নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাৰ শ্লোন স্কুল অৱ মেনেজমেণ্টলৈ সপোনৰ যাত্রা অসমৰ মিঠুন ৰাজকুমাৰৰ

ডিজিটেল ডেস্ক, ৩১ জানুৱাৰী : বৰাক উপত্যকাৰ এখন নিচেই সৰু, সীমান্তৱর্তী গাঁৱৰ পৰা গৈ বিশ্বৰ সর্বোচ্চ শিক্ষানুষ্ঠানত স্থান লাভ কৰা মিঠুন ৰাজকুমাৰৰ যাত্রাই প্রমাণ কৰি দিছে যে প্রতিভা আৰু ইচ্ছাশক্তি থাকিলে কোনো বাধাই হেঙাৰ হ’ব নোৱাৰে৷ অলপতে বৰাক উপত্যকাৰ এইগৰাকী প্রযুক্তি আৰু উদ্ভাৱন ব্যৱস্থাপনাৰ নেতা তথা সমাজকর্মী মিঠুন ৰাজকুমাৰে এক বিৰল ‘ট্ৰাই–কণ্টিনেণ্টেল’ (তিনি মহাদেশীয়) গৱেষণাৰ বাবে নির্বাচিত হৈ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷

সমগ্র বিশ্বৰ পৰা মাত্র আঠজন জ্যেষ্ঠ পেছাদাৰীক এই মর্যাদাপূর্ণ গৱেষণা কার্যসূচীৰ বাবে নির্বাচন কৰা হৈছে আৰু ইয়াৰ ভিতৰত মিঠুন ৰাজকুমাৰ হ’ল একমাত্র ভাৰতীয়৷ ব্রাজিল, কলম্বিয়া, কানাডা, চীন, ইটালী, পর্তুগাল, ছুইজাৰলেণ্ড আৰু আমেৰিকা যুক্তৰাষ্ট্রৰ দৰে দেশৰ প্রার্থীসকলৰ মাজত নিজৰ স্থান নিশ্চিত কৰি তেওঁ অসমক বিশ্বৰ মানচিত্রত এক বিশেষ স্থান দিছে ৷

এক অদম্য জীৱন যাত্রা : জিলালপুৰৰ পৰা এম আই টিলৈ

মিঠুন ৰাজকুমাৰৰ এই সফলতাক কেৱল এটা শৈক্ষিক কৃতিত্ব বুলি ক’লে ভুল হ’ব, ই এক সংগ্রাম আৰু সপোনৰ কাহিনী৷ তেওঁৰ জন্ম আৰু ডাঙৰ–দীঘল হৈছিল অসমৰ বৰাক উপত্যকাৰ জিলালপুৰ নামৰ এখন গাঁৱত ৷ এই ঠাহখন ভাৰত–বাংলাদেশ আন্তঃৰাষ্ট্রীয় সীমান্তৰ পৰা মাত্র কেই কিলোমিটাৰমান দূৰত অৱস্থিত৷

সাধাৰণতে এনে ভৌগোলিকভাৱে পিছপৰা আৰু আন্তঃগাঁথনিৰ অভাৱ থকা অঞ্চলৰ পৰা বিশ্বৰ শীর্ষ পর্যায়লৈ যোৱাটো সহজ নহয়৷ কিন্তু সীমিত সুযোগ-সুবিধাৰ মাজত ডাঙৰ হোৱা মিঠুনৰ এই যাত্রাই দেখুৱাই দিছে যে গ্রাম্য অসমৰ বুকুত কিমান প্রতিভা লুকাই আছে৷ তেওঁৰ এই উত্থানে বৰাকৰ লগতে সমগ্র অসমৰ গ্রাম্য আৰু সীমান্তৱর্তী অঞ্চলৰ যুৱপ্রজন্মৰ বাবে এক নতুন আশাৰ সঞ্চাৰ কৰিছে৷

