নগাঁও আৰক্ষীয়ে এক নিৰ্দিষ্ট তথ্যৰ ভিত্তিত এজন দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। নগাঁও সদৰ থানাত ৰুজু হোৱা এক গোচৰৰ ভিত্তিত নগাঁও আৰক্ষীয়ে যোৱানিশা গুৱাহাটীৰ পৰা ডকাইতটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ডকাইতটো হ’ল নগাঁও চহৰৰ সমীপৰ মধ্য শিয়ালমাৰীৰ ৰাজ আহমেদ।
উল্লেখ্য যে চাৰি জানুৱাৰীত শিয়ালমাৰীত ঈদুল ছান নামৰ এজন লোকৰ পৰা নগদ দহ হাজাৰ টকা, এখন টম টম আৰু এটা চিলিণ্ডাৰ ৰাজ আহমেদে লুট কৰি লৈ যায়। এই সন্দৰ্ভত ভুক্তভোগী ঈদুল ছানে নগাঁও সদৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে। এই সন্দৰ্ভত আৰক্ষীয়ে নগাঁও সদৰ আৰক্ষী থানাত ভাৰতীয় ন্যায় সংহিতা আইনৰ ১২৬(২)/৩০৯(৪)/৩(৫) ধাৰাৰ অধীনত ১৫/২৬ নম্বৰত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছিল ।
এই তদন্তৰ আঁত ধৰি যোৱানিশা আৰক্ষীয়ে গুৱাহাটীত অভিযান চলাই ৰাজ আহমেদক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ৰাজ আহমেদৰ বিৰুদ্ধে ড্ৰাগছ ব্যৱসায়কে ধৰি বিভিন্ন অপৰাধমূলক ঘটনাৰ লগত জড়িত থকাৰ অভিযোগ আছে। আৰক্ষীয়ে অধিক তথ্য আহৰণৰ বাবে ৰাজ আহমেদক জেৰা অব্যাহত ৰাখিছে।