অসমীয়া সমাজৰ পৰম্পৰা, সমন্বয়, একতাৰ প্রতীক হিচাপে চিহ্নিত হৈ আহিছে সভা মহোৎসৱ। সভা মহোৎসৱে মানুহৰ মাজত সমন্বয়ৰ ভেটি মজবুত কৰি আহিছে।- এনেদৰে মন্তব্য কৰে বিশিষ্ট সমাজকৰ্মী, অভিনেতা তথা অগপৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক দিলীপ কুমাৰ দাসে।
নলবাৰী জিলাৰ ঘগ্রাপাৰ-পৈছাৰাৰ শ্রীশ্রী বাৰগোপাল থানত ভোগালী বিহু সভা মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষৰ আজি দিনৰ ভাগত মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে উলিওৱা সাংস্কৃতিক শোভাযাত্রা উদ্বোধন কৰি দিলীপ কুমাৰ দাসে পৰম্পৰাগতভাৱে অসমীয়া সমাজে উদযাপন কৰি অহা সভা উৎসৱ পৃথিৱীৰ ভিতৰতে বিৰল বুলি মন্তব্য কৰাৰ লগতে আগন্তুক দিনত পৈছাৰা গাঁৱৰ সভা মহোৎসৱে অসমত আধ্যাত্মিক-সাংস্কৃতিক পৰম্পৰা অক্ষুণ্ণ ৰাখিব বুলি কয়।
অতি সুন্দৰ পৰিৱেশত এই বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্রাত অংশগ্রহণ কৰে অসমীয়া সংস্কৃতিৰ বিহুনৃত্য, লোকসংস্কৃতিৰ নাগাৰা নাম, ওজাপালি, ঢুলীয়া, বেণ্ডপাৰ্টী, বাগৰুম্বা নৃত্য, কোচ ৰাজবংশী জাতীয় নৃত্যৰ লগতে এন চি চিৰ কেডাৰ আৰু ৰামায়ণৰ ৰাম, সীতা আৰু লক্ষ্মণৰ প্রতীকীয়ে বৃহত্তৰ ঘগ্ৰাপাৰ অঞ্চলৰ ৰাইজক মুগ্ধ কৰে।
ইফালে, আজি দুপৰীয়া জী-জোঁৱাই সন্মিলনত প্রায় অৰ্ধশতাধিক দম্পতীয়ে অংশগ্রহণ কৰে। খনিন্দ্র কুমাৰ লহকৰে আঁত ধৰা অনুষ্ঠানটিত জী-জোঁৱাইসকলে নিজৰ মনোভাব প্রকাশ কৰি আনন্দ লভে। সন্ধিয়া ৫.৩০ বজাৰ পৰা সদৌ অসম ভিত্তিত অসমীয়া আধুনিক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। কাইলৈ সন্ধিয়া ৭ বজাত জুবিন গাৰ্গৰ সোঁৱৰণী সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰিব কণ্ঠ শিল্পী তন্ময় শইকীয়া আৰু মমী তালুকদাৰে।