ডিজিটেল ডেস্ক, ১৭ জানুৱাৰী : দুদিনীয়া কার্যসূচীৰে উন্নয়নৰ বার্তা লৈ আজি পুনৰ অসমলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্র মোদী ৷ ১৭ জানুৱাৰীৰ সন্ধিয়া প্রায় ৫ বজাত গুৱাহাটী বিমানবন্দৰত অৱতৰণ কৰিবলগীয়া প্রধানমন্ত্রীগৰাকীৰ আগমনতেই অসমৰ বাগৰুম্বাই ৰচিব ইতিহাস৷ সমান্তৰালভাৱে কাজিৰঙাৰ এলিভেটেড কৰিড’ৰৰ আধাৰশিলা স্থাপন কৰি প্রধানমন্ত্রীগৰাকীয়ে ত্বৰান্বিত কৰিব ৰাজ্যখনৰ উন্নয়ন৷
প্রধানমন্ত্রীৰ আগমনক কেন্দ্র কৰি সৰুসজাই ষ্টেডিয়াম আৰু কলিয়াবৰৰ মৌচন্দা পথাৰত নৰেন্দ্র মোদীক আদৰাৰ চলিছে ব্যাপক যো–জা৷ উল্লেখ্য যে আজি বিয়লি ভাগত উপস্থিত হ’ব লগা প্রধানমন্ত্রী মোদীয়ে সৰুসজাইৰ ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্পত বড়ো জনগোষ্ঠীৰ চহকী ঐতিহ্যক বিশ্বদৰবাৰত স্থাপন কৰাৰ লক্ষ্যৰে সাংস্কৃতিক অনুষ্ঠান বাগৰুম্বা দহৌ ২০২৬ত অংশগ্রহণ কৰিব৷ এই বিশাল অনুষ্ঠানত বড়ো সম্প্রদায়ৰ ১০ হাজাৰৰো অধিক শিল্পীয়ে একক–সমন্বিতভাৱেই বাগৰুম্বা নৃত্য প্রদর্শন কৰিব৷ ৰাজ্যখনৰ ২৩খন জিলাৰ ৮১টা বিধানসভা সমষ্টিৰ শিল্পীয়ে অংশগ্রহণ কৰিব লগা এই অনুষ্ঠান প্রধানমন্ত্রী মোদীৰ লগতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মায়ো উপভোগ কৰিব৷
ইয়াৰ পূর্বে বিহু বিনন্দীয়া আৰু ঝুমইৰ বিনন্দিনী অনুষ্ঠানৰ জৰিয়তে অসমৰ বিহু আৰু ঝুমইৰক বিশ্ব দৰবাৰত স্থাপন কৰা হৈছিল৷ একে লক্ষ্যৰেই আজি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ উপস্থিতিত ১০ হাজাৰ বড়ো শিল্পীয়ে ৰজনজনাই তুলিব ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্প৷
বাগৰুম্বা নৃত্যৰ অনুষ্ঠানৰ পিছতেই প্রধানমন্ত্রী মোদীয়ে আজি নিশা গুৱাহাটীতে কটাব৷ দেওবাৰে প্রধানমন্ত্রী মোদী উৰা মাৰিব কলিয়াবৰলৈ৷ কলিয়াবৰত প্রধানমন্ত্রীয়ে ৬৯৫০ কোটি টকা ব্যয়েৰে নির্মাণ হ’ব লগা কাজিৰঙা এলিভেটেড কৰিড’ৰৰ ভূমিপূজন সম্পন্ন কৰিব৷ ৩৫ কিলোমিটাৰ দৈর্ঘ্যৰ কাজিৰঙা এলিভেটেড কৰিড’ৰ প্রকল্প হৈছে পৰিৱেশ সচেতন ৰাষ্ট্রীয় ঘাই প্রকল্প৷ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ মাজেৰে পাৰ হ’বলগীয়া এই পথছোৱাৰ ২১ কিলোমিটাৰ বাইপাছৰ অংশ হ’ব আৰু ৭১৫নং ৰাষ্ট্রীয় ঘাইপথটো দুটা লেনৰ পৰা চাৰিটা লেনলৈ বহল কৰা হ’ব৷ এই প্রকল্পৰ মূল লক্ষ্য হৈছে– ৰাষ্ট্রীয় উদ্যানৰ জৈৱ–বৈচিত্র্যক সুৰক্ষিত কৰা৷ এই কৰিড’ৰৰ জৰিয়তে ৰাষ্ট্রীয় উদ্যানখনত হৈ থকা মানুহ–বন্যপ্রাণীৰ সংঘাত হ্রাস কৰাৰ লগতে যাত্রাপথৰো সময় যথেষ্ট হ্রাস কৰিব৷
এই কার্যসূচীৰ পিছতেই ১৮ জানুৱাৰীত প্রধানমন্ত্রীগৰাকীয়ে দুখন অমৃত ভাৰত এক্সপ্রেছৰো ফ্লেগ অফ কৰিব৷ ইয়াৰে প্রথমখন হ’ল গুৱাহাটী (কামাখ্যা)–ৰোহটক অমৃত ভাৰত এক্সপ্রেছ আৰু দ্বিতীয়খন হ’ল ডিব্রুগড়–লক্ষ্ণৌ (গোমটী নগৰ)ৰ মাজত চলাচল কৰিবলগীয়া৷ প্রধানমন্ত্রীগৰাকীয়ে দেওবাৰে কলিয়াবৰৰ মৌচন্দা খেলপথাৰত সম্বোধন কৰিব এখন বিশাল ৰাজহুৱা সভা৷ এই সভাৰ পিছতেই বিয়লি দিল্লীলৈ উভতিব প্রধানমন্ত্রী মোদী৷