বিশেষ বাৰ্তা, ১৭ জানুৱাৰী : অসম চৰকাৰৰ ২০২৬ বর্ষৰ শিল্পী বঁটাৰ বাবে বিশিষ্ট সংগীত শিল্পী প্রয়াত সমৰ হাজৰিকা (মৰণোত্তৰভাৱে) আৰু ধনদা পাঠকক মনোনীত কৰা হৈছে৷ অহা ফেব্রুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া বঁটা প্রদান অনুষ্ঠানত দুয়োগৰাকীকে শিল্পী বঁটা প্রদান কৰা হ’ব৷
লগতে বিশিষ্ট সাহিত্যিক মনেশ্বৰ দেডৰীক ২০২৫ বর্ষৰ কৃষকান্ত সন্দিকৈ স্মাৰক বঁটা, বিশিষ্ট শিক্ষাবিদ ড০ অমলেন্দু চক্রৱর্তীক ২০২৫ বর্ষৰ গোপীনাথ বৰদলৈ ৰাষ্ট্রীয় সংহতি বঁটা, বিশিষ্ট নাট্যশিল্পী কৰুণা ডেকাক ২০২৫ বর্ষৰ নটসূর্য ফণী শর্মা বঁটা, বিশিষ্ট চলচ্চিত্র নির্মাতা অৰূপ মান্নাক ২০২৫ বর্ষৰ ভবেন্দ্র নাথ শহকীয়া বঁটা আৰু অৱনী ৰঞ্জন পাঠকক ২০২৫ বর্ষৰ বিজু ফুকন বঁটাৰে সন্মানিত কৰা হ’ব৷
শিল্পী সমৰ হাজৰিকাৰ জন্ম ১৯৪৯ চনৰ ১ জুনত৷ চতুর্থ শ্রেণীত পঢ়ি থাকোঁতেই জ্যেষ্ঠ ভাতৃ প্রয়াত জয়ন্ত হাজৰিকাৰ বাদ্যযন্ত্রীৰূপে মঞ্চত কংগো বজাই নিজৰ সাংগীতিক জীৱনৰ পাতনি মেলিছিল৷ তেওঁ আছিল ভূপেন–জয়ন্তৰ সংগীত অভিযানৰ বিশ্বস্ত সহযোগী৷ ছাত্র অৱস্থাৰে পৰা আকাশবাণীৰ ‘চেমনীয়া চ’ৰা’ অনুষ্ঠান আৰু ১৯৮৭ চনৰ পৰা তেওঁ আকাশবাণী গুৱাহাটী আৰু গুৱাহাটী দূৰদর্শন কেন্দ্রৰ স্বীকৃতিপ্রাপ্ত শিল্পী৷
বিশিষ্ট লোকশিল্পী ধনদা পাঠকৰ জন্ম ১৯৫৩ চনৰ ১ মার্চত৷ বিদ্যালয়ত পঢ়ি থকা কালৰে পৰা গীত গাবলৈ আৰম্ভ কৰা শিল্পীগৰাকীয়ে ১৯৭৩ চনত কামৰূপী আৰু গোৱালপৰীয়া লোকগীতৰ শিল্পীৰূপে স্বীকৃতি লাভ কৰে৷ দেশে–বিদেশে লোকগীত পৰিৱেশন কৰা শিল্পীগৰাকীয়ে ১০০ৰো অধিক কেছেটত কণ্ঠদান কৰিছে৷
১৯৪২ চনৰ ২৮ আগষ্টত জন্মগ্রহণ কৰা মনেশ্বৰ দেউৰীয়ে ১৯৫৮ চনৰে পৰা বিভিন্ন কাকত–আলোচনীত কবিতা, প্রবন্ধ লিখাৰ লগতে প্রায় একুৰি গ্রন্থ ৰচনা আৰু বহু গ্রন্থ সম্পাদনাও কৰিছে৷ ৰবীন্দ্র নাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ প্রতিষ্ঠাপক উপাচার্য ড০ অমলেন্দু ভট্টাচার্যই বর্তমানলৈকে প্রায় ৬০ গৱেষণামূলক প্রবন্ধ আৰু তিনিখন গ্রন্থ ৰচনা কৰাৰ লগেত ১১খনৰো অধিক গ্রন্থ সম্পাদনা কৰিছে৷ ১৯৫০ চনত জন্মগ্রহণ কৰা কৰুণা ডেকাই বিভিন্ন নাট্যগোষ্ঠী, আকাশবাণী আৰু দূৰদর্শনৰ বাবে নাটক পৰিচালনা কৰাৰ লগতে প্রায় এশখন পুথি ৰচনা কৰিছে৷
ৰাষ্ট্রীয় স্বীকৃতিপ্রাপ্ত চলচ্চিত্র নির্মাতা অৰূপ মান্নাই আইদেউ, অধ্যায়, আৰোহী, অনন্য আৰু আমৃত্যু আদি কথাছবি নির্মাণ কৰি ৰাষ্ট্রীয় আৰু ৰাজ্যিক চলচ্চিত্রৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে৷ আকাশবাণী গুৱাহাটী কেন্দ্রৰ সঞ্চালকৰূপে অৱসৰ গ্রহণ কৰা অৱনী ৰঞ্জন পাঠকে চলচ্চিত্র, তথ্যচিত্র, ধাৰাবাহিক আৰু কেছেটৰ সংগীত পৰিচালনা কৰাৰ উপৰি চলচ্চিত্র পৰিচালনা আৰু চিত্রনাট্য ৰচনা কৰিছে৷ তেওঁ কেইবাখনো উপন্যাস, কবিতাপুথি আৰু ভ্রমণ কাহিনীৰো লেখক৷ সাংস্কৃতিক বিভাগে ২০২৫–২৬ বিত্তীয় বর্ষৰ বাবে ৩৮গৰাকী নিয়মীয়া শিল্পীৰ পেন্সন, ১৭০গৰাকীক বার্ষিক শিল্পী পেন্সন, ২৬গৰাকীক নিয়মীয়া পৰিয়াল পেন্সন আৰু ৫গৰাকী মৃত শিল্পীৰ পৰিয়াললৈ এককালীন বিশেষ আর্থিক সাহায্য আগবঢ়াইছে৷ তদুপৰি তিনিগৰাকী দিব্যাংগ শিল্পীক নিয়মীয়া শিল্পী পেন্সন আৰু আন ৩গৰাকী দিব্যাংগ ব্যক্তিক বার্ষিক শিল্পী সন্মান আগবঢ়োৱা হৈছে৷