নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুটাকৈ কাৰ্যসূচী লৈ আজি ধুবুৰীলৈ ডঃ হিমন্ত বিশ্ব শৰ্মা

আজি দুটাকৈ কাৰ্যসূচী লৈ ধুবুৰী জিলাৰ বিলাসীপাৰাত উপস্থিত হ’ব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। প্ৰথমটো কাৰ্যসূচীত তেওঁ মহিলা উদ্যোমতা আঁচনিৰ অধীনত বিলাসীপাৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত আত্মসহায়ক গোটসমূহৰ ১৮,৩৭৫ গৰাকী মহিলাসকল চেক প্ৰদান কৰিব।

পিছত তেওঁ বিলাসীপাৰাৰ খুদিগাওঁ দ্বিতীয় খণ্ডত নিৰ্মিত ৭০ মেগাৱাট চোলাৰ শক্তিৰ পাৱাৰ প্ৰজেক্ট এটা আনুষ্ঠানিকভাবে অৰ্পণ কৰিব অসমৰ বিদ্যুৎ বিতৰণ বিভাগক প্ৰদান কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৪ মাৰ্চ, ২০২৪ চনত ভাৰ্চুৱেল মাধ্যমেৰে প্ৰকল্পটোৰ নিৰ্মাণৰ কামৰ উদ্বোধন কৰিছিল।

উল্লেখ্য যে, মুখ্যমন্ত্ৰী সৌৰশক্তি প্ৰকল্পৰ আঁচনিৰ অধীনত এহেজাৰ বিঘা মাটিত ৩২৩ কোটি ব্যায়েৰে নিৰ্মিত নামনি অসমৰ এয়া প্ৰথমটো সৌৰ বিদ্যুৎ প্ৰকল্প।

নিয়মীয়া বাৰ্তা, ধুবুৰী, ১৫ জানুৱাৰী

You might also like