ডিজিটেল ডেস্ক, ২৯ জানুৱাৰী : বিধানসভা নির্বাচনক লক্ষ্য কৰিয়েই পুনৰ আজি অসমত উপস্থিত হ’ব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ৷ আজি ডিব্রুগড়ত উপস্থিত হ’ব লগা কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে ৩০ জানুৱাৰীত ডিব্রুগড়ত অসম বিধানসভাৰ দ্বিতীয়টো চৌহদৰ আধাৰশিলা স্থাপন কৰিব৷
আজি নিশাটো ডিব্রুগড়ত কটাব লগা অমিত শ্বাহে ৩০ জানুৱাৰীত অসম বিধানসভাৰ দ্বিতীয়টো চৌহদৰ আধাৰশিলা স্থাপন কৰিব আৰু আন কেইবাটাও কার্যসূচীত অংশগ্রহণ কৰিব৷ ইয়াৰ পিছত গৃহমন্ত্রীগৰাকীয়ে ধেমাজিত মিচিং সাংস্কৃতিক মহোৎসৱত অংশগ্রহণ কৰি গুৱাহাটীলৈ উভতিব৷
কাইলৈ সন্ধিয়া গৃহমন্ত্রী শ্বাহে ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয় বাজপেয়ী ভৱনত ৰাজনৈতিক আলোচনাত অংশ লৈ নিশা ৭ বজাত অমিত শ্বাহ পশ্চিমবংগলৈ উভতি যাব৷ উল্লেখ্য যে বিধানসভা নির্বাচনৰ প্রাকক্ষণত অসম ভ্রমণ কৰিব লগা অমিত শ্বাহৰ এই ভ্রমণসূচীৰ মাজতে চূড়ান্ত হ’ব পাৰে বিজেপি আৰু মিত্রজোঁটৰ মাজৰ আসন ভাগ–বাটোৱাৰাৰ প্রক্রিয়া৷
বাজপেয়ী ভৱনত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, ৰাজ্যিক প্রভাৰী হৰিশ দ্বিবেদী, ৰাষ্ট্রীয় উপ–সভাপতি বৈজয়ন্ত জয় পাণ্ডা, সাংগঠনিক সম্পাদক ৰবীন্দ্র ৰাজুৰ উপস্থিতিত কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে বিজেপিৰ নির্বাচনী প্রস্তুতিৰ বিস্তৃত তথ্য লোৱাৰ লগতে মিত্রদল অগপ, বিপিএফ, ইউপিপিএলৰ সৈতে কি ধৰণৰ আসন বুজাবুজি হ’ব, সেই সম্পর্কতো কিছু চূড়ান্ত নির্দেশনা দিয়াৰ সম্ভাৱনা আছে৷ স্বাভাৱিকতে অমিত শ্বাহৰ অসম ভ্রমণ ৰাজ্যিক বিজেপিৰ বাবে যথেষ্ট গুৰুত্বপূর্ণ হিচাপে পৰিগণিত হৈছে৷