দেশৰ ৭৭ সংখ্যক গণৰাজ্য দিৱসলৈ মাজত মাথোঁ দুটা দিন বাকী। তেনে সময়তে দেশৰ আন আন প্ৰান্তৰ সমান্তৰালকৈ জোনাইতো জোনাই সম-জিলা প্ৰশাসনে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ব্যাপক প্ৰস্তুতি চলাই নিয়া দেখিবলৈ পোৱা গৈছে।
ইফালে, ৭৭সংখ্যক গণৰাজ্য দিৱসত জোনাই সম-জিলাৰ অন্তৰ্গত ১৫খন বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীকে ধৰি আৰক্ষীৰ এটা দলে কুচকাৱাজ প্ৰদৰ্শন কৰিব বুলি জানিবলৈ দিয়ে। ইয়াৰ উপৰি এই গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ দিনা জোনাইৰ বিভিন্ন শিক্ষানুষ্ঠান-অনুষ্ঠানৰ ছাত্র-ছাত্ৰীৰ দ্বাৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰা হ’ব বুলি জানিবলৈ দিয়ে।
নিয়মীয়া বাৰ্তা, জোনাই, ২৩ জানুৱাৰী :