ডিজিটেল ডেস্ক, ২৮ জানুৱাৰী : কাইলৈ পুনৰ দুদিনীয়া ভ্রমণসূচীৰে অসমলৈ আহিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে, ২৯ জানুৱাৰীত দুদিনীয়া ভ্রমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। কাইলৈ নিশাটো ডিব্ৰুগড়ত কটাব অমিত শ্বাহে।
৩০ জানুৱাৰীত ডিব্ৰুগড়ত অসম বিধানসভাৰ দ্বিতীয়টো চৌহদৰ আধাৰশিলা স্থাপন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। তদুপৰি এখন জনসভাও সম্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। ইয়াৰ পিছত ধেমাজিত মিচিং সাংস্কৃতিক মহোৎসৱত অংশগ্ৰহণ কৰিব অমিত শ্বাহে। ৩০ জানুৱাৰীত সন্ধিয়া অসম ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত ৰাজনৈতিক আলোচনাত অংশ ল’ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। ইয়াৰ পিছত নিশা ৭ বজাত গৃহমন্ত্ৰীগৰাকীয়ে পশ্চিমবংগলৈ উভতি যাব।