নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ৩০ জানুৱাৰী, মাঘ মাহৰ ১৬ তাৰিখ
শুকুৰবাৰ : তিথি–শুক্লা দ্বাদশী, নক্ষত্র : আর্দ্রা, যাত্রা : নাই

মেষ : শুভ ৰং হালধীয়া, শুভ সংখ্যা ৭৷ সন্তানৰ শুভ৷ প্রতিকাৰ– বগা ফুল, তুলসীৰ পাত আৰু সেন্দূৰ এখন আগলি কলপাতত লৈ বোৱঁতী পানীত এৰি দিব৷

বৃষ : শুভ ৰং নীলা, শুভ সংখ্যা ৬৷ হাতলৈ টকা পইচা আহিব যদিও খৰচ বৃদ্ধি পাব৷ সহকর্মীৰ দ্বাৰা প্রতাৰিত হ’ব পাৰে৷ প্রতিকাৰ– তুলসী গছৰ গুৰিত পানী ঢ়ালি প্রণাম কৰিব৷

মিথুন : শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৯৷ ব্যৱসায়িক প্রতিষ্ঠানত ক্ষতি হোৱাৰ ভয়৷ খং দমন কৰি ৰাখক অন্যথা ক্ষতি হ’ব৷ প্রতিকাৰ– নৱগ্রহ মন্দিৰত গ্রহ দেৱতাৰ সন্তুষ্টিৰ বাবে প্রার্থনা কৰিব৷

কর্কট : শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৩৷ মূল্যৱান বস্তু ক্ষতি হ’ব পাৰে৷ প্রতিকাৰ– ভিক্ষাৰী এজনক খোৱাবস্তু দান কৰিব৷

সিংহ : শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ৬৷ দুর্ঘটনা হৈ আঘাত পাব পাৰে৷ সন্তানৰ শুভ৷ প্রতিকাৰ– শিৱলিংগত গাখীৰ, বেলপাত অর্পণ কৰি শিৱক আৰাধনা কৰিব৷

কন্যা : শুভ ৰং বগা, শুভ সংখ্যা ৮৷ মূল্যৱান সম্পত্তি ঘৰলৈ আহিব৷ কর্মত বাধা আহিলেও সমাধান হ’ব৷ সন্তানৰ শুভ৷ প্রতিকাৰ– গা ধুই সূর্যক প্রণাম কৰি পানী ঢ়ালিব৷

তুলা : শুভ ৰং ৰঙা, শুভ সংখ্যা ২৷ বিয়াৰ প্রস্তাৱ আহিব পাৰে৷ চোৰৰ পৰা ক্ষতি হোৱাৰ আশংকা আছে৷ প্রতিকাৰ– হনুমান চালিচা পাঠ কৰিব পাৰিলে মিঠা ফল দান কৰক৷

বৃশ্চিক : শুভ ৰং হালধীয়া, শুভ সংখ্যা ৪৷ আনৰ উপদেশত কাম কৰি বিপদত পৰিব পাৰে৷ ঘৰতে অপদস্থ হোৱাৰ ভয়৷ প্রতিকাৰ– ঘৰলৈ অহা ভিক্ষাৰী এজনক জলপান কৰাই অর্থ দান কৰক৷

ধনু : শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৩৷ প্রাকৃতিক দুর্যোগত ক্ষতি হ’ব পাৰে৷ সন্তানৰ পৰা ক্ষতিৰ আশংকা আছে৷ প্রতিকাৰ– হনুমান মন্দিৰত মিঠা ফল দান কৰক৷

মকৰ : শুভ ৰং নীলা, শুভ সংখ্যা ৭৷ পাৰিবাৰিক অন্তর্কলহ বাঢ়িব৷ শত্রুৰ পৰা সাৱধান হ’ব৷ বৈবাহিক সম্বন্ধত ব্যাঘাত জন্মিব পাৰে৷ প্রতিকাৰ– শনি মন্দিৰত ধূপ–চাকি জ্বলাই শনিক ধ্যান কৰিব৷

কুম্ভ : শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ৯৷ ঘৰুৱা সমস্যাই অশান্তি দিব৷ হতাশাই আপোনাৰ ক্ষতি কৰিব৷ প্রতিকাৰ– ঘৰৰ পৰা ওলাওঁতে কপালত চন্দনৰ ফোঁট লৈ ওলাব৷

মীন : শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৩৷ অচিন ব্যক্তিৰ পৰা ক্ষতি হ’ব পাৰে৷ শাৰীৰিক অসুস্থতাই সমস্যাত পেলাব৷ প্রতিকাৰ– বেলপাতত ৰঙা চন্দন সানি শিৱলিংগত অর্পণ কৰক৷

You might also like