নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালী উচ্চতৰ মাধ্যমিকৰ নৱনিৰ্মিত ভৱন উদ্বোধন শিক্ষামন্ত্ৰীৰ

“বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আগৰ জৰাজীৰ্ণ ৰূপ নাইকীয়া কৰি চৰকাৰে ৮ কোটি টকা ব্যয় সাপেক্ষে নতুন আধুনিক ভৱন নিৰ্মাণ কৰিলে৷ যাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু স্থানীয় বিধায়ক ৰণজিৎ কুমাক দাস ধন্যবাদৰ পাত্ৰ৷ কিন্তু মোৰ সমষ্টিত এনেকুৱা উন্নতমানৰ স্কুল নাই৷ অসমৰ মুখ্যমন্ত্ৰীৰ বলিষ্ঠ পদক্ষেপৰ বাবে অসমত ১ লাখ চাকৰি দিম বুলি কোৱাৰ পিছত আদি এক লাখৰ সংখ্য অতিক্ৰমি ডেৰ লাখ নিবনুৱাক চাকৰি প্ৰদান কৰিলে৷ এয়া কেবল ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীত্বৰ বাবেহে সম্ভৱপৰ হৈ উঠিছে৷ আনহাতে বৰ্তমান চৰকাৰৰ সময়ত অসমৰ শিক্ষাখণ্ডত এতিয়ালৈকে ৭৮৪০৫ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীয়ে নিযুক্তি লাভ কৰিছে৷ যাৰ হাৰ ৫০শতাংশ৷” এই মন্তব্য ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ৷

বৃহত্তৰ বজালী অঞ্চল তথা শিক্ষানগৰী পাঠশালাৰ এখন ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৌৰৱময় শতবৰ্ষৰ সামৰণী অনুষ্ঠান আজিৰ পৰা অহা ১৮ জানুৱাৰীলৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শুভাৰম্ভ হৈছে৷ শতবার্ষিকী উৎসৱ উদযাপনৰ বাবে শিক্ষানুষ্ঠানখনত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে৷

আজি প্ৰথম দিনৰ কাৰ্যসূচীত ৮ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মিত বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মুল ভৱনটো মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ উপস্থিতিত উদ্বোধন কৰি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুই উক্ত মন্তব্য কৰি কয়, “অসম চৰকাৰৰ আটাইতকৈ বেচি নিযুক্তি লাভ কৰা বিভাগ দুটা শিক্ষা বিভাগ আৰু পুলিচ বিভাগ বুলি মন্তব্য কৰি অসমৰ শিক্ষা ব্যৱস্থা আন আন ৰাজ্যৰ তুলনাত নিম্নগামী বুলি বহুতে সমলোচনা কৰাৰ প্ৰত্যুত্তৰ দি মন্ত্ৰীগৰাকীয়ে কয়, “অসমত ৭০ শতাংশ চৰকাৰী আৰু ৩০ শতাংশ বেচৰকাৰী স্কুল আছে৷ যদি অসমৰ শিক্ষা ব্যৱস্থা নিম্নগামী হ’লহেতেন তেতিয়া হ’লে অসমৰ শিক্ষাখণ্ডত আটাইকৈ বেছি শিক্ষক শিক্ষয়িত্ৰী নিয়োগ নহ’লহেঁতেন৷ মই অসমৰ যুৱক যুৱতীসকলক অনুৰোধ জনাও যে আপোনালোকে অন্য চাকৰি নকৰিব কেৱল শিক্ষকতাত মনোযোগ দিয়ক৷ ভৱিষ্যত প্ৰজন্মৰ বাবে শিক্ষকৰ চাকৰিসমুহত সংৰক্ষণ কৰি অসমত এক উন্নত শিক্ষা প্ৰচলন কৰিবলৈ শিক্ষকসকলক আহ্বান জনাই অকল মেধাৱী ছাত্ৰ-ছাত্ৰীসকলকে গুৰুত্ব নিদি শ্ৰেণীকোঠাৰ পিছৰ বেঞ্চত বহি থকা ছাত্ৰ-ছাত্ৰী সকলকো গুৰুত্ব প্ৰদান কৰিবলৈ শিক্ষামন্ত্ৰী গৰাকীয়ে আহ্বান জনায়৷

