নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বামীৰ আয়ৰ ২৫ শতাংশ স্ত্রীৰ আইনসিদ্ধ অধিকাৰ

নিউজ ডেস্ক, ১৬ জানুৱাৰী : বিচ্ছেদৰ পিছত স্ত্রীক ভৰণ-পোষণ দিয়াটো স্বামীৰ নৈতিক আৰু আইনগত দায়িত্ব৷ এয়া কোনো দান–দক্ষিণা নহয়৷ এটা ভৰণ–পোষণ সম্পর্কীয় গোচৰত এইদৰে স্পষ্টকৈ জনাই দিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে৷

ন্যায়ালয়ৰ পর্যবেক্ষণ যে স্বামীৰ মুঠ আয়ৰ সর্বাধিক ২৫ শতাংশ ভৰণ–পোষণ পোৱাটো স্ত্রীৰ অধিকাৰৰ ভিতৰত পৰে৷ এটা ভৰণ-পোষণ গোচৰত ন্যায়ালয়ে স্পষ্টকৈ জনাই দিছে যে স্ত্রী বা কোনো মহিলা যদি আর্থিকভাৱে স্বাৱলম্বী নহয় তেনেহ’লে তেওঁৰ দায়িত্ব লোৱাটো স্বামীৰ পৱিত্রতা আৰু কর্তব্যৰ ভিতৰত পৰে৷

উল্লেখ্য যে ২০২৪ বর্ষৰ ডিচেম্বৰ মাহত সুৰেশ চন্দ্র নামৰ এজন ব্যক্তিয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ত এটা গোচৰ তৰে৷ নিম্ন আদালতে নির্দেশ দিছিল যে প্রতিমাহে ভৰণ-পোষণৰ বাবদ ৩০০০ টকাকৈ দিব লাগিব সেই ব্যক্তিগৰাকীয়ে৷ তাৰ আগলৈ মাত্র ৫০০ টকাকৈ স্ত্রীক দিয়া লোকগৰাকীয়ে সেই ধন ৬ গুণ বৃদ্ধি হোৱাত উচ্চ ন্যায়ালয়ৰ ওচৰ চাপে৷ ব্যক্তিগৰাকীৰ দাবী আছিল যে তেওঁ বৃত্তিত দিন মজদুৰ৷ তেওঁৰ বাবে ইমান টকা দিয়াটো সম্ভৱ নহয়৷ কিন্তু এলাহাবাদ উচ্চ ন্যায়ালয়ে সেই ব্যক্তিগৰাকীৰ আবেদন খাৰিজ কৰে৷ সেই সন্দর্ভত ন্যায়াধীশ মদন পাল সিঙে স্পষ্টকৈ জনাই দিয়ে যে আবেদনকাৰী বিশেষভাৱে সক্ষম বুলি দাবী কৰা নাই বাবে তেওঁক ৰেহাই দিয়া সম্ভৱ নহয়৷

You might also like