে সাহিত্য হৈছে এক সাধনা । প্ৰতিগৰাকী লেখকে সৃষ্টিৰ বাবে অজস্ৰ কষ্ট স্বীকাৰ কৰিবলগীয়া হয়। এই সাধনাৰ যাত্ৰাপথত সকলো বাধা-বিঘিনি, সমালোচনা ধনাত্মক দৃষ্টিভংগীৰে গ্ৰহণ কৰি নিজ কৰ্তব্যত মনোনিৱেশ কৰি গ’লেহে সফলতা লাভ কৰিব পৰা যায় । সাহিত্য একোটা জাতিৰ দাপোণ। সাহিত্যত জাতিৰ চৰিত্ৰৰ প্ৰতিফলন ঘটে।
গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত বালিপৰা উন্নয়ন কমিটীৰ সভাপতি, অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰেম মেধি, নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰাজেশ দাস, সমাজকৰ্মী মৃণাল শইকীয়া, সমাজকৰ্মী তথা আদৰ্শ কৃষক কমিচন মিলি, সমাজকৰ্মী থানেশ্বৰ শইকীয়া, উন্নয়ন কমিটীৰ অধীনৰ ১৫খনকৈ গাঁও উন্নয়ন সমিতিৰ সভাপতি-সম্পাদক, বিষয়ববীয়া, বিভিন্ন দল-সংগঠনৰ বিষয়ববীয়া, বালিপৰা প্ৰেছ ক্লাবৰ বিষয়ববীয়া, ৰাইজ, শুভকাংক্ষী উপস্থিত থাকে। সভাত বালিপৰা উন্নয়ন কমিটীৰ ২০২৬ বৰ্ষৰ অসমীয়া ৰঙীন কেলেণ্ডাৰখনো শুভ উন্মোচন কৰা হয়। তদুপৰি ২০২৭ বৰ্ষত ভোগালীৰ এসাঁজ অনুষ্ঠানটো বালিপৰাৰ কমাৰীগাঁৱত অনুষ্ঠিত কৰাৰ বিষয়েও সমূহীয়াকৈ ঘোষণা কৰা হয়। সভাৰ অন্তত ভেলাঘৰ প্ৰাংগণত ভোগালীৰ পৰম্পৰা ৰক্ষা কৰি সকলোৱে লগে-ভাগে প্ৰাক ভোগালীৰ ভোজ-ভাত গ্ৰহণ কৰে ।
নিয়মীয়া বাৰ্তা, বালিপৰা, ৫ জানুৱাৰী :