গৱেষণাৰ মজিয়া : তিনি মহাদেশৰ তিনি শ্রেষ্ঠ প্রতিষ্ঠান

মিঠুন ৰাজকুমাৰ নির্বাচিত হোৱা এই গৱেষণা কার্যসূচীটো সাধাৰণ নহয়৷ ই হ’ল ‘গ্ল’বেল ডক্টৰেল–লেভেল এপ্লাইড ৰিছার্চ’ ৷ এই কার্যসূচীটো বিশ্বৰ তিনিখন আগশাৰীৰ মহাদেশ– ইউৰোপ, আমেৰিকা আৰু এছিয়াৰ তিনিটা সর্বশ্রেষ্ঠ প্রতিষ্ঠানৰ সহযোগত পৰিচালিত হ’ব৷ এই গৱেষণাৰ মূল কেন্দ্র হ’ল ফ্রান্সৰ বার্গান্দি স্কুল অৱ বিজনেছ, যি বিশ্বৰ শীর্ষ ১% ব্যৱসায়িক শিক্ষানুষ্ঠানৰ ভিতৰত অন্যতম৷ ইয়াৰ লগত সহযোগ কৰিছে আমেৰিকাৰ বিশ্ববিখ্যাত এম আই টি শ্লোন স্কুল অৱ মেনেজমেণ্ট আৰু জাপানৰ টকিঅ’ ইনষ্টিটিডট অৱ টেকন’লজীয়ে৷ ব্যৱস্থাপনা, প্রযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্রত এই তিনিটা নাম বিশ্বৰ দৰবাৰত শীর্ষত থাকে৷ এনে এখন মজিয়াত অসমৰ ল’ৰা এজনে গৱেষণা কৰিবলৈ সুযোগ পোৱাটো আমাৰ বাবে নিশ্চয় গৌৰৱৰ বিষয়৷

গৱেষণাৰ বিষয়বস্তু আৰু ইয়াৰ গুৰুত্ব

মিঠুন ৰাজকুমাৰৰ গৱেষণাৰ বিষয়বস্তু বর্তমান সময়ত অত্যন্ত প্রাসংগিক৷ তেওঁ মূলতঃ ‘প্রযুক্তি আৰু উদ্ভাৱন ব্যৱস্থাপনা’ (Technology and Innovation Management)ৰ ওপৰত গৱেষণা কৰিব৷ তেওঁৰ গৱেষণাৰ মূল ক্ষেত্রসমূহ হ’ল– ১) কৃত্রিম বুদ্ধিমত্তা ২) ব্লকচেইন প্রযুক্তি ৩) ক্লাউড টেকন’লজী ৪) ডিজিটেল ছিষ্টেম৷ কিন্তু তেওঁৰ গৱেষণা কেৱল প্রযুক্তিৰ মাজতে আবদ্ধ নহয়৷ তেওঁৰ লক্ষ্য হ’ল এই অত্যাধুনিক প্রযুক্তিক ব্যৱহাৰ কৰি কেনেকৈ সমাজৰ উপকাৰ কৰিব পাৰি৷ তেওঁ ‘সুস্থিৰতা’, ‘পৰিৱেশৰ সহনশীলতা’ আৰু ‘বৃত্তাকাৰ অর্থনীতি’ গঢ়ি তোলাৰ বাবে বাস্তৱসন্মত সমাধান উলিওৱাৰ চেষ্টা কৰিব৷