উল্লেখ্য যে ১৯২৬ চনতে বজালীৰ এচাম শিক্ষানুৰাগী ৰাইজৰ প্ৰচেষ্টাত স্থাপন কৰা বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয় আজি এশ বছৰীয়া যাত্ৰাৰ সময়ত শিক্ষাৰ ক্ষেত্ৰত সগৌৰৱে থিয় হৈ আছে। শিক্ষাৰম্ভৰে পৰা এই বিদ্যালয়খনে গুণগত শিক্ষা প্ৰদানেৰে সৃষ্টি কৰিছে অসংখ্য মেধাবী ছাত্র ছাত্ৰীৰ। দেশ বিদেশত সমাদৃত হৈছে শিক্ষানুষ্ঠানখনৰ বহু প্ৰাক্তন ছাত্র-ছাত্ৰী৷

এই ঐতিহ্যপূর্ণ বিদ্যালয়খনে আজিৰে পৰা তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে পালন কৰিছে  শতবৰ্ষীয় উৎসৱ। যাৰ বাবে বিদ্যালয়খনত আজি বিৰাজ কৰিছে এক উৎসৱ মুখৰ পৰিৱেশ। আজি পুৱা প্রভাত ফেৰী আৰু চৌখুটী হাইস্কুলৰ পৰা লৈ অহা প্ৰজ্জ্বলিত বন্তিক আদৰণি জনোৱাৰ পিছতে পতাকা উত্তোলন কৰে ১০০ গৰাকী বিভিন্ন স্তৰৰ লোকে।

স্মৃতি তৰ্পণ অনুষ্ঠান মুকলি কৰে অৱসৰ প্ৰাপ্ত শিক্ষক গণেশ চৌধুৰীয়ে৷ ড° ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে হিমাংকন দাসে৷ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে স্বপন তালুকদাৰে। শ্বহীদ মদন বৰ্মনৰ আৱক্ষ মূৰ্তি উন্মোচন কৰে নিৰোবালা তালুকদাৰে৷

ইয়াৰ পিছত কামেশ্বৰ দাসৰ আবক্ষ মূৰ্তি উন্মোচন কৰে সত্য দাসে৷ দ্বিজেন্দ্ৰ নাথ শৰ্মা সোঁৱৰণী মুখ্য তোৰণ উন্মোচন কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে। নৱনিৰ্মিত নগেন্দ্ৰ নাথ শৰ্মা সোঁৱৰণী প্ৰেক্ষগৃহ উন্মোচন কৰে পৰমেশ দত্তই । চন্দ্ৰ কান্ত দাসে গ্ৰন্থমেলাৰ দ্বাৰ উদ্ঘাটন কৰাৰ পিছতে প্ৰদৰ্শনী আৰু বজালী হাটৰ দ্বাৰ উদ্ঘাটন কৰে দীনেশ দাসে।

মঞ্চ উদ্বোধন কৰে শতবৰ্ষ উদযাপন সমিতিৰ সভাপতি তথা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে৷ দুপৰীয়া ১০০ গৰাকী শিল্পীৰ বিহু নৃত্য প্রদর্শন কৰাৰ পিছতে বিদ্যালয়ৰ অধ্যক্ষৰ ৰঞ্জন চক্ৰৱৰ্তীয়ে আদৰণী ভাষণ প্ৰদান কৰা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট সাংবাদিক, লেখক মনোজ কুমাৰ গোস্বামীয়ে নিজৰ ভাষণত কয়, “আমাৰ শিক্ষকসকলক অকল শিক্ষকতা কৰিবলৈ দিয়া নাই৷ তেওঁলোকক চৰকাৰে বিভিন্ন কামত ব্যৱহাৰ কৰিছে৷ যাৰ প্ৰভাৱ শিক্ষা ব্যৱস্থাত পৰিছে৷

