নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰধানমন্ত্ৰীৰ আগমনক লৈ গুৱাহাটী-কলিয়াবৰত ব্যাপক প্ৰস্তুতি

শনিবাৰে দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৰাজ্য ভ্ৰমণৰ প্ৰথম দিনাই গুৱাহাটীৰ সৰুসজাইস্থিত অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ’ব এক বৰ্ণিল বাগৰুম্বা নৃত্য অনুষ্ঠান। অসমৰ পৰম্পৰাগত লোকনৃত্য বাগৰুম্বাৰ এই বিশেষ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

উল্লেখযোগ্য যে, এই অনুষ্ঠানৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ সমৃদ্ধ সংস্কৃতি আৰু পৰম্পৰাক ৰাষ্ট্ৰীয় পৰ্যায়ত উপস্থাপন কৰাৰ প্ৰয়াস কৰা হৈছে। প্ৰধানমন্ত্ৰীৰ উপস্থিতিয়ে অনুষ্ঠানটোক অধিক গৌৰৱান্বিত কৰি তুলিব বুলি আশা কৰা হৈছে।

ইফালে, অহা ১৮ জানুৱাৰী ২০২৬ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কলিয়াবৰলৈ যাত্ৰা কৰিব। কলিয়াবৰৰ মৌচন্দা পথাৰত অনুষ্ঠিত হ’ব এখন বিশাল ৰাজহুৱা সভা, য’ত প্ৰধানমন্ত্ৰীয়ে জনতাক সম্বোধন কৰিব। সভাৰ লগতে প্ৰধানমন্ত্ৰীয়ে উন্নয়নমূলক বিভিন্ন প্ৰকল্পৰ শিলান্যাসো কৰিব।

বিশেষকৈ কলিয়াবৰত প্ৰস্তাৱিত এলিভেটেড পথ প্ৰকল্পৰ শিলান্যাস প্ৰধানমন্ত্ৰীয়ে সেই সভাৰ পৰাই কৰিব বুলি জানিব পৰা গৈছে। এই প্ৰকল্পৰ জৰিয়তে অঞ্চলটোৰ যান-বাহন ব্যৱস্থা সুচল হোৱাৰ লগতে সামগ্ৰিক উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব বুলি চৰকাৰী সূত্ৰই জানিবলৈ দিছে।

ইফালে অসমৰ পৰাই বন্দে ভাৰত শ্লীপাৰ ৰেলৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। মন কৰিব লগা যে এখন বন্দে ভাৰত শ্লীপাৰ ৰেল কামাখ্যাৰ পৰা কলকাতালৈ চলাচল কৰিব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এই দুদিনীয়া অসম ভ্ৰমণক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি চলোৱা হৈছে।

ডিজিটেল ডেস্ক, ১৬ জানুৱাৰী

You might also like