অসম আৰু ভাৰতৰ বাবে ইয়াৰ সম্ভাৱনা

মিঠুন ৰাজকুমাৰৰ এই গৱেষণাই ভাৰত আৰু বিশেষকৈ অসমৰ দৰে ৰাজ্যৰ বাবে ভৱিষ্যতে অশেষ সম্ভাৱনা কঢ়িয়াই আনিব পাৰে৷ তেওঁৰ গৱেষণাৰ লক্ষ্যসমূহ পোনপটীয়াকৈ ভাৰত চৰকাৰৰ ‘ডিজিটেল ইণ্ডিয়া’, ‘সেউজ বিকাশ’ আৰু ৰাষ্ট্রসংঘৰ ‘বহনক্ষম উন্নয়নৰ লক্ষ্য’ৰ সৈতে সংগতিপূর্ণ ৷ ১) অসমৰ পৰিৱেশ আৰু অর্থনীতি : অসম এখন প্রকৃতিনির্ভৰ ৰাজ্য৷ ইয়াত বানপানী, পৰিৱেশ প্রদূষণ আৰু কৃষিৰ সমস্যাবোৰ সমাধান কৰিবলৈ ‘AI’ আৰু ‘Data Science’ৰ প্রয়োজন৷ মিঠুনৰ গৱেষণাই এনেকুৱা ‘প্রেক্টিকেল’ বা ব্যৱহাৰিক সমাধান উলিয়াব পাৰে, যিবোৰ আমাৰ উত্তৰ–পূর্বাঞ্চলৰ বাবে উপযোগী হ’ব৷ ২) ডিজিটেল নৱজাগৰণ : অসমৰ দৰে ৰাজ্যত ব্লকচেইন আৰু ক্লাউড কম্পিউটিং ব্যৱহাৰ কৰি চৰকাৰী কাম–কাজ স্বচ্ছ কৰা, কৃষি সামগ্রীৰ সঠিক বজাৰ সৃষ্টি কৰা আৰু গ্রাম্য অর্থনীতিত প্রযুক্তিৰ প্রয়োগ কৰাত তেওঁৰ গৱেষণাই গুৰুত্বপূর্ণ ভূমিকা ল’ব পাৰে৷ ৩) নেতৃত্বৰ নিদর্শন : মিঠুনৰ এই সাফল্যই দেখুৱাইছে যে অসমৰ বৌদ্ধিক আৰু নেতৃত্বৰ ক্ষমতা বিশ্ব পর্যায়ৰ ৷ তেওঁৰ গৱেষণাই অসমক ‘Applied Research’ বা প্রায়োগিক গৱেষণাৰ ক্ষেত্রত বিশ্বৰ মেপত স্থান দিবলৈ সক্ষম হ’ব৷

নতুন প্রজন্মলৈ বার্তা

মিঠুন ৰাজকুমাৰৰ এই যাত্রা কেৱল তেওঁৰ ব্যক্তিগত সফলতা নহয়, ই অসমৰ হাজাৰ হাজাৰ ছাত্র–ছাত্রীৰ বাবে এক শক্তিশালী বার্তা৷ তেওঁৰ এই সাফল্যই প্রমাণ কৰে যে ‘অসমৰ যুৱক–যুৱতী, লাগিলে তেওঁ চহৰৰ হওক বা সীমান্তৰ দূৰৱর্তী গাঁৱৰ, যদি সঠিক সুযোগ আৰু স্পষ্ট লক্ষ্য থাকে, তেন্তে তেওঁলোকেও বিশ্বক নেতৃত্ব দিব পাৰে’৷ আন্তঃগাঁথনিৰ অভাৱ বা ভৌগোলিক দূৰত্ব কেতিয়াও সপোনৰ অন্ত হ’ব নোৱাৰে৷ বৰাকৰ জিলালপুৰৰ পৰা গৈ ফ্রান্স, জাপান আৰু আমেৰিকাৰ দৰে দেশৰ শ্রেষ্ঠ শিক্ষানুষ্ঠানত গৱেষণা কৰিবলৈ নির্বাচিত হোৱা মিঠুন ৰাজকুমাৰ আজি আমাৰ নৱপ্রজন্মৰ বাবে এক জীৱন্ত অনুপ্রেৰণা ৷ তেওঁৰ গৱেষণাই মানৱ জাতিৰ কল্যাণৰ লগতে আমাৰ অসম আৰু ভাৰতবর্ষলৈ প্রগতিৰ নতুন বতৰা কঢ়িয়াই আনক, তাৰেই কামনা কৰিলোঁ৷

You might also like