ISL ৰেফাৰীৰ স্বীকৃতি অৰ্জনেৰে গৌৰৱ কঢ়িয়ালে জেহেৰুল ইছলামে
অসমৰ প্ৰথম আৰু উত্তৰ পূৰ্বাঞ্চলৰ তৃতীয়গৰাকী আই এছ এল ৰেফাৰী হিচাপে স্বীকৃতি অৰ্জনেৰে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে চৈয়দ জেহেৰুল ইছলামে। চৈয়দ জেহেৰুল ইছলাম কামৰূপ জিলাৰ নৱগঠিত কমলপুৰ বিধানসভা সমষ্টিৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত বৰম্বৈ-কেতেকীবাৰীৰ প্ৰয়াত হাচমত আলী আৰু জবেদা বেগমৰ কনিষ্ঠ সন্তান।
স্কুলীয়া জীৱনৰ ছাত্র অৱস্থাৰে পৰা ফুটবল খেলৰ প্ৰতি আকৃষ্ট চৈয়দ জেহেৰুল ইছলাম এগৰাকী সুদক্ষ ফুটবলাৰ আৰু এগৰাকী সুদক্ষ প্ৰথম শ্ৰেণীৰ ফুটবল ৰেফাৰী হিচাপে পৰিচিত। বৰম্বৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ চৈয়দ জেহেৰুল ইছলামে গুৱাহাটী প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী আৰু জে বি আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী অৰ্জন কৰি কামৰূপ জিলা ন্যায়িক আদলতত ওকালতিও কৰিছিল যদিও পিছত ২০১৬ চনত ৰেলৱে বিভাগত নিযুক্তি লাভ কৰি অদ্যাপি কৰ্মৰত হৈ আছে।
ইয়াৰ মাজতে চৈয়দ জেহেৰুল ইছলামে ফুটবলৰ ৰেফাৰীৰ অনুশীলন অব্যাহত ৰাখি এগৰাকী সুদক্ষ ফুটবল ৰেফাৰী হিচাপে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। অক্লান্ত চেষ্টা আৰু অনুশীলনৰ ফলশ্ৰুতিত তেওঁ অসমত লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী, সৰ্বভাৰতীয় পৰ্যায়ৰ আই লিগ, ভাৰতীয় সেনা বাহিনীৰ ডুৰাণ্ড কাপ, খেলো ইণ্ডিয়া, সন্তোষ ট্ৰফী পৰিচালনাৰ জৰিয়তে শেহতীয়া ভাৱে আই এচ এল ফুটবল প্ৰতিযোগিতাৰ ৰেফাৰী হিচাপে স্বীকৃতি লাভ কৰিছে।
চৈয়দ জেহেৰুল ইছলাম পূৰ্বাঞ্চলৰ ভিতৰত তৃতীয়গৰাকী আৰু অসমৰ প্ৰথমগৰাকী আই এছ এল ৰেফাৰী হিচাপে স্বীকৃত। বৰ্তমান তেওঁ ষ্টাৰ ইলিট লেভেলত উপনীত। চৈয়দ জেহেৰুল ইছলামৰ কৃতিত্বত বৃহত্তৰ বৰম্বৈ অঞ্চলবাসী গৌৰাম্বিত।
নিয়মীয়া বাৰ্তা, হাজো, ২৯ জানুৱাৰী