দুলীয়াজান কলেজত ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱ ২০২৫–২৬
অহা ২৮ জানুৱাৰী পৰা ৩১ জানুৱাৰীলৈ দুলীয়াজান মহাবিদ্যালয়ৰ আতিথ্যত ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্ত:মহাবিদ্যালয় যুৱ মহোৎসৱ ২০২৫–২৬ আয়োজন কৰা হৈছে। জুবিন গাৰ্গ সমন্বয় ক্ষেত্ৰ নামেৰে নামাকৰণ কৰা দুলীয়াজান মহাবিদ্যালয়ৰ মহোৎসৱথলীত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তগৰ্ত ৭০ খন মহাবিদ্যালয়ৰ পৰা শিক্ষক-তত্বাৱধায়ক তথা ছাত্ৰ-ছাত্ৰীকে ধৰি প্ৰায় ২৫০০ গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব।
মূলতঃ সাহিত্য আৰু সাংস্কৃতিক বিভাগত অনুষ্ঠিত হ’বলগীয়া পঞ্চাশটা বিভিন্ন শিতানৰ প্ৰতিযোগিতাত প্ৰায় ১৬০০গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব। বিভিন্ন বৰেণ্য ব্যক্তিৰ সোঁৱৰণীৰ সাতখনকৈ মঞ্চত উক্ত প্ৰতিযোগিতা সমূহ অনুষ্ঠিত হ’ব।
দুলীয়াজান মহাবিদ্যালয়ত অনুষ্ঠিত এক সংবাদমেলৰ জৰিয়তে এই কথা সদৰী কৰিছে দুলীয়াজান মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ লোকবিকাশ গগৈ, সহযোগী অধ্যাপকদ্বয় মৃন্ময় কুমাৰ বৰুৱা, ডঃ জিতুমণি বড়া আৰু মহাবিদ্যালয়ৰ মিডিয়া কোষৰ সমন্বয়ক ফুলজ্যোতি শইকীয়াই।
মহোৎসৱৰ কাৰ্যসূচী অনুসৰি অহা ২৭ জানুৱাৰী বিয়লি পৰা প্ৰতিযোগীসকলৰ নাম পঞ্জীয়ন হ’ব। বিয়লি ৩ বজাত ছাত্ৰী প্ৰতিনিধি শিৱিৰ উদ্বোধন কৰিব অসম গেচ কোম্পানীৰ মহাপ্ৰৱন্ধক ধীমন্ত বৰ্মনে। বিয়লি ৪ বজাত ছাত্ৰ প্ৰতিনিধি শিৱিৰ উদ্বোধন কৰিব অইল ইণ্ডিয়া লিমিটেডৰ জনপৰিক্ৰমা বিভাগৰ মুখ্য মহাপ্ৰৱন্ধক দিগন্ত কুমাৰ বৰা-ই । সন্ধিয়া ৭ বজাত খাদ্য মণ্ডপ মুকলি কৰিব অসম গেচ কোম্পানীৰ পৰিচালন সঞ্চালক গকুল চন্দ্ৰ স্বৰ্গীয়াৰীয়ে।
২৮ জানুৱাৰীৰ পুৱা ৮.৩০ বজাত মহোৎসৱৰ মূল তোৰণ উন্মোচন কৰিব বিধায়ক তেৰছ গোৱালাই। ইয়াৰ পাছতে বিশ্ববিদ্যালয়ৰ পতাকা উত্তোলন কৰিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডঃ পৰমানন্দ সোণোৱালে।
ক্ৰীড়া পৰিষদৰ পতাকা উত্তোলন কৰিব আন্তঃমহাবিদ্যালয়ৰ যুৱ মহোৎসৱ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ পৰিষদৰ তথা সাংস্কৃতিক সমন্বয়ক, ডীন ডঃ সুৰজিৎ বৰকটকীয়ে। আয়োজক মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰিব মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ লোকবিকাশ গগৈয়ে। অংশগ্ৰহণকাৰী মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰিব নিৰ্দিষ্ট মহাবিদ্যালয়ৰ অধ্যক্ষ তথা তত্বাৱধায়কসকলে।
পুৱা ৯ বজাত স্মৃতি তৰ্পণ কৰিব দুলীয়াজান মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কৰ্ণধাৰ সমিতিৰ সদস্য আদিত্য গোস্বামীয়ে। গ্ৰন্থ বিপণী উন্মোচন কৰিব দুলীয়াজান সম জিলাৰ আয়ুক্ত অংকুৰ দাসে । পূৰ্ণকান্ত হাজৰিকা সোঁৱৰণী মূল মঞ্চ উদ্বোধন কৰিব তেওঁৰ সহধৰ্মিণী অৰুণা হাজৰিকাই। উদ্বোধনী অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰিব মহাবিদ্যালয় সমূহৰ পৰিদৰ্শক ডঃ ৰূপম শইকীয়াই। উদযাপন সমিতিৰ সভাপতি নৰেন চাংমাইৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগীয়া সভাত আদৰণি ভাষণ আগবঢ়াব ডঃ সুৰজিৎ বৰকটকীয়ে।
