ৰঙিয়াত চাঞ্চল্য, GRP জোৱানৰ ৰক্তাক্ত মৃতদেহ উদ্ধাৰ
- ৰঙিয়াত চাঞ্চল্যকৰ ঘটনা।
- GRP জোৱানৰ ৰক্তাক্ত মৃতদেহ উদ্ধাৰ।
- ৰঙিয়াৰ বলাগাঁও ২নং ৱাৰ্ডৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত উদ্ধাৰ হৈছে মৃতদেহটো।
- নিহত GRP জোৱানজন ৰঙিয়াৰ সমীপৱৰ্তী কনিহাৰ গাঁৱৰ ইমৰান হুছেইন বুলি চিনাক্ত কৰা হৈছে।
- নিশা প্ৰায় ১০ বজাত ৰঙিয়া GRP থানাৰ পৰা কনিহাস্থিত নিজৰ ঘৰলৈ বাইকেৰে গৈ আছিল ইমৰান হুছেইন।
- ঘটনাস্থলীৰ কাষতে তেজৰ চেকুৰা লগা শিল উদ্ধাৰ কৰা হৈছে।
- লগতে পৰি থকা অৱস্থাত উদ্ধাৰ কৰা হয় বান্দৰ টুপী আৰু হেলমেট।
- কিন্তু ঘটনাস্থলীত নাই ইমৰান হুছেইনে চলাই অহা বাইকখন।
- দুৰ্বৃত্তই হত্যা কৰি মৃতদেহ পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।
- ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য আৰু আতংকৰ সৃষ্টি হৈছে।
- আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।
ডিজিটেল ডেস্ক, ৩০ জানুৱাৰী