সম্পাদকীয় : ভোগালীৰ ভৱিষ্যৎ
অসমীয়াৰ কৃষিভিত্তিক সমাজ জীৱনৰ এক গভীৰ সাংস্কৃতিক প্রকাশ ভোগালী বিহু কেৱল উৎসৱৰ আনন্দ বা খাদ্য–ভোজৰ মাজতেই সীমাবদ্ধ নহয়, ইয়াত নিহিত আছে ঋতুচক্রৰ সচেতনতা, পৰিৱেশৰ সৈতে মানৱ সমাজৰ সহাৱস্থান, শ্রমৰ মর্যাদা, সামূহিক শ্রম–সংস্কৃতি, খাদ্য–ঐতিহ্য আৰু সামাজিক সংহতিৰ দর্শন৷
কিন্তু আধুনিক বিশ্বত সাংস্কৃতিক পর্যটন, সৃজনশীল অর্থনীতি আৰু পৰিচয়ভিত্তিক ব্রেণ্ডিং আদি উপাদানবোৰে একেলগে গুৰুত্ব লাভ কৰা দিশটোলৈ চাই ভাবিব পাৰি যে ভোগালী বিহুক ঐতিহ্যৰ উৎসৱ হিচাপে উদ্যাপন কৰাৰ লগতে আন্তঃৰাষ্ট্রীয় পর্যটন আৰু সংস্কৃতিৰ পেছাদাৰী মঞ্চ হিচাপে পুনৰ চিন্তা কৰাৰ সময় আহি পৰিছে৷
বিশ্বৰ বিভিন্ন দেশত স্থানীয় উৎসৱসমূহে সুসংগঠিত ৰূপেৰে অর্থনৈতিক পৰিৱেশলৈ উত্তৰণ ঘটোৱাৰ বহু উদাহৰণ আছে৷ জাপানৰ ছাপোৰো স্নো ফেষ্টিভেল প্রথমতে এটি স্থানীয় সমাজভিত্তিক উৎসৱ আছিল যদিও বর্তমান ই লক্ষ লক্ষ পর্যটক আকর্ষণ কৰা এক বৃহৎ পর্যটন অর্থনীতিৰ অংশ৷
থাইলেণ্ডৰ চিয়াং মাইৰ ‘ই পেং লেণ্টার্ন ফেষ্টিভেল’ ধর্মীয় আচাৰৰ পৰা বিশ্বব্যাপী সাংস্কৃতিক পর্যটনৰ পৰিচিত ব্রেণ্ডলৈ উত্তৰণ লাভ কৰিছে৷ জার্মানীৰ অক্টোবৰ ফেষ্ট খাদ্য–ঐতিহ্য, আঞ্চলিক পৰিচয় আৰু বৃহৎ পৰিসৰৰ পর্যটন ব্যৱস্থাপনাৰ এক শক্তিশালী উদাহৰণ৷
ভাৰতীয় প্রেক্ষাপটত ৰাজস্থানৰ পুষ্কৰ ডট মেলা আৰু উত্তৰ–পূর্বাঞ্চলৰ নাগালেণ্ডৰ হর্ণবিল উৎসৱ বিশেষভাৱে ডল্লেখযোগ্য৷ এইবোৰে স্থানীয় সংস্কৃতিক বিশ্ব মঞ্চলৈ লৈ গৈছে যদিও মৌলিকতা আৰু বাণিজ্যিকীকৰণৰ মাজত সমন্বয়ৰ প্রশ্ন সদায়েই আলোচিত হৈ আছে৷
তুলনামূলক অধ্যয়নে দেখুৱায় যে দীর্ঘম্যাদী পৰিকল্পনা, পেছাদাৰী ব্যৱস্থাপনা, স্থানীয় অংশীদাৰিত্ব আৰু শক্তিশালী ব্রেণ্ডিং থাকিলে যিকোনো উৎসৱেই অর্থনৈতিক ক্ষেত্র এখন লাভ কৰিব পাৰে৷ এই দৃষ্টিকোণৰ পৰা ভোগালী বিহুক এটি বহুতৰপীয়া উদ্যাপন হিচাপে কল্পনা কৰিব পাৰি, য’ত সমাজ, সংস্কৃতি, ব্যৱসায় আৰু জ্ঞান একে সময়তে সংগবদ্ধ হৈ আগবাঢ়ে৷
