“মই কৰ্মসূত্ৰে আমেৰিকাত থাকো যদিও মোৰ হৃদয়খন সদায়ে মোৰ জন্মভূমি অসমতে আছে।”- হাইস্কুলীয়া জীৱন পাৰ কৰা নিজৰ আপোন বিদ্যালয়খনত ভৰি থৈ এই আৱেগিক মন্তব্য প্ৰবাসী অসমীয়া বিজ্ঞানী ভৱানী শৰ্মাৰ।
মহাকাশচাৰী সুনীতা উইলিয়ামছক পৃথিৱীলৈ ওভতাই অনা “স্পেচ এক্স” কোম্পানীৰ গৌৰৱী অসমীয়া হিচাপে পৰিচিত ভৱানী শৰ্মা আজি উপস্থিত হয় হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰা ছিপাঝাৰৰ হাজৰিকাপাৰা গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। বিদ্যালয়খনত উপস্থিত হৈ বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগত অন্তৰংগ আলাপত মিলিত হয়। ছাত্ৰ-ছাত্ৰীৰ বাবে অনুপ্ৰেৰণামূলক বক্তব্য ৰাখি প্ৰবাসী অসমীয়া ভৱানী শৰ্মাই ছাত্ৰ-ছাত্ৰীসকলক সঠিক পৰিকল্পনাৰে আগবাঢ়ি যাবলৈও আহ্বান জনায়।
কম্পিউটাৰ অভিযন্তা হিচাপে কৰ্মৰত ভৱানী শৰ্মাই কয়- “সকলোৰে যোগ্যতা আছে, মাথোঁ সফল হ’বলৈ সঠিক পৰিকল্পনাৰে আগবাঢ়িব লাগে। মহাকাশত কেইবামাহো কটোৱা মহাকাশচাৰী সুনীতা উইলিয়ামছক মহাকাশৰ পৰা পৃথিৱীলৈ ওভতাই অনাৰ অভিজ্ঞতা আছিল মোৰ বাবে অনন্য। গোটেই মিছনটোত আন আনসকলৰ লগতে ময়ো আছিলোঁ এগৰাকী।”
বৰ্তমান আমেৰিকা নিবাসী ইনটিগ্ৰেটেড কম্পিউটাৰ অভিযন্তা বিজ্ঞানী ভৱানী শৰ্মাই হাইস্কুলীয়া জীৱনৰ বিদ্যালয়খনত অধ্যয়নৰ সময়ছোৱাৰ স্মৃতি ৰোমন্থন কৰি আৱেগিক হৈ পৰাৰ লগতে দুচকু অশ্ৰুসিক্ত হৈ পৰে। ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি তেওঁ আৰু কয়- “আজি আমি সফল হ’লোঁ- এনে ধ্যান-ধাৰণা মনত লৈ তাতে ক্ষান্ত হ’ব নালাগে, জ্ঞান লাভৰ বাবে অনুসন্ধিৎসু মন এটা সদায় থাকিব লাগে।”
সাম্প্ৰতিক বিশ্বত এ আই আৱিষ্কাৰে বিশ্বক বহুত আগুৱাই লৈ যোৱা বুলি উল্লেখ কৰি এটা অনুসন্ধিৎসু মন লৈ যোগাত্মক চিন্তাৰে অধ্যয়নৰ লগতে কৰ্মক্ষেত্রত মনোনিৱেশ কৰিলেহে সফলতা পাব পাৰি বুলিও উল্লেখ কৰে। নিজৰ কৰ্মক্ষেত্ৰৰ কথা উল্লেখ কৰি “আমি মঙল গ্ৰহত যাবৰ বাবেও কাম কৰি আছোঁ” বুলিও আমেৰিকাৰ লছ এঞ্জেলছত এলন মাস্কৰ স্পেচ এক্স কোম্পানীত কৰ্মৰত ইনটিগ্ৰেটেড কম্পিউটাৰ অভিযন্তা শৰ্মাই কয়।
গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হৰেন কলিতাই আঁত ধৰা অনুষ্ঠানটোত আৰম্ভণিতে বিদ্যালয়খনৰ অধ্যক্ষ ৰেখামণি বৰুৱাই আদৰণী বক্তব্য আগবঢ়ায়। প্ৰাক্তন ছাত্ৰ তথা বিশিষ্ট বিজ্ঞানীগৰাকীক বিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে গামোচা, ফুলাম জাপি, দিনলিপি, বিদ্যালয়খনৰ মহাৰজত জয়ন্তীৰ স্মৃতিগ্ৰন্থ, ফুলৰ থোপা আদিৰে উষ্ম সম্বৰ্ধনা জনায়। ভৱিষ্যতেও বিদ্যালয়খনত উপস্থিত হোৱাৰ আশা প্ৰকাশ কৰে ভৱানী শৰ্মাই।