নিউজ ডেস্ক, ৯ জানুৱাৰী : লোকপিয়লক লৈ বিভিন্ন মহলত চর্চা চলি থকাৰ মাজতে কেন্দ্রীয় চৰকাৰে বুধবাৰে আনুষ্ঠানিকভাৱে অধিসূচনা জাৰি কৰে আগন্তুক লোকপিয়ল সন্দর্ভত৷ চৰকাৰে ঘোষণা কৰা মতে, অহা পহিলা এপ্রিলৰ পৰা ৩০ ছেপ্টেম্বৰৰ ভিতৰত ২০২৭ বর্ষৰ প্রথম পর্যায়ৰ লোকপিয়লৰ কাম চলিব৷ দেশৰ প্রতিখন ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলে নিজাববীয়াকৈ এই সময়ছোৱাৰ ভিতৰতে ৩০দিনীয়া সূচীৰে লোকপিয়লৰ কাম সম্পন্ন কৰিব৷ ইয়াৰ লগতে গৃহ নির্মাণ আৰু গৃহ তালিকাকৰণৰ কামো সম্পন্ন কৰা হ’ব৷
লোকপিয়ল আইন ১৯৪৮ৰ ধাৰা ৩ আৰু ১৭ (ক)ৰ লগতে লোকপিয়ল অধিনিয়ম ১৯৯০ৰ ৬ (ক) আৰু ৬ (ঘ)ৰ নিয়ম অনুসৰি চৰকাৰে এই অধিসূচনাত ঘোষণা কৰে যে ২০২৭ বর্ষৰ লোকপিয়লৰ গৃহ তালিকাকৰণৰ কাম নিজাববীয়া গণনাৰ বিকল্প হিচাপে ধৰা হ’ব৷ ঘৰে ঘৰে কৰা গৃহ তালিকাকৰণ কামৰ নির্দিষ্ট ৩০ দিনৰ পূর্বৰ ১৫ দিনত এই কাম কৰিব লাগিব৷ ২০২১ বর্ষত অনুষ্ঠিত হ’বলগীয়া লোকপিয়ল ক’ভিড সংকটৰ বাবে অনুষ্ঠিত নোহোৱাত সম্প্রতি লোকগণনাৰ প্রথম পর্যায়ৰ সূচী মুকলি কৰিছে কেন্দ্রীয় চৰকাৰে৷ এই কাম দুটা পর্যায়ত কৰা হ’ব৷ গৃহ তালিকাকৰণ আৰু গৃহ নির্মাণ পিয়লৰ পিছত জনসংখ্যা গণনা ১ এপ্রিল, ২০২৬ৰ পৰা ২৮ ফেব্রুৱাৰী, ২০২৭ৰ ভিতৰত সম্পন্ন কৰা হ’ব৷ এইক্ষেত্রত কেন্দ্রীয়শাসিত অঞ্চল লাডাখ আৰু বৰফ পৰা এলেকা জম্মু আৰু কাশ্মীৰ, হিমাচল প্রদেশ আৰু উত্তৰাখণ্ডক নিলগাই ৰখা হৈছে৷
উল্লেখ্য যে যোৱা বছৰৰ ১২ ডিচেম্বৰত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত কেন্দ্রীয় কেবিনেটে ১১,৭১৮.২ কোটি টকা ব্যয়সাপেক্ষে ২০২৭ বর্ষৰ ভাৰতৰ লোকপিয়ল সম্পন্ন কৰাৰ প্রস্তাৱত অনুমোদন জনায়৷ জনগণনাৰ পর্যায়ত নাগৰিকৰ জাতিগত পৰিচয়ো আহৰণ কৰা হ’ব৷ এই লোকপিয়লত প্রায় ৩০ লাখ ক্ষেত্রকর্মী নিয়োজিত হ’ব৷ ভাৰতৰ এই লোকপিয়ল বিশ্বৰ সর্ববৃহৎ প্রশাসনিক আৰু পাৰিসাংখ্যিক অনুশীলন বুলি কোৱা হৈছে৷ এইবাৰ প্রথমবাৰৰ বাবে ডিজিটেল প্রক্রিয়াৰে সম্পন্ন হ’ব লোকপিয়ল৷
এইক্ষেত্রত ডাটা সংগ্রহৰ বাবে ম’বাইল এপ আৰু নিৰীক্ষণৰ উদ্দেশ্যত এটা কেন্দ্রীয় প’র্টেল ব্যৱহাৰ কৰা হ’ব৷ ইয়াৰ জৰিয়তে উন্নতমানৰ দাতাৰ নিশ্চিতি লাভ কৰিব পৰা যাব৷ এই লোকপিয়লৰ প্রক্রিয়াত প্রতিটো পৰিয়ালৰ ঘৰলৈ ক্ষেত্রকর্মীসকল যাব আৰু গৃহ তালিকাকৰণ আৰু গৃহ নির্মাণ পিয়ল তথা জনগণনাৰ বাবে সুকীয়া সুকীয়া প্রশ্ণাৱলী প্রদান কৰা হ’ব৷ ৰাজ্য চৰকাৰসমূহে গণনাকাৰীসকলক নিযুক্তি দিব৷ এই গণনাকাৰীসকল বিশেষকৈ চৰকাৰী শিক্ষক হ’ব৷ তেওঁলোকে নিজৰ নিজৰ নিয়মীয়া দায়িত্ব পালন কৰাৰ উপৰি পিয়লৰ ক্ষেত্রকর্ম সম্পাদন কৰিব৷ এই প্রক্রিয়াটো নিৰীক্ষণৰ বাবে চেনছাছ মেনেজমেণ্ট এণ্ড মনিটৰিং ছিষ্টেম, চমুকৈ চিএমএমএছ নামৰ এটা প’র্টেল ইতিমধ্যে মুকলি কৰা হৈছে৷ জনসাধাৰণে এই পিয়ল এপ বা প’র্টেলৰ জৰিয়তে ৩০দিনীয়া গৃহ তালিকাকৰণ পর্যায়ৰ পূর্বৰ ১৫ দিনৰ ভিতৰত আত্মগণনা কৰিব পাৰিব৷ ডিজিটেল পিয়লৰ বাবে উপযুক্ত নিৰাপত্তাজনিত বৈশিষ্ট্য ইয়াত সন্নিৱিষ্ট কৰা হৈছে৷