ভোটাৰ তালিকা নির্বাচন আয়োগে প্রস্তুত কৰে, তাত বিজেপিৰ কোনো কমেণ্ট নাই : মুখ্যমন্ত্ৰী
এয়া খোলা কিতাপৰ দৰে৷ নির্বাচন আয়োগত ৬, ৭, ৮নং প্র–পত্র পূৰণৰ জৰিয়তে অভিযোগ দিব পাৰে৷ এইক্ষেত্রত যদি নামৰো ভুল আছে, তেন্তে প্র–পত্র পূৰণ কৰি শুধৰাব পাৰিব
খচৰা ভোটাৰ তালিকাত অসমৰ বাহিৰৰ লোকৰ নাম অন্তর্ভুক্ত হোৱা বুলি বিৰোধীয়ে কৰি অহা অভিযোগৰ প্রত্যুত্তৰ দিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ মুখ্যমন্ত্রী ড০ শর্মাই সংবাদ মাধ্যমৰ আগত এই প্রসংগত কয়– ভোটাৰ তালিকা নির্বাচন আয়োগে প্রস্তুত কৰে, ইয়াত বিজেপিৰ কোনো কমেণ্ট নাই৷ বিজেপিয়ে এখন নিকা ভোটাৰ তালিকা হোৱাটো বিচাৰে৷ ক’ৰবাত যদি তালিকাত ভুল আছে, তাক নির্বাচন আয়োগে শুধৰাব লাগে৷
ভোটাৰ তালিকাৰ সম্পূর্ণ দায়িত্ব নির্বাচন আয়োগৰ, বিজেপিৰ কোনো কমেণ্ট নাই৷ বিৰোধীয়ে নির্বাচন আয়োগক দিয়া অভিযোগ প্রসংগতো মুখ্যমন্ত্রী ড০ শর্মাই কয়– আমিও অভিযোগ দিম, ২২ জানুৱাৰীলৈকে অভিযোগ দিয়াৰ সময় আছে৷
বহু ঠাইত আমাৰো অভিযোগ আছে৷ বহু মৃত লোকৰ নাম অন্তর্ভুক্ত হৈছে, বহিঃৰাজ্যত কাম কৰি থকা লোকৰ নামো অন্তর্ভুক্ত হৈ আছে৷ গতিকে, বিজেপিয়েও ভোটাৰ তালিকাৰ বিসংগতি দর্শাই ২২ জানুৱাৰীৰ আগতে অভিযোগ দিব৷
এয়া নির্বাচন আয়োগৰ ওপৰত অনাস্থা নহয়, এয়া নিয়মহে৷ ভোটাৰ তালিকাৰ খচৰাত ত্রুটি থাকিব পাৰে, গতিকে ইয়াক সংশোধন কৰিবৰ বাবে ওজৰ–দাবী থাকিব৷ প্র–পত্র ৬, ৭, ৮ পূৰণৰ জৰিয়তে সংশোধনৰ আবেদন কৰিব পাৰি৷ সংবাদ মাধ্যমৰ আগত অভিযোগ দিলেই ই শুদ্ধ নহয়, ইয়াৰ বাবে প্র–পত্র পূৰণ কৰি জমা দিব লাগিব৷ যদি কংগ্রেছৰ সমর্থকৰ নাম কর্তন হৈছে, তেওঁলোকে অভিযোগ দিয়ক৷ বিজেপিয়ে কর্তন কৰা বুলি ভাবিছে যদি তেওঁলোকে অভিযোগ দিয়ক৷
এয়া খোলা কিতাপৰ দৰে৷ নির্বাচন আয়োগত ৬, ৭, ৮নং প্র–পত্র পূৰণৰ জৰিয়তে অভিযোগ দিব পাৰে৷ এইক্ষেত্রত যদি নামৰো ভুল আছে, তেন্তে প্র–পত্র পূৰণ কৰি শুধৰাব পাৰিব৷
