নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুৱালকুছিত দহ কিলোগ্ৰাম ওজনৰ বিৰল প্ৰজাতিৰ কাছ উদ্ধাৰ

বস্ত্ৰনগৰী শুৱালকুছিৰ আৰিমত্ত পুখুৰীৰ সমীপত আজি পুৱা এটা বিৰল প্ৰজাতিৰ কাছ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে ৷ শুৱালকুছি আই বি পথৰ বাসিন্দা অন্নৰাম দাসৰ বাহগৃহৰ পিছফালে উদ্ধাৰ হোৱা কাছটিৰ ওজন প্ৰায় দহ কিলোগ্ৰাম ৷

পিছত তেওঁৰ জোঁৱায়েক প্ৰকৃতিপ্ৰেমী ধীৰাজ দাসে কাছটি সংৰক্ষণ কৰি পশু চিকিৎসকৰ দ্বাৰা কাছটিৰ সকলো দিশ পৰ্যবেক্ষণ কৰি শুৱালকুছিৰ ঐতিহাসিক শ্ৰীশ্ৰীগণেশ মন্দিৰৰ সৰোবৰত এৰি দিয়ে ৷ প্ৰকৃতিপ্ৰেমীগৰাকীৰ এনে কাৰ্যৰ শলাগ লয় গণেশ মন্দিৰৰ কাৰ্যকৰ্তাসকলে ৷

বিশেষ বাৰ্তা, শুৱালকুছি, ২৮ জানুৱাৰী :

You might also like