উক্ত সভাত ড° লোক বিকাশ গগৈ, মুখ্য অতিথি ড° জিতেন হাজৰিকা, ডিব্রুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, স্মৃতি গ্রন্থ উন্মোচক শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগু, বিশিষ্ট অতিথি মন্ত্ৰী বিমল বড়া, প্রশান্ত ফুকন, সাংসদ ৰামেশ্বৰ তেলী, অসম গেচ কোম্পানী লিমিটেডৰ অধ্যক্ষ তথা শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়া, দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা, অইলৰ মুখ্য আবাসীক বিষয়া বিনয়ানন্দ ভৰালী, নামৰূপৰ অসম পেট্র’কেমিকেলচ লিমিটেডৰ অধ্যক্ষ বিকুল ডেকা, অসম গেচ কোম্পানী লিমিটেডৰ পৰিচালন সঞ্চালক গকুল চন্দ্ৰ স্বৰ্গীয়াৰী, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° পৰমানন্দ সোনোৱাল, সদৌ অসম ছাত্র সন্থাৰ সভাপতি উৎপল শর্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন উপস্থিত থাকিব।
দিনৰ ১১.৩০ বজাত বীৰেণ চুতীয়া সোঁৱৰণী মঞ্চ মুকলি আৰু প্ৰতিযোগিতা শুভাৰম্ভ কৰিব অইলৰ পৰিবহণ বিভাগৰ মুখ্য মহাপ্ৰৱন্ধক দেৱাশিষ বৰাই।
দিনৰ ১১.৪৫ বজাত জ্যোতি প্রসাদ চেতিয়া সোঁৱৰণী মঞ্চ মুকলি আৰু প্ৰতিযোগিতা শুভাৰম্ভ কৰিব দুলীয়াজান মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত সহযোগী অধ্যাপক ড° হিতেশ বৰদলৈয়ে।
দিনৰ ১২.০০ বজাত দীপক গগৈ সোঁৱৰণী মঞ্চ মুকলি আৰু প্রতিযোগিতা শুভাৰম্ভ কৰিব দুলীয়াজান মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত উপাধ্যক্ষ অমিয় খনিকৰে।
দিনৰ ১২.১৫ বজাত কে বি কানুগা সোঁৱৰণী মঞ্চ মুকলি আৰু প্ৰতিযোগিতা শুভাৰম্ভ কৰিব দুলীয়াজান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ প্ৰভাত ফুকনে। বিয়লি ৫.০০ বজাত একাংকিকা নাট প্রতিযোগিতা উদ্বোধন কৰিব দুলীয়াজান সাহিত্য সভাৰ সভাপতি ড° অজিৎ শইকীয়াই । অহা ২৯ জানুৱাৰী পুৱা ৯.০০ বজাত বিভিন্ন শিতানৰ প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ’ব।
পুনৰ বিয়লি ৫.০০ বজাত একাংকিকা নাট প্রতিযোগিতা উদ্বোধন কৰিব আউনিআটি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° প্রকাশজ্যোতি বৰঠাকুৰে। অহা ৩০ জানুৱাৰী পুৱা ৯.০০ বজাত বিভিন্ন শিতানৰ প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ’ব। বিয়লি ৫.০০ বজাত একাংকিকা নাট প্রতিযোগিতা উদ্বোধন কৰিব অসম গেচ কোম্পানীৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈয়ে।
মহোৎসৱৰ অন্তিম দিনা অৰ্থাৎ ৩১ জানুৱাৰী পুৱা ৯.০০ বজাত অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক শোভাযাত্রা প্রতিযোগিতা উদ্বোধন কৰিব অসমীয়া চলচ্চিত্ৰ পৰিচালক তথা বিশিষ্ট অভিনেতা যদুমণি দত্তই। ইয়াৰ পাছতে দিনৰ ১২.০০ বজাত অনুষ্ঠিত হ’বলগীয়া বঁটা বিতৰণী আৰু সামৰণি অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে।
বিশেষ অতিথিৰূপে উপস্থিত থাকিব নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ, সন্মানীয় অতিথি ৰূপে অইলৰ কাৰ্যবাহী সঞ্চালক মাধুৰ্য বৰুৱা, অতিথিৰূপে অসম কলেজ অধ্যক্ষ পৰিষদৰ সভাপতি ড° ধর্মেন্দ্র নাথ, অসম কলেজ শিক্ষক সংস্থাৰ সভাপতি ড° বিপুল চক্ৰৱৰ্তী, অসম কলেজ কৰ্মচাৰী সংস্থা আৰু অসম কলেজ গ্রন্থগাৰীক সংস্থাৰ সভাপতি, সম্পাদক লগতে ডিব্ৰুগড় জিলাৰ মহাবিদ্যালয়সমূহৰ সমূহ অধ্যক্ষ উপস্থিত থাকিব।
ইতিমধ্যে যুৱ মহোৎসৱৰ চাৰিদিনীয়া কাৰ্যসূচী সুচাৰুভাৱে সম্পাদন কৰিবলৈ নৰেন চাংমাইক সভাপতি, সাধাৰণ সম্পাদক ডঃ লোকবিকাশ গগৈ, কাৰ্যকৰী সভাপতি ডঃ হেমন্ত দাস, সাংস্কৃতিক সম্পাদক মৃন্ময় কুমাৰ বৰুৱা আৰু বিত্ত সম্পাদক তপন দত্তক লৈ ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱ উদযাপন সমিতি গঠন কৰা হৈছে।
নিয়মীয়া বাৰ্তা, দুলীয়াজান, ১৭ জানুৱাৰী