২১ বছৰীয়া কেৰিয়াৰৰ সামৰণি : ভাৰতীয় ক্রীড়াৰ এক বর্ণিল অধ্যায়ৰ সমাপ্তি
সমাপ্তি ঘটিল ভাৰতীয় ক্রীড়া জগতৰ এক বর্ণিল তথা গৌৰৱময় অধ্যায়ৰ৷ পুলেল্লা গোপীচান্দৰ পিছত ভাৰতীয় বেডমিণ্টনক এক নতুন মাত্রা প্রদান কৰা ছাইনা নেহৱালক হাতত ৰেকেট লৈ আৰু ক’ৰ্টত দেখা পোৱা নাযাব৷
দীর্ঘদিন ধৰি আঁঠুৰ আঘাতৰ সৈতে যুঁজি থকাৰ পিছত অৱশেষত ক্রীড়া জগতক বিদায় জনালে তাৰকা খেলুৱৈগৰাকীয়ে৷ ২০২৩ চনত নিজৰ কেৰিয়াৰৰ অন্তিমখন মেচ খেলিছিল ছাহনাই। তেতিয়াৰ পৰাই তাৰকাগৰাকী ক’ৰ্টৰ পৰা আঁতৰি আছিল৷ বর্তমানৰ শাৰীৰিক অৱস্থাৰ প্রতি লক্ষ্য ৰাখি তেওঁ এই গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰিছে৷
শেহতীয়াকৈ এক পডকাষ্টত নিজৰ অৱসৰৰ কথা উল্লেখ কৰি ৩৫বছৰীয়া খেলুৱৈগৰাকীয়ে কয় যে তেওঁৰ শৰীৰে এতিয়া আৰু পূর্বৰ দৰে সঁহাৰি নিদিয়ে৷ বিশেষকৈ আঁঠুৰ গুৰুতৰ আঘাতৰ বাবে উচ্চ পর্যায়ৰ প্রশিক্ষণ অব্যাহত ৰখাটো তেওঁৰ বাবে অসম্ভৱ হৈ পৰিছে৷
এই পডকাষ্টতে তেওঁ স্পষ্টকৈ কয়, মই মোৰ চর্তত খেলিবলৈ আৰম্ভ কৰিছিলোঁ আৰু এতিয়া মোৰ চর্ততেহ বিদায় লৈছোঁ৷ গতিকে সুকীয়াকৈ অৱসৰ ঘোষণা কৰাৰ কোনো প্রয়োজন নাই৷ ছাইনাৰ অৱসৰৰ লগে লগে সামৰণি পৰিল ভাৰতীয় বেডমিণ্টনৰ এক স্বর্ণিল সময়ৰ৷
নিজা সাফল্যৰে ভাৰতীয় বেডমিণ্টনক বিশ্বৰ বুকুত এক বিশেষ স্থানলৈ তুলি নিছিল ছাইনা নেহৱালে৷ ২০১২ চনৰ লণ্ডন অলিম্পিকত ব্রঞ্জৰ পদক জয় কৰি তেওঁ দেশক গৌৰৱান্বিত কৰি তোলে৷ ইয়াৰ লগে লগে অলিম্পিকৰ ইতিহাসত বেডমিণ্টনত পদক জয় কৰা প্রথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে তেওঁ ইতিহাস ৰচনা কৰে৷
অলিম্পিকৰ উপৰিও তেওঁ ৭টা ডাঙৰ ইভেণ্টত মুঠ ১৮টা পদক জয় কৰিছে৷ কমনৱেলথ গেমছত ৩টা স্বর্ণসহ মুঠ ৫টা পদক, বিশ্ব চেম্পিয়নশ্বিপত এটা ৰূপ আৰু এটা ব্রঞ্জ, এছিয়ান গেমছত ২টা ব্রঞ্জ, এছিয়ান চেম্পিয়নশ্বিপত ৩টা ব্রঞ্জৰ পদক জয় কৰে ছাহনাহ৷ লগতে জুনিয়ৰ ৱর্ল্ড চেম্পিয়নশ্বিপ এটা ৰূপ আৰু এটা ব্রঞ্জ, উবেৰ কাপত ২টা ব্রঞ্জৰ পদক জয় কৰে তাৰকাগৰাকীয়ে৷
ধাৰাবাহিক সাফল্যৰে ২০১৫ চনত বিশ্ব ৰেংকিঙৰ শীর্ষস্থান দখল কৰিছিল ছাহনাই৷ ভাৰতীয় ক্রীড়াৰ প্রতি তেওঁৰ অৱদানৰ চিন স্বৰূপে দেশৰ কেইবাটাও সর্বোচ্চ ক্রীড়া আৰু অসামৰিক সন্মানেৰে বিভূষিত কৰা হৈছে৷ তেওঁ ২০০৯ চনত অর্জুন বঁটা, ২০১০ চনত মেজৰ ধ্যানচান্দ খেলৰত্ন আৰু পদ্মশ্রী তথা ২০১৬ চনত পদ্মভূষণ সন্মানেৰে সন্মানিত হয়৷
ডিজিটেল ডেস্ক, ২১ জানুৱাৰী