নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰণ্য মানৱ যাদৱ পায়েঙলৈ ২০২৫ বৰ্ষৰ ‘ডুগডুগী অসম বঁটা’

অৰণ্য মানৱ যাদৱ পায়েঙলৈ আগবঢ়োৱা হৈছে ২০২৫ বৰ্ষৰ ডুগডুগী অসম বঁটা। অসমীয়া সোণৰ গহনাৰ অন্যতম বেণ্ড ডুগডুগীৰ স্বত্বাধিকাৰী উৎপল বণিয়াই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি, প্ৰতিবছৰে ডুগডুগী ফাউণ্ডেচনৰ পৰা অসমৰ সাহিত্য, সাংস্কৃতিক, সমাজহিতৈষী আদি কামত বিশেষ অৱদান আগবঢ়োৱা ব্যক্তিসকলক প্ৰদান কৰি আহিছে এই বঁটা।

নিৰলস, প্ৰচাৰবিমুখভাৱে সমাজৰ বাবে কৰি অহা কামৰ বাবে কিছু উৎসাহ আৰু স্বীকৃতি প্ৰদান কৰিবলৈ ডুগডুগী ফাউণ্ডেচনে গ্ৰহণ কৰা এই পদক্ষেপত “ডুগডুগী অসম বঁটা”ত প্ৰদান কৰিব নগদ ২৫ হাজাৰ টকা, প্ৰশস্তি পত্ৰ, স্মাৰক আৰু জাতীয় বস্ত্ৰ।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ২০২৪ বৰ্ষত এই বঁটা লাভ কৰিছিল ছিপাঝাৰৰ শিল্পী দীনকান্ত ভূঞাই। আনহাতে, ডুগডুগীয়ে অহা ১৭ জানুৱাৰীত শিল্পী দিৱস উপলক্ষে বিগত বৰ্ষৰ দৰে ৰহা সমষ্টিৰ ১০০গৰাকী স্থানীয় শিল্পীক সম্বৰ্ধনা জনাব বুলি স্বত্বাধিকাৰী উৎপল বণিয়াই জানিবলৈ দিছে।

নিয়মীয়া বাৰ্তা, ৰহা, ১১ জানুৱাৰী :
You might also like