কামৰূপৰ নগৰবেৰাৰ টুপামাৰীত আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযানত ২১টাকৈ ড্ৰাগছভৰ্তি কন্টেইনাৰসহ এজন ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ হয় | ধৃত ড্ৰাগছ সৰবৰাহকাৰীজন নগৰবেৰাৰ ৰংগেশ্বৰী গাঁৱৰ নুৰ আলম বুলি জানিব পৰা গৈছে |
টুপামাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া চম্পক কলিতাৰ নেতৃত্বত চলে এই অভিযান। উল্লেখ্য যে টুপামাৰী আৰক্ষী চকী এলেকাৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিনৰ পৰা অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। টুপামাৰী অঞ্চলত ড্ৰাগছবিৰোধী অভিযান আগলৈকো অব্যাহত ৰাখিবলৈ আৰক্ষীক দাবী জনাইছে স্থানীয় ৰাইজে ।
নিয়মীয়া বাৰ্তা, নগৰবেৰা, ১০ জানুৱাৰী