আইপিএলৰ পৰা বয়কট কৰাৰ পিছত পাকিস্তান ছুপাৰ লীগত মুস্তাফিজুৰ
মুস্তাফিজুৰ ৰহমানক KKR-এ আইপিএল ২০২৬ মিনি নিলামত চেন্নাই ছুপাৰ কিংছ আৰু দিল্লী কেপিটেলছৰ সৈতে প্ৰতিযোগিতাৰ পাছত ৯.২০ কোটি টকাত ক্ৰয় কৰিছিল
আইপিএল ২০২৬ৰ পৰা বাদ পৰাৰ কেইদিনমানৰ ভিতৰতে বাংলাদেশৰ দ্ৰুত বলাৰ মুস্তাফিজুৰ ৰহমানে পাকিস্তান ছুপাৰ লীগ (PSL)-ৰ দিশে মুখ ঘূৰালে। কলকাতা নাইট ৰাইডাৰ্ছ (KKR)ৰ পৰা বাদ দিয়াৰ পাছত তেওঁৰ এই সিদ্ধান্ত কেৱল ক্ৰিকেটতকৈ বেছি ৰাজনীতি আৰু পৰিস্থিতিৰ সৈতে জড়িত বুলি ধৰা পৰিছে। কেইসপ্তাহমান আগতেই যিগৰাকী বলাৰে ৯.২০ কোটি টকাৰ বৃহৎ অংকত আইপিএলৰ অংশ হৈছিল, এতিয়া সেই একে বলাৰেই PSLত বহুত কম টকাত খেলিবলগীয়া হ’ব।
হঠাৎ সলনি হ’ল ছবি
মুস্তাফিজুৰ ৰহমানক KKR-এ আইপিএল ২০২৬ মিনি নিলামত চেন্নাই ছুপাৰ কিংছ আৰু দিল্লী কেপিটেলছৰ সৈতে প্ৰতিযোগিতাৰ পাছত ৯.২০ কোটি টকাত ক্ৰয় কৰিছিল। ইয়াৰ পাছতেই বাংলাদেশত হিন্দুসকলৰ বিৰুদ্ধে হোৱা হিংসাৰ খবৰৰ ফলত ভাৰতত তেওঁৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ হয়। পৰিস্থিতি বিবেচনা কৰি BCCI-এ তেওঁক দলৰ পৰা আঁতৰাবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ ফলস্বৰূপে শ্বাহৰুখ খানৰ দল KKR-এ মুস্তাফিজুৰ ৰহমানক নিজৰ দলৰ পৰা বাদ দিয়ে।
PSLত এণ্ট্ৰী
আইপিএলৰ পৰা বাদ পৰাৰ পাছত মুস্তাফিজুৰে পাকিস্তান ছুপাৰ লীগত যোগদান কৰে। PSLৰ চৰকাৰী ছ’চিয়েল মিডিয়া একাউণ্টত তেওঁৰ অন্তৰ্ভুক্তিৰ কথা নিশ্চিত কৰা হৈছে। উল্লেখযোগ্য যে আঠ বছৰৰ পাছত মুস্তাফিজুৰে পুনৰ PSLত খেলিবলৈ উভতি আহিছে। ইয়াৰ আগতে তেওঁ লাহোৰ কালন্দাৰ্ছৰ জাৰ্চিতো খেলিছিল। PSLৰ ড্ৰাফ্ট ২১ জানুৱাৰীত অনুষ্ঠিত হ’ব আৰু লীগখনৰ আৰম্ভণি ২৩ মাৰ্চৰ পৰা হ’ব, যি আইপিএল আৰম্ভ হোৱাৰ মাত্ৰ তিনি দিন আগতেই।
উপাৰ্জনত পতন
আইপিএল আৰু PSLৰ মাজত আটাইতকৈ ডাঙৰ পাৰ্থক্যটো হৈছে উপাৰ্জন। য’ত মুস্তাফিজুৰে আইপিএলত ৯.২০ কোটি টকা লাভ কৰাৰ কথা আছিল, তাত PSLত তেওঁ বহুত কম টকা পোৱাৰ সম্ভাৱনা আছে। PSLৰ ইতিহাসত আটাইতকৈ দামী খেলুৱৈ হৈছে ডেভিড ৱাৰ্নাৰ, যাক প্ৰায় ২.৭০ কোটি টকা (ভাৰতীয় মুদ্ৰা)ত ক্ৰয় কৰা হৈছিল। সেয়ে স্পষ্ট যে মুস্তাফিজুৰ এতিয়া কম দামত খেলিবলৈ বাধ্য হৈছে।
উল্লেখ্য যে মুস্তাফিজুৰ আইপিএলৰ পৰা বাদ পৰাৰ পাছত বাংলাদেশ ক্ৰিকেট ব’ৰ্ড (BCB)-এও কঠোৰ স্থিতি গ্ৰহণ কৰে। BCB-এ ICCলৈ পত্ৰ লিখি দাবী জনায় যে টি-২০ বিশ্বকাপত বাংলাদেশৰ সকলো মেচ ভাৰতত নকৰাকৈ শ্ৰীলংকাত আয়োজন কৰা হওক। নিৰাপত্তাৰ কাৰণ দেখুৱাই ব’ৰ্ডে ভাৰতলৈ অহাত অস্বীকাৰ কৰে। ইয়াৰ উপৰি বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰে আইপিএলৰ মেচসমূহৰ লাইভ সম্প্ৰচাৰ কৰিবলৈও অনুমতি নিদিয়াৰ সিদ্ধান্ত লৈছে।
ডিজিটেল ডেস্ক, ৭ জানুৱাৰী
লগতে এইটোও চাওক — অখিল গগৈ-লুৰিণজ্যোতি গগৈ মিঞাপ্ৰেমত অন্ধঃ দিলীপ শইকীয়া