নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুক্তিৰ প্ৰথম দিনাই ‘ধুৰন্ধৰ’ক পিছ পেলালে ‘দ্য ৰাজা চাব’-এ

দক্ষিণৰ ছুপাৰষ্টাৰ প্ৰভাসৰ বহুল প্ৰত্যাশিত ছবি ‘দ্য ৰাজা চাব’-এ অৱশেষত ছবিগৃহত মুক্তি লাভ কৰিছে। যোৱা ৯ জানুৱাৰীত মুক্তি পোৱা এই ছবিখনে মুক্তিৰ প্ৰথমদিনাই বক্স অফিচত শক্তিশালী আৰম্ভণি কৰি সকলোকে চমকিত কৰিছে।

মাৰুথি পৰিচালিত এই ভৌতিক-কমেডী ছবিখনে মুক্তিৰ পূৰ্বেই ব্যাপক চৰ্চা লাভ কৰিছিল। দীঘলীয়া সময়ৰ পিছত প্ৰভাসক ডাঙৰ পৰ্দালৈ ঘূৰি অহা দেখিবলৈ অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছিল। মুক্তিৰ দিনাই দেশজুৰি বহু ছবিগৃহত দৰ্শকৰ ভিৰ দেখা গৈছে।

বক্স অফিচ তথ্য অনুসৰি, মুক্তিৰ প্ৰথমদিনাই ‘দ্য ৰাজা চাব’-এ প্ৰায় ৪৫ কোটি টকা উপাৰ্জন কৰিছে। ইয়াৰ সৈতে প্ৰি-ৰিলিজ ব্যৱসায় যোগ কৰিলে ছবিখনৰ মুঠ সংগ্ৰহ প্ৰায় ৫৪.১৫ কোটি টকালৈ বৃদ্ধি পাইছে। উল্লেখযোগ্য যে ৰণবীৰ সিঙৰ ছবি ‘ধুৰন্ধৰ’-এ মুক্তিৰ দিনা ২৮ কোটি টকা উপাৰ্জন কৰিছিল, যাক প্ৰভাসৰ ছবিখনে সহজেই অতিক্ৰম কৰে।

ভৌতিক-কমেডী ধাৰণাৰ ছবি হিচাপে এই উপাৰ্জনক বিশেষভাৱে উল্লেখযোগ্য বুলি গণ্য কৰা হৈছে। ইয়াৰ পৰা স্পষ্ট হৈছে যে, বক্স অফিচত প্ৰভাসৰ জনপ্ৰিয়তা আৰু মনোমোহতা এতিয়াও অক্ষত আছে। অনুৰাগীসকলে আশা কৰিছে যে আগন্তুক দিনবোৰত ছবিখনে আৰু অধিক সফলতা লাভ কৰিব।

ডিজিটেল ডেস্ক, ১০ জানুৱাৰী

You might also like