ডিজিটেল ডেস্ক, ১৬ জানুৱাৰী : প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুক ছিংগাপুৰে স্বাভাৱিক বুলি কোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ছিংগাপুৰৰ তদন্তক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
ছিংগাপুৰ আৰক্ষীয়ে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক বুলি উল্লেখ কৰিছিল। সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- ‘ছিংগাপুৰে যি কাম কৰিব নোৱাৰিলে অসমে সেই কাম কৰি দেখুৱালে। ছিংগাপুৰতকৈ আমি ভাল কাম কৰিছোঁ। আমি ইয়াতে সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্তকে ধৰি ৭ অভিযুক্তক জে’লত ৰাখিছোঁ। ছিংগাপুৰতকৈ অসম পুলিচে ভাল কাম কৰি দেখুৱাইছে। যাৰ বাবে সকলোৱে আমাক ধন্যবাদ দিব লাগে।’