অসমত ক’ৰোনা আক্ৰান্তই য’তে-ত’তে পেলাইছে থু
নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ অসমত বৰ্তমানলৈকে ক’ৰোনা আক্ৰান্ত হৈছে ২০জনকৈ লোক। এই ৰোগ সংক্ৰমণ ৰোধ কৰিবলৈ চৰকাৰে যৎপৰোন্নতি চেষ্টা অব্যাহত ৰখাৰ সময়তে স্বাস্থ্য মন্ত্ৰীয়ে দিলে এক ভয়ানক তথ্য। অসমত আটাইকেইজন ৰোগীকে আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে। কিন্তু আক্ৰান্ত ৰোগীসকলে য’তে-ত’তে থু-খেকাৰ পেলোৱাৰ ফলত অন্য কোনো লোক আক্ৰান্ত হোৱাৰ আশংকা কৰা হৈছে।
গোলাঘাটত হাস্পতালত আছুতীয়াকৈ ৰখা একাংশ ৰোগীয়ে ওপৰ মহলাৰ পৰা থু তললৈ পেলোৱাৰ ফলত গৰ্ভৱতী মহিলাকে ধৰি বয়োজ্যেষ্ঠ কোনো লোক আক্ৰান্ত হ’ব পাৰে বুলি মন্তব্য কৰে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে। এনেকুৱা কাৰ্যৰ পৰা আঁতৰি থাকি সকলোকে সহযোগ কৰাৰ আহ্বান জনালে মন্ত্ৰী ড০ শৰ্মাই।