ভোগালী বিহুক লৈ কৰা এনে পৰিকল্পনাৰ প্রথম স্তৰৰ অংশগ্রহণকাৰীসকলে হ’ব স্থানীয় সমাজভিত্তিক উৎপাদক আৰু সৃষ্টিশীল কর্মীসকল–কৃষক, মাছমৰা, খাদ্য প্রস্তুতকাৰী, বাঁহশিল্পী, হস্তশিল্পী, লোকশিল্পী, আতিথেয়তা আৰু পৰিবহণ সেৱা প্রদানকাৰীসকল৷ দক্ষতা প্রমাণীকৰণ আৰু গুণগত মান নিয়ন্ত্রণ ব্যৱস্থাই এই স্তৰটোক সামাজিকভাৱে গ্রহণযোগ্য আৰু ন্যায্য আয়ভিত্তিক কৰি তুলিব পাৰে৷ এই স্তৰটোতেই ভোগালী বিহুৰ প্রামাণিকতা আৰু সামাজিক বিশ্বাসযোগ্যতা অটুট থাকিব৷
দ্বিতীয় স্তৰটো হ’ল– অভিজ্ঞতা অর্থনীতি৷ গাঁওভিত্তিক পর্যটন পথ, পৰম্পৰাগত খাদ্য অভিজ্ঞতা, পৰম্পৰাগত খেল–ধেমালি, বাঁহ–বেত শিল্প কর্মশালা, লোককথা আৰু ঐতিহ্য ব্যাখ্যা, পৰিৱেশ ভ্রমণ আদি কার্যসূচীসমূহ ডিজিটেলভাৱে বুকিংযোগ্য ৰূপত বিকশিত কৰিব পাৰি৷ বহু ভাষাত আগবঢ়োৱা ব্যাখ্যা, ডিজিটেল তথ্যভাণ্ডাৰ আৰু দর্শকৰ মতামত ব্যৱস্থাপনাৰ দৰে সহযোগ এইক্ষেত্রত গুৰুত্বপূর্ণ৷
জৈৱিক খাদ্য সামগ্রী, স্থানীয় চাউল, পৰম্পৰাগত জলপান, হস্তশিল্প সামগ্রী, স্মাৰক সামগ্রী আদিক ব্রেণ্ডিং কৰি ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় বজাৰত স্থান দিব পাৰি৷ হয়াত পেকেজিং ডিজাইন, মান নিয়ন্ত্রণ, ৰপ্তানি মান আৰু বৌদ্ধিক সম্পত্তি সুৰক্ষা প্রয়োজনীয়৷ এইটো হ’ব তৃতীয় স্তৰ৷ চতুর্থ স্তৰটো হ’ল– জ্ঞান আৰু ডদ্ভাৱন ক্ষেত্র৷ খাদ্য ঐতিহ্যবিষয়ক সন্মিলন, আধুনিক কৃষি আলোচনা, চলচ্চিত্র প্রদর্শনী, গৱেষণা কর্মশালা আদি কার্যসূচীৰ জৰিয়তে ভোগালী বিহুক ঋতুভিত্তিক উৎসৱৰ পৰা বছৰজুৰি চলি থাকিব পৰা বৌদ্ধিক আৰু অর্থনৈতিক কেন্দ্রলৈ ৰূপান্তৰিত কৰিব পাৰে৷
পর্যটকৰ বহনক্ষমতা, পৰিৱেশ সুৰক্ষা, স্থানীয় সমাজৰ সন্মতি আৰু আয় বিতৰণৰ স্বচ্ছতা নিশ্চিত কৰিলেহে এই স্তৰৰ বিকাশ সম্ভৱ হ’ব৷ সংবেদনশীল পৰিকল্পনা, ৰাজনৈতিক সদিচ্ছা আৰু সমাজভিত্তিক অংশগ্রহণেৰে ভোগালী বিহুক আন্তঃৰাষ্ট্রীয় ব্রেণ্ডিং আৰু সাংস্কৃতিক কূটনীতিৰ কৌশল শক্তিশালী কৰিব পাৰিলেহে এই বিহু অসমৰ সাংস্কৃতিক চিন্তা আৰু বিশ্বসংযোগৰ এক শক্তিশালী মঞ্চ হৈ উঠিব পাৰে৷