শিৱসাগৰৰ নামতিত অ’এনজিচিৰ ৰিগত বিস্ফোৰণ, আতংকিত অঞ্চলবাসী
শিৱসাগৰ জিলাৰ নামতি অঞ্চলত অ’এনজিচিৰ এটা ৰিগত ভয়ংকৰ বিস্ফোৰণ সংঘটিত হোৱাত সমগ্ৰ এলেকাত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে। নামতিৰ ন-কাৰি গাঁওস্থিত ৩৩নং ৰিগত বৃহস্পতিবাৰে হঠাৎ প্ৰচণ্ড শব্দৰে বিস্ফোৰণ সংঘটিত হয় বুলি জানিব পৰা গৈছে।
বিস্ফোৰণৰ ফলত ৰিগটোত গেছ নিৰ্গত হোৱাত সমগ্ৰ অঞ্চলটো গেছৰ তীব্ৰ দুৰ্গন্ধই ছানি ধৰে। ইয়াৰ পিছতেই স্থানীয় লোকসকল আতংকিত হৈ উঠে। বহুতে এই ঘটনাক ভটীয়াপাৰৰ ভয়ংকৰ কাণ্ডৰ সৈতে তুলনা কৰি পুনৰাবৃত্তিৰ আশংকা প্ৰকাশ কৰে যদিও কথমপি বৃহৎ দুর্ঘটনাৰ পৰা অঞ্চলবাসী ৰক্ষা পৰে।
স্থানীয় লোকসকলে অভিযোগ উত্থাপন কৰি কয় যে অ’এনজিচি কৰ্তৃপক্ষৰ চূড়ান্ত গাফিলতিৰ বাবেই এই বিস্ফোৰণ সংঘটিত হৈছে। ৰিগত নিৰাপত্তা ব্যৱস্থা সঠিকভাৱে অনুসৰণ নকৰাৰ অভিযোগো উত্থাপন হৈছে।
ঘটনাৰ খবৰ পোৱাৰ লগে লগে নাজিৰা, শিৱসাগৰ আৰু আমগুৰিৰ অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো গাড়ী ঘটনাস্থলীত উপস্থিত হয়। অগ্নিনিৰ্বাপক বাহিনীয়ে তৎক্ষণাৎ গেছ নিৰ্গত হোৱা স্থানত পানী ছটিয়াই সম্ভাব্য অগ্নিকাণ্ড ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে। লগতে সুৰক্ষাৰ স্বাৰ্থত সমগ্ৰ অঞ্চলটোত বিদ্যুৎ যোগান বন্ধ কৰি দিয়া হয়।
বৰ্তমানলৈকে ৰিগত জুই লাগি উঠা সম্পূৰ্ণৰূপে ৰোধ কৰি ৰখা হৈছে বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত অ’এনজিচিৰ শীৰ্ষ বিষয়াসকল উপস্থিত হৈ পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰাৰ লগতে বিস্ফোৰণৰ কাৰণ অনুসন্ধান আৰম্ভ কৰিছে।
এই ঘটনাক লৈ নামতি অঞ্চলত তীব্ৰ চাঞ্চল্য সৃষ্টি হোৱাৰ লগতে স্থানীয় লোকসকলে ভৱিষ্যতে এনে ঘটনা পুনৰ নঘটিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।
ডিজিটেল ডেস্ক, ৩০ জানুৱাৰী