নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চামগুৰিৰ সোণাৰিবালিত চোৰাং গৰুভৰ্তি দুখন গাড়ী জব্দ, দুজনক আটক

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ আৰক্ষীয়ে আজি সোণাৰিবালি অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথত চোৰাং গৰুৰ বিৰুদ্ধে অভিযান চলাই ৬৮টাকৈ চোৰাং গৰুসহ দুখন গাড়ী জব্দ কৰাৰ লগতে দুুজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে, চামগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী পৰিদৰ্শক অৰূপ পাঠকৰ নেতৃত্বত আৰু উপ-পৰিদৰ্শক ঘনকান্ত ৰাভাৰ সহযোগত এটা আৰক্ষী দলে এক গোপন খবৰৰ ভিত্তিত সোণাৰিবালি অঞ্চলৰ ১২৭নং ৰাষ্ট্ৰীয় ঘাইপথত আজি দিনৰ ১১.২০ মান বজাত চোৰাং গৰুৰ বিৰুদ্ধে অভিযান চলায় ৷

পৰৱৰ্তী সময়ত চামগুৰি থানাৰ আৰক্ষীৰ দলটোৱে অভিযান চলাই থকাৰ সময়ত কলিয়াবৰ দিশৰ পৰা নগাঁও অভিমুখে আহি থকা এম এইচ-১২ এল টি-৯৯৭৩ নম্বৰ আৰু এ এছ-২৫ ই চি-০৩৮৩ নম্বৰৰ চোৰাং গৰুভৰ্তি কন্টেইনাৰ গাড়ী দুখন জব্দ কৰে। পৰৱৰ্তী সময়ত গাড়ী দুখনৰ পৰা আৰক্ষীৰ দলটোৱে ৬৮টা চোৰাং গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয় বুলি আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিয়ে ৷

আনহাতে আৰক্ষীৰ দলটোৱে অভিযান চলোৱাৰ সময়ত গাড়ী দুখনৰ চালক আৰু পৰিচালকে পলায়ন কৰে যদিও ৰূপহীহাট আৰক্ষী থানাৰ অধীনৰ ঔঅনাৰ আফজাৰুল ইছলাম (২৯) আৰু তেলিয়াচাপৰিৰ আনোৱাৰ হুছেইন (২৭)ক আটক কৰে বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে আজি আটক কৰা চোৰাং গৰু সৰবৰাহকাৰী দুজনক অধিক তথ্যৰ বাবে চামগুৰি আৰক্ষী থানাত জেৰা অব্যাহত ৰখাৰ লগতে গাড়ী দুখনৰ পৰা উদ্ধাৰ কৰা চোৰাং গৰুকেইটা পৰৱৰ্তী সময়ত নগাঁও বেঙেনাআটিস্থিত জ্যোতি গো-শালালৈ প্ৰেৰণ কৰে জানিবলৈ দিয়ে ৷

নিয়মীয়া বাৰ্তা, চামগুৰি, ২৮ জানুৱাৰী :

You might also like