ইফালে, আগন্তুক বিধানসভা নির্বাচনত বিজেপিয়ে মহিলা প্রার্থীক অগ্রাধিকাৰ দিব বুলি ঘোষণা কৰি মুখমন্ত্রী ড০ শর্মাই কয়– কিমান শতাংশ মহিলাক প্রার্থিত্ব দিব, সেয়া প্রার্থিত্ব প্রদানৰ পাছতহে স্পষ্ট হ’ব৷ কিন্তু আমি যথেষ্টসংখ্যক মহিলাক প্রার্থিত্ব দিম৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বিচাৰে যে মহিলাই অগ্রাধিকাৰ পাব লাগে৷
জয়ৰ সম্ভাৱনা থকা সমষ্টিত মহিলাক অগ্রাধিকাৰ দিয়া হ’ব৷ যদি কোনো এটা সমষ্টিত ৫০ শতাংশ জয়ৰ সম্ভাৱনা এজন পুৰুষ আৰু ৫০ শতাংশ জয়ৰ সম্ভাৱনা এগৰাকী মহিলাৰ আছে, তেন্তে আমি মহিলা প্রার্থীক অগ্রাধিকাৰ দিম৷ যি সমষ্টিত জয়ৰ সম্ভাৱনা আছে, তাত মহিলাক অগ্রাধিকাৰ দিয়া হ’ব৷ য’ত জয়ৰ সম্ভাৱনা নাই, তাত মহিলাৰ পৰিৱর্তে পুৰুষ প্রার্থীয়ে অগ্রাধিকাৰ পাব৷
মুখ্যমন্ত্রী ড০ শর্মাই ইয়াকো স্পষ্ট কৰে যে ২০২৯ চনত হ’ব লগা লোকসভা নির্বাচনত ৩০ শতাংশ মহিলা প্রার্থী প্রক্ষেপ কৰা হ’ব৷ বিধানসভা নির্বাচনত বিজেপিৰ জয়ৰ সম্ভাৱনা সর্বাধিক বুলি শেহতীয়াকৈ প্রকাশ হোৱা এগজিট প’লক লৈও মুখ্যমন্ত্রীয়ে প্রতিক্রিয়া প্রকাশ কৰে৷
তেওঁ কয়– আজিৰ দিনত এগজিট প’লৰ আলোচনা কৰাৰ সময় হোৱা নাই৷ বিজেপি আৰু মিত্র দলে কিমানখন আসনত প্রতিদ্বন্দ্বিতা কৰিব, সেয়া স্পষ্ট নোহোৱাকৈ এগজিট প’লে দেখুৱাইছে যে বিজেপিয়ে কিমানখন আসনত জয় হ’ব৷
দৰাচলতে এগজিট প’লে প্রাৰম্ভিক ইংগিত এটাহে প্রদান কৰিছে যে বর্তমান ভোটাৰৰ অনুভৱ কি? মই ভাবোঁ যে আসন বুজাবুজিৰ পাছত ফেব্রুৱাৰী মাহত পৰিৱেশটো অধিক স্পষ্ট হ’ব৷ সেই সময়ত বিজেপিৰ ফালে সমর্থন আৰু বৃদ্ধি পাব৷ কাৰণ আমাৰ কামো হৈ আছে, আঁচনিও বাঢ়ি গৈ আছে, বিভিন্ন ধৰণৰ কাম কেন্দ্রীয় চৰকাৰেও কৰি আছে৷ ২০ ফেব্রুৱাৰী মানত আমি গম পাম যে বিজেপিয়ে কিমান আসন পাব৷ কিন্তু বর্তমান এগজিট প’লে যি দেখুৱাইছে, অতি কমসংখ্যক ছীট দেখুৱাইছে৷
ডিজিটেল ডেস্ক, ৬ জানুৱাৰী
লগতে এইটোও পঢ়ক— বাংলাদেশত আইপিএলৰ সম্প্রচাৰ নিষিদ্ধ, মুস্তাফিজুৰ ৰহমান বিতর্কৰ পিছত ঢাকাৰ কঠোৰ সিদ্ধান্ত