সম্পাদকীয় : ভাৰত–বাংলাদেশৰ শত্রুতা
খেল আছিল আনন্দৰ বাবে, শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে৷ কিন্তু এতিয়া খেল এক কেৰিয়াৰ৷ খেলৰ জৰিয়তে খেলুৱৈয়ে কেৰিয়াৰ গঢ় দিয়াৰ লগতে খেলে অর্থনৈতিক দিশতো ইতিবাচক প্রভাৱ পেলায়৷ যেনে–পর্যটন বৃদ্ধি, কর্মসংস্থাপন, আন্তঃগাঁথনি উন্নয়ন আৰু প্রচাৰৰ জৰিয়তে ৰাজহ সংগ্রহ৷ প্রতিযোগিতাৰ বাবে হোৱা বিনিয়োগে নতুন প্রযুক্তি উদ্ভাৱন আৰু ব্যৱসায়–বাণিজ্যৰ প্রসাৰ ঘটায়৷ ইমানবোৰ ইতিবাচক প্রভাৱৰ লগে লগে খেললৈ আহি গ’ল ৰাজনীতি৷ ৰাজনীতি অহাৰ লগে লগে খেলবোৰ খেল হৈ নাথাকি যুদ্ধলৈ ৰূপান্তৰিত হ’ল৷ খেলত হাৰিলে, জিকিলে লাজ নাথাকে, নাযায় সন্মান৷ খেল খেলেই৷ খেল এখনত হাৰিলে নিজৰ দলৰ শুধৰণিৰ লগতে আসন্ন খেলৰ বাবে নিজকে অধিক শক্তিশালীভাৱে গঢ় দিবলৈ চেষ্টা কৰে খেলুৱৈয়ে৷ কিন্তু আজিকালি কিছুমান খেল মানেই যেন এখন যুদ্ধ৷ যিখন খেলত হাৰিলে হয়তো সন্মান লাঘৱ হ’ব পাৰে৷ তেনে খেল, বিশেষকৈ পাকিস্তানৰ সৈতে খেলিলেহে ৰাইজে অনুভৱ কৰে৷ ভাৰত–পাকিস্তানৰ খেল থাকিলে যি উত্তেজনা–হুলস্থূলৰ্ সৃষ্টি হয়, সেই উত্তেজনা অন্য খেলত দেখিবলৈ পোৱা নাযায়৷ এই উত্তেজনা যেন পুনৰ অন্য এটাৰ দলৰ সৈতে খেলিলে দেখা যাব৷ সেই দলটো হ’ল বাংলাদেশ৷ পূর্বতে এই দলটোৰ সৈতে খেলিলে ইমান উত্তেজনাৰ সৃষ্টি হোৱা নাছিল, কিন্তু আগলৈ পাকিস্তানৰ দৰে বাংলাদেশৰ সৈতে খেলিলেও উত্তেজনা সৃষ্টি হ’ব৷ অলপতে হৈ যোৱা ইমার্জিং এছিয়া কাপত বাংলাদেশৰ সৌম্য সৰকাৰ আৰু ভাৰতৰ খেলুৱৈ হর্ষিত ৰাণাৰ মাজত যি বিবাদৰ সৃষ্টি হৈছিল, সেই বিবাদ আম্পায়াৰে আহি নিয়ন্ত্রণ কৰিবলগীয়া হৈছিল৷ এই বাদ–বিবাদৰ মাজতো এটা কথা ঠিক যে ভাৰত বাংলাদেশতকৈ বহু আগবাঢ়ি আছে, সেয়া লাগিলে নামতেই হওক, ট্রফীতেই হওক বা ৰেংকিঙতেই হওক৷ টেষ্টত বাংলাদেশৰ বিৰুদ্ধে এতিয়ালৈ এখনো খেলত ভাৰতৰ পৰাজয় হোৱা নাই৷ টি–২০ খেলতো মাত্র এবাৰহে জয়লাভ কৰিছে৷ এদিনীয়া ফর্মেটত ৪২খন খেলৰ ভিতৰত বাংলাদেশে মাত্র ৮বাৰহে জয়ী হৈছে৷ মুঠতে খেলপথাৰত বাংলাদেশৰ বিৰুদ্ধে ভাৰত বহুবাৰ জয়ী হৈছে৷ কিন্তু বাংলাদেশেও ভাৰতক বহুত কঠিন সময়ত হৰুৱাইছে৷
