নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱৰ ঔঅনাৰ জলাশয়ত সহস্ৰাধিক ৰাজহংসৰ মুক্ত বিচৰণ

এতিয়া শীতকালৰ ফৰকাল বতৰ। এই সময়তেই জলাশয়-বিল আদিলৈ দেশী-বিদেশী পৰিভ্ৰমী পক্ষীৰ আগমন ঘটে। থলুৱা বিভিন্ন প্ৰজাতিৰ পক্ষীকুলৰ জলকেলিয়ে নয়নাভিৰাম পৰিবেশৰ সৃষ্টি কৰিছে। এইকেইদিন শীতৰ প্ৰকোপ বৃদ্ধি হৈছে যদিও ৰাজ্যখনৰ বিভিন্ন স্থানৰ লগতে নগাঁও জিলাৰ বিভিন্ন জলাশয়, বিল, পথাৰ, নৈ আদিত দেশী-বিদেশী, থলুৱা প্ৰজাতিৰ পক্ষীকুলে ভিৰ কৰা পৰিলক্ষিত হৈছে।

নগাঁও জিলাৰ ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত ঔঅনা গাঁৱৰ লগতে চুবুৰীয়া গাঁৱৰ জলাশয়-বিল আদিত থলুৱা প্ৰজাতিৰ ৰাজহংস পক্ষীৰ মুক্ত বিচৰণ আৰু কলৰৱে প্ৰকৃতিপ্ৰেমীৰ লগতে সকলোকে মোহিত কৰিছে। হাজাৰ হাজাৰ ৰাজহংসৰ জলকেলিয়ে অঞ্চলটোত এক নান্দনিক পৰিবেশৰ সৃষ্টি কৰিছে। ৰাজহংসৰ জলকেলিত এতিয়া সকলো বিভোৰ। পুৱাৰ পৰা বিয়লিলৈকে ঔঅনাৰ জলাশয়-বিল আদি ৰাজহংসৰ লগতে আন পক্ষীৰ কাকলিৰে মুখৰিত হৈ পৰে। ৰাজহংসৰ নয়নাভিৰাম আৰু নান্দনিক জলকেলি প্ৰতিজন বাটৰুৱাই নয়নভৰি উপভোগ কৰাৰ দৃশ্যই সঁচাকৈয়ে এক অনাবিল আনন্দ প্ৰকাশ কৰে। মুক্ত বিহংগৰ বিচৰণত ঔঅনাৰ জলাশয় আদিৰ আকাশ-বতাহ গুঞ্জৰিত হৈ পৰিছে। বুজা-নুবুজাৰ সুৰত প্ৰতিজন প্ৰকৃতিপ্ৰেমীৰ অন্তৰত জাগৰিত হৈছে আনন্দৰ মায়াজাল। ব্যস্ততাৰ মাজত সোমাই পৰা এই পক্ষীকুলৰ বিচৰণে অঞ্চলটোৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ লগতে এক অনন্য নৈসৰ্গিক পৰিবেশ সৃষ্টিত অৰিহণা যোগাইছে। এনে এক সৌন্দৰ্যময় পৰিবেশৰ মাজতে একাংশ দুষ্কৃতিকাৰীয়ে এই পক্ষী নিধন কৰাৰ বাবে প্ৰস্তুতি চলোৱাৰ অভিযোগ উঠিছে।

বিশেষ বাৰ্তা, নগাঁও, ১২ জানুৱাৰী :  

You might also like