নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰাণৰ চেপন চকলীয়াত ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন নিহত

মৰাণৰ চেপন চকলীয়াত এক ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে দুজন নিহত হয়। চেপন চকলীয়াৰ বৰলুইত ধাবাৰ সন্মুখত ঘাইপথৰ দাঁতিত ৰখাই থোৱা ট্ৰাকৰ পিছফালে খুন্দা মাৰে শিৱসাগৰ দিশৰ পৰা আহি থকা এখন ৰং কঢ়িয়াই অনা বলেৰ’ পিকআপ বাহনে। ফলত বাহনখনৰ চালক আৰু লগত বহি থকা এজন ব্যক্তি থিতাতে নিহত হয়। ঘটনাত নিহত দুয়োজনক চিনাক্ত কৰিব পৰা অৱস্থাত নাই বুলি জানিব পৰা গৈছে।

বলেৰ’ পিকআপখনৰ নম্বৰ AS-03CC-8526। ৰং থকাৰ বাবে বলেৰ’ পিকআপখনত জুই লগাৰ সম্ভাৱনা আছিল। পৰৱৰ্তী সময়ত অগ্নিনিৰ্বাপক বাহিনীৰ যোগেৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰা হয়। দুৰ্ঘটনাত আন এজন গুৰুতৰভাৱে আহত হৈছে। আহত লোকজনক মৰাণৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

বিশেষ বাৰ্তা, ৩১ জানুৱাৰী :

You might also like