মুখ্যমন্ত্ৰী-ৰ নিযুত বাবু আঁচনিৰ ধন কোনে লাভ কৰিব, চাওক সকলো
অসম চৰকাৰৰ শিক্ষা বিভাগে ‘মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনি’ সন্দৰ্ভত বিস্তৃত নিৰ্দেশনা জাৰি কৰিছে। উল্লেখযোগ্য যে ১ জানুৱাৰীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই এই আঁচনিৰ কথা ঘোষণা কৰিছিল। এই আঁচনিৰ অধীনত স্নাতক পৰ্যায়ৰ ছাত্ৰই ১০ মাহত মুঠ ১০ হাজাৰ টকা আৰু স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰই ১০ মাহত মুঠ ২০ হাজাৰ টকা লাভ কৰিব।
শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে জনোৱা অনুসৰি, ‘মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনি’ৰ বাবে সমৰ্থ প’ৰ্টেলৰ জৰিয়তে আবেদন কৰিব লাগিব। ইয়াৰ লগতে আঁচনিৰ ক্ষেত্ৰত কিছুমান চৰ্ত নিৰ্ধাৰণ কৰা হৈছে।
কোনসকল যোগ্য?
এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ শিক্ষাৰ্থীসকল অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব আৰু পৰিয়ালৰ বাৰ্ষিক আয় ৪ লাখ টকাৰ অধিক হ’ব নোৱাৰিব। আবেদনকাৰী স্নাতক বা স্নাতকোত্তৰ প্ৰথম বৰ্ষৰ নিয়মীয়া ছাত্ৰ হ’ব লাগিব।
এইসকল ছাত্ৰই নাপাব সুবিধা
শিক্ষা বিভাগৰ নিৰ্দেশনা অনুসৰি—
- স্নাতক পৰ্যায়ৰ বিবাহিত ছাত্ৰই এই আঁচনিৰ সুবিধা লাভ নকৰিব।
- ‘বাণীকান্ত কাকতি মেধা বঁটা’ৰ অধীনত স্কুটাৰ লাভ কৰা স্নাতক পৰ্যায়ৰ শিক্ষাৰ্থীয়ে ‘নিযুত বাবু আঁচনি’ৰ ধন নাপাব।
- স্নাতকোত্তৰ পৰ্যায়ত ‘মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি’ৰ সুবিধা লাভ কৰা শিক্ষাৰ্থীসকলেও এই আঁচনিৰ অন্তৰ্ভুক্ত নহ’ব।
আঁচনিৰ লক্ষ্য
আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ ছাত্ৰসকলক উচ্চশিক্ষা প্ৰদান কৰাই এই আঁচনিৰ মুখ্য উদ্দেশ্য। ইয়াৰ জৰিয়তে ৰাজ্যত উচ্চশিক্ষাৰ হাৰ বৃদ্ধি কৰা আৰু ড্ৰপআউট হাৰ হ্ৰাস কৰাও চৰকাৰৰ এক গুৰুত্বপূৰ্ণ লক্ষ্য।
আচৰণ আৰু শৃংখলাৰ চৰ্ত
এই আঁচনিৰ সুবিধা লাভ কৰা ছাত্ৰই নিয়মীয়াকৈ শ্ৰেণীত উপস্থিত থাকিব লাগিব আৰু শৈক্ষিক আচৰণ বজাই ৰাখিব লাগিব। অধ্যাপক, কৰ্মচাৰী আৰু সহপাঠী ছাত্ৰ-ছাত্ৰীৰ প্ৰতি সন্মানজনক আচৰণ বজাই ৰখাটো বাধ্যতামূলক। কোনো ধৰণৰ অনুশাসনহীনতা, অসৎ আচৰণ, প্ৰতাৰণা, ৰেগিং বা প্ৰতিষ্ঠানিক নিয়ম উলংঘা কৰিলে ‘মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনি’ৰ সুবিধা বাতিল কৰা হ’ব বুলি শিক্ষা বিভাগে স্পষ্ট কৰি দিছে।
ডিজিটেল ডেস্ক, ৬ জানুৱাৰী