নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মজয়ন্তী উদযাপন

ধুবুৰীৰ নেতাজী জন্মজয়ন্তী উদযাপন কেন্দ্ৰীয় কমিটীৰ উদ্যোগত আজি চহৰখনৰ পাঁচমোৰস্থিত  নেতাজী উদ্যানত বিভিন্ন কাৰ্যসূচীৰে নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৯তম জন্মজয়ন্তী পালন কৰা হ’য়।

আজি পুৱা জাতীয় পতাকা উত্তোলন আৰু নেতাজীৰ সম্পূৰ্ণ অৱয়বৰ প্ৰতিমূৰ্তিত মাল্যদানেৰে নেতাজী জন্মজয়ন্তীৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। তাৰ পাছতে দুপৰীয়া ১২.১৫ বজাত নেতাজীৰ জন্মমূহুৰ্ত শংখধ্বনি আৰু আৰক্ষীৰ আটকধুনীয়া বেণ্ডবাদনেৰে ঘোষণা কৰা হয়। তাৰ পিছত অনুষ্ঠিত হয় তিনিটা শাখাৰ এক চিত্ৰাংকন প্ৰতিযোগিতা। সন্ধিয়া নেতাজী উদ্যানত বন্তি প্ৰজ্বলনেৰে নেতাজী জন্মজয়ন্তী উদযাপন কেন্দ্ৰীয় কমিটীয়ে আয়োজন কৰা নেতাজীৰ জন্মজয়ন্তীৰ কাৰ্যসূচীৰ সমাপন ঘটে।

নিয়মীয়া বাৰ্তা, ধুবুৰী, ২৩ জানুৱাৰী : 
You might also like