নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাকৰিৰ বদলীকৰণ প্ৰক্ৰিয়া সহজ-স্বচ্ছ কৰিবলৈ নতুন উদ্যোগ চৰকাৰৰ

অসম চৰকাৰে আজি ADREৰ তৃতীয় বৰ্গৰ নিযুক্তি পত্ৰ প্ৰদান কৰে। অনুষ্ঠানটো গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল, য’ত ৬,৩৪৭গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰা হয়।

নিযুক্তি পত্ৰ বিতৰণ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত আছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। তেওঁ এই অনুষ্ঠানত উপস্থিত থাকি কেইবাটাও গুৰুত্বপূর্ণ ঘোষণা আগবঢ়াইছে।

মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণা মতে এতিয়ালৈকে ৰাজ্য চৰকাৰে ১,৫৬,২১৫গৰাকী প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰিছে। কালিও চতুৰ্থবৰ্গত ৩,৩৭৪গৰাকী প্ৰাৰ্থীক নিযুক্তি দিছিল চৰকাৰে।

মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে অসমৰ চৰকাৰৰ চাকৰিৰ বদলীকৰণ প্ৰক্ৰিয়া এতিয়া সলনি হ’ব। তেওঁ কয়, “১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব নতুন প’ৰ্টেল ‘স্বাগত সতীৰ্থ’। এই প’ৰ্টেলৰ জৰিয়তে বছৰি দুবাৰকৈ খোলা হ’ব আৰু সকলো কৰ্মচাৰীয়ে নিজৰ মাজত বদলীকৰণৰ বাবে আবেদন কৰিব পাৰিব।”

এই উদ্যোগে চৰকাৰী কৰ্মচাৰীৰ মাজত স্বচ্ছতা আৰু সুযোগ সমানতা প্ৰদানৰ দিশে এক গুৰুত্বপূর্ণ পদক্ষেপ হিচাপে ধৰা হৈছে।

ডিজিটেল ডেস্ক, ১০ জানুৱাৰী

You might also like