২০০৪ চনত ভাৰতৰ বিৰুদ্ধে আন্তঃৰাষ্ট্রীয় ক্রিকেটত বাংলাদেশ জয়ী হ’বলৈ সক্ষম হৈছিল৷ বাংলাদেশৰ বাবে সেই খেলখন এখন ঐতিহাসিক খেল আৰু মুহূর্ত আছিল৷ কাৰণ সেই খেলখন বাংলাদেশৰ ১০০সংখ্যক এদিনীয়া মেচ আছিল৷ যিখন মেচত ছেহৱাগ–গাংগুলী–যুৱৰাজ-ধোনীক ২১৪ ৰানতে সীমাবদ্ধ কৰি ৰাখিছিল৷ বাংলাদেশে টার্গেট দিছিল মাত্র ২২৯ ৷ ঠিক তেনেদৰে ৱেষ্ট ইণ্ডিজত গ্রুপ পর্যায়ত বাংলাদেশৰ হাতত পৰাস্ত হৈ ভাৰত বিশ্বকাপৰ পৰা বাহিৰ হ’বলগীয়া হৈছিল৷ এই খেলখনক লৈ ভাৰতৰ দলটোৱে বহু সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল৷ ইয়াৰ পিছতো বাংলাদেশ আৰু ভাৰতৰ খেল হোৱাৰ আগমুহূর্তত দুই–এক বিতর্ক হৈ আছিল৷ ২০১০ চনত বাংলাদেশৰ অনুৰাগীৰ হূদয়ত বীৰেন্দ্র ছেহৱাগে জুুই লগাইছিল৷ বাংলাদেশত টেষ্ট খেলিবলৈ অহাৰ সময়ত সংবাদ মেলত ভাৰতীয় অ’পেনাৰগৰাকীয়ে বাংলাদেশৰ দলটোক সাধাৰণ দল বুলি অভিহিত কৰিছিল৷ ২০১৫ চনত বিশ্বকাপৰ কোৱার্টাৰ ফাইনেলত ৰোহিত শর্মাৰ ন’ বল বিতর্কই দুয়োখনৰ দেশৰ মাজত বিভাজন কৰি পেলাইছিল৷ বাংলাদেশ ক্রিকেট ব’ৰ্ডৰ সভাপতি মুস্তাফা কমলে আম্পায়াৰিং অতি বেয়া বুলি কৈছিল৷ আনকি সেই সময়ৰ বাংলাদেশৰ প্রধানমন্ত্রী শ্বেখ হাছিনায়ো এই মেচখন সন্দর্ভত মতামত দিবলগীয়া হৈছিল৷ বর্তমান বাংলাদেশৰ ক্রিকেট দলটো পুনৰ বিশ্বকাপ ক্রিকেটৰ পৰা বাহিৰ হ’বলগীয়া হ’ল৷ বাংলাদেশৰ মুস্তাফিজুৰ ৰহমানক আগন্তুক আইপিএল ২০২৬ৰ পৰা কলকাতা নাইট ৰাইডার্ছ দলে বাদ দিয়াৰ বাবেই বাংলাদেশৰ অন্তর্ৱর্তীকালীন চৰকাৰৰ ক্রীড়া উপদেষ্টা আছিফ নাজৰুলে টি–২০ বিশ্বকাপৰ ভাৰতৰ খেলসমূহ নিৰাপত্তাৰ খাতিৰত ভাৰতৰ পৰিৱর্তে শ্রীলংকালৈ স্থানান্তৰ কৰাৰ বাবে দাবী জনাইছিল৷ যি দাবীৰ প্রতি সঁহাৰি নজনালে আন্তঃৰাষ্ট্রীয় ক্রিকেট পৰিষদে৷ যাৰ বাবে বাংলাদেশৰ দলটো বিশ্বকাপৰ পৰা বাহিৰ হ’বলগীয়া হয়৷ এই সকলোবোৰ দিশ বিশ্লেষণ কৰি অনুভৱ হয় যে ভাৰত–বাংলাদেশৰ সম্পর্ক সংকটৰ দিশে আগবাঢ়িছে৷ বাংলাদেশত কেইবাজনো হিন্দুক হত্যা কৰা খবৰ ইতিমধ্যে সকলোৱে লাভ কৰিছে৷ এই সংকটৰ প্রভাৱ যোৱা বছৰৰ ৫ আগষ্টৰ পৰাই পৰিছিল৷ এতিয়া লাহে লাহে ইয়াৰ প্রভাৱ খেলতো পৰিছে৷ সেয়ে হয়তো পাকিস্তানৰ সৈতে ভাৰতৰ খেল হ’লে যিধৰণৰ উত্তেজনা সৃষ্টি হয়, সেই উত্তেজনা আগন্তুক সময়ত বাংলাদেশৰ সৈতে খেলিলেও হ’ব৷ কাৰণ চুবুৰীয়া ৰাষ্ট্র বাংলাদেশ যেন এতিয়া এখন ভাৰতৰ শত্রু ৰাষ্ট্র৷