এসময়ত বিদ্যালয়সমূহ সমাজৰ চালিকা শক্তি আছিল৷ এই বিদ্যালয়সমূহে সমাজিক তথা বৌদ্ধিক দিশক প্ৰতিনিধিত্ব কৰিছিল৷ কিন্ত ইয়াৰ বিপৰীতে আজি গুৱাহাটী, ডিব্ৰুগড় আদি বিশ্ববিদ্যালয়সমুহে বৌদ্ধিক, সমাজিক ক্ষেত্ৰত নেতৃত্ব দিব পৰাটো এক সন্দেহৰ বিষয় হৈ পৰিছে৷” তেওঁ কয় যে কিছু দিন পূৰ্বে বিশ্ববিদ্যালয়সমুহৰ একাডেমিক স্থান সন্দৰ্ভত এক সমীক্ষাত দেখা গৈছিল যে ভাৰতবৰ্ষৰ এখনো বিশ্ববিদ্যালয়ে উন্নতমানৰ স্থান লাভ কৰিবলৈ সমক্ষ হোৱা নাই৷ ইয়াৰ বিপৰীতে আমেৰিকাৰ ১১১খন, চীনৰ ১০১ খন, ইউকেৰ ৪৭ খন, চৌদি আৰবৰ ৪খন বিশ্ববিদ্যালয় আৰু মাল্টাৰ দৰে সৰু দেশখনেও পৰিসংখ্যাত শীৰ্ষ স্থান লাভ কৰিছে৷

ইয়াৰ বিপৰীতে ভাৰতবৰ্ষ বিশ্বৰ চতুৰ্থ অৰ্থনীতিৰ পিনে আগবাঢ়ি যোৱাৰ পিছতো আমাৰ দেশৰ ৫০০ খন বিশ্ববিদ্যালয়ৰ ভিতৰত যদি এখনো বিশ্ববিদ্যালয়ে এই পৰিসংখ্যাত ভাল স্থান লাভ নকৰাতো এক আশ্বৰ্যকৰ ঘটনা৷ আমাৰ সন্দেহ হয় ভাৰতবৰ্ষৰ শিক্ষাব্যৱস্থাৰ গুণগত মান, শিক্ষানীতি আদিৰ ওপৰত৷”

ভৰতীয় শিক্ষা ব্যৱস্থা এটা ডাঙৰ স্কেম নেকি বুলি প্ৰশ্ন উত্থাপন কৰি চৰকাৰে বিজ্ঞাপন দিয়া তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ কাৰণে উচ্চ শিক্ষিত লোকসকলে আবেদন কৰাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰি ভাৰতৰ হিতাধিকাৰী ব্যৱস্থাকো সমালোচনা কৰি কয় যে আমেৰিকে ধৰি বিশ্বৰ বহু দেশত হিতাধিকাৰীৰ ব্যৱস্থা নাই৷ তাৰ জনসাধাৰণৰ চৰাকাৰে দিয়া সুবিধাসমুহ গ্ৰহণ কৰাৰ বিপৰীতে নিজৰ প্ৰতিভাৰ বলত আগুৱাই গৈছে৷ ভাৰতবৰ্ষই কোটি কোটি টকা খৰচ কৰি হিতাধিকাৰীক ৰক্ষণাবেক্ষণ দিছে৷ এই ব্যৱস্থাই কিন্তু আমাৰ দেশক উন্নত দেশলৈ যাব নোৱাৰে বুলি তেওঁ মন্তব্য কৰে৷

অনুষ্ঠানত প্ৰাক্তন ছাত্র-ছাত্রী সন্মিলনৰ লগতে শতবৰ্ষৰ স্মৰণিকা উন্মোচন কৰা হয়৷

নিয়মীয়া বাৰ্তা, পাঠশালা, ১৬ জানুৱাৰী

You might also like