পশু চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত বিভিন্নধৰণৰ গৱেষণামূলক আৱিষ্কাৰেৰে বৰ্তমান নাগালেণ্ডৰ ৰাষ্ট্ৰীয় মেথোন গৱেষণা কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী হিচাপে কৰ্মৰত ঢকুৱাখনা সু-সন্তান ডা: জয়ন্ত কুমাৰ চমুৱাই ৰাষ্ট্ৰীয় পশু চিকিৎসা বিজ্ঞান একাডেমীৰ সন্মানীয় ‘এছ’চিয়েট ফেলশ্বিপ অৱ দ্য একাডেমী’ লাভ কৰি ৰাজ্যখনলৈ এক অনন্য গৌৰৱ কঢ়িয়াই আনিছে। পশু চিকিৎসা বিজ্ঞান বিভাগলৈ আগবঢ়োৱা অসামান্য অৱদানৰ বাবে এইগৰাকী পশু চিকিৎসা বিজ্ঞানীয়ে শেহতীয়াকৈ ইটালীত উচ্চ পৰ্যায়ৰ গৱেষণাৰো সুবিধা লাভ কৰিছে।
১৯৭৯ চনত ঢকুৱাখনাৰ ভূমা আহোম গাঁৱত জন্মগ্ৰহণ কৰা ডা: চমুৱাই খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ পৰা ২০০২ চনত স্নাতক আৰু ২০০৫ চনত স্নাকোত্তৰৰ ডিগ্ৰী লাভ কৰে। ২০০৯ চনত ভাৰতীয় কৃষি গৱেষণা বিজ্ঞানৰ বাবে অনুষ্ঠিত সৰ্বভাৰতীয় পৰীক্ষাত উত্তীৰ্ণ হৈ বিজ্ঞানী হিচাপে নিযুক্তি লাভ কৰে। সম্প্ৰতি নাগালেণ্ডৰ ৰাষ্ট্ৰীয় মেথোন গৱেষণা কেন্দ্ৰত জ্যেষ্ঠ বিজ্ঞানী হিচাপে গৱেষণা আৰু সম্প্ৰসাৰণৰ কামত ব্যস্ত হৈ থকা ডাঃ চমুৱাই মুৰব্বী বিজ্ঞানী হিচাপে দুটা বহিৰাগত পুঁজিৰ প্ৰকল্পৰ নেতৃত্ব দিয়াৰ লগতে দুটাকৈ ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ সেৱা প্ৰকল্পৰ মুৰব্বী বিজ্ঞানী হিচাপে পৰিচালনা কৰিছে আৰু চাৰিটা বহিৰাগত পুঁজিৰ প্ৰকল্পত সহযোগী হিচাপে অৱদান আগবঢ়াইছে। তেওঁ নটা প্ৰতিষ্ঠানিক প্ৰকল্পৰ মুৰব্বী বিজ্ঞানী হিচাপেও সফলতাৰে গৱেষণাৰ কাম সমাপ্ত কৰিছে।
উল্লেখ্য যে এইগৰাকী বিজ্ঞানী ডাঃ জয়ন্ত কুমাৰ চমুৱাৰ নটা পেটেণ্ট, দহটা ডিজাইন আৰু চৈধ্যটা কপিৰাইট প্ৰদান কৰা হৈছে। ছটা প্ৰিপ্ৰিয়েক্সনলী লিপিবদ্ধ কৰা হৈছে, ছটা প্ৰযুক্তি অংশীদাৰক হস্তান্তৰ কৰা হৈছে আৰু চৈধ্যটা প্ৰযুক্তি ICAR মুখ্য কাৰ্যালয়ৰ দ্বাৰা প্ৰমাণিত কৰা হৈছে। তেওঁ ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীক বুদ্ধিবৃত্তিক সম্পত্তি অধিকাৰ আৰু বাণিজ্যিকীকৰণৰ বিষয়ে সজাগ কৰিবলৈ কৰ্মশালা আৰু প্ৰশিক্ষণ কাৰ্যসূচী সক্ৰিয়ভাৱে আয়োজন কৰিছে। তেওঁৰ উল্লেখযোগ্য গৱেষণা অৰ্জনসমূহৰ ভিতৰত আছে মেথোনৰ জলজ আৰু স্থল লেচেংগা নিয়ন্ত্ৰণৰ বাবে এটা ঔষধি প্ৰস্তুতি, মেথোন আৰু মেথোনৰ লেহেঙা আৰু বহিঃপৰজীৱী চিনাক্ত কৰিবলৈ কৃত্ৰিম বুদ্ধিমত্তা মডেল, মেথোন নিয়ন্ত্ৰণৰ বাবে ৰেষ্ট্ৰেইনিং ট্ৰেভিছৰ দৰে যান্ত্ৰিক ডিভাইচ আৱিষ্কাৰ কৰিছে।
তেওঁৰ দুখনকৈ গৱেষণা পত্ৰ আন্তঃৰাষ্ট্ৰীয়ভাৱে বহুল সমাদৃত জাৰ্নেল “Scientific Report”ত প্ৰকাশ পোৱাৰ লগতে ২২খন আন্তঃৰাষ্ট্ৰীয় জাৰ্নেলত গৱেষণাধৰ্মী প্ৰবন্ধ প্ৰকাশ পাইছে। বৰ্তমানলৈকে প্ৰকাশ হোৱা ৪খন গ্ৰন্থৰ ১খন গ্ৰন্থ ভাৰতীয় পশু চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হৈছে। শেহতীয়াকৈ ডা: জয়ন্ত কুমাৰ চমুৱাই ৰাষ্ট্ৰীয় পশু চিকিৎসা বিজ্ঞান একাডেমীৰ পৰা ইটালীলৈ পশু চিকিৎসা বিজ্ঞানত উচ্চ পৰ্যায়ৰ গৱেষণাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ পৰা একমাত্ৰ বিজ্ঞানী হিচাপে নিৰ্বাচিত হৈ ৰাজ্যৰ লগতে জন্মস্থান ঢকুৱাখনালৈ গৌৰৱ কঢ়িয়াই আনিছে।
নিয়মীয়া বাৰ্তা, ঢকুৱাখনা, ১১ জানুৱাৰী :