আজি জুবিন গাৰ্গ মৃত্যু গোচৰৰ নিয়মীয়া শুনানি
- আজি জুবিন গাৰ্গ মৃত্যু গোচৰৰ নিয়মীয়া শুনানি।
- পূৰ্বে সংৰক্ষণ ৰখা ৩ অভিযুক্তৰ জামিনৰ আজি ৰায়দান কৰিব আদালতে।
- অমৃতপ্ৰভা মহন্ত আৰু ২ দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ জামিনৰ ৰায় দিব আদালতে।
- শ্যামকানু মহন্তই জামিন আবেদন দাখিল কৰিও পূৰ্বৰ শুনানিত কৰিছিল প্ৰত্যাহাৰ।
- গোচৰটোৰ উন্নীতকৰণ, ব্যক্তিগত আৰু আইনী কাৰণ দৰ্শাই প্ৰত্যাহাৰ কৰিছিল জামিন আবেদন।
- শ্যামকানু মহন্তৰ অধিবক্তাৰ দ্বাৰা জামিন প্ৰত্যাহৰৰ আবেদন দাখিল কৰিছিল আদালতত।
- জুবিনৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গেও লোক অধিবক্তাৰ জৰিয়তে প্ৰত্যাহাৰ কৰিছিল জামিন আবেদন।
- ইফালে আন ৩ অভিযুক্তৰ জামিন নাকচৰ বাবে আদালতত আবেদন SITৰ।
- জুবিন পত্নী গৰিমা গাৰ্গেও নিজৰ অধিবক্তাৰ দ্বাৰা ৩ অভিযুক্তৰ জামিন নাকচৰ আবেদন দাখিল।
- আজিৰ শুনানিত শ্যামকানু, শেখৰজ্যোতি আৰু সিদ্ধাৰ্থই দাখিল কৰা আন কেইবাখনো আবেদনৰ শুনানি হব আদালতত।
- সিদ্ধাৰ্থৰ ফটাশিলৰ অৰ্কিড ভিউ এপাৰ্টমেণ্টৰ 3A ফ্লেট জব্দ কৰিবলৈ SITয়ে আদালতত দাখিল কৰিছিল আবেদন।
- জুবিনৰ ধন আত্মসাৎ কৰি ফ্লেটটো সিদ্ধাৰ্থই ক্ৰয় কৰাৰ তথ্য উল্লেখ কৰি আবেদন SITৰ।
- SIT য়ে দাখিল কৰা আবেদনৰো আজি শুনানি গ্ৰহণ কৰিব ন্যায়াধীশ বিপ্লৱ বৰুৱা আদালতে।
- একেদৰে শ্যামকানু মহন্তৰ কেইবাটাও বেংক একাউন্ট Defreeze কৰিবলৈ আদালত দাখিল কৰিছিল আবেদন।
- সেই আবেদনৰ শুনানি গ্ৰহণ কৰিব আদালতে।
- শেখৰজ্যোতি গোস্বামীয়ে উন্নত স্বাস্থ্য পৰীক্ষা বিচাৰি দাখিল কৰা আবেদনৰো হব শুনানি।
ডিজিটেল ডেস্ক, ৩০ জানুৱাৰী