নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আগিয়াত লাভ জেহাদৰ ঘটনা, অসংযত অৱস্থাত উদ্ধাৰ বিবাহিত মহিলা-যুৱক

আগিয়াত পুনৰ এক লাভ জেহাদৰ ঘটনাত অঞ্চলটোত চাঞ্চল্য বিৰাজ কৰিছে। জানিব পৰা মতে, উৰপদ বিলৰ পাৰ্কত এগৰাকী বিবাহিত জনজাতীয় মহিলাৰ সৈতে এজন ১৯ বছৰীয়া মুছলিম সম্প্ৰদায়ৰ যুৱকক স্হানীয় ৰাইজে অসংযত অৱস্থাত উদ্ধাৰ কৰি আগিয়া আৰক্ষীক গতাই দিয়ে।

ঘটনা সম্পৰ্কত ভুক্তভোগী মহিলাগৰাকীৰ লগতে পৰিয়ালৰ লোকৰ পৰা জানিব পৰা মতে, কৰ্মসূত্ৰে স্বামী বাহিৰত থকা মহিলাগৰাকীৰ পিতৃয়ে  মহিলাগৰাকীক এটা ঘৰ বনাই দিবলৈ লৈছে। ঘৰ বনোৱা কামত মিস্ত্ৰীৰ লগত যোগালি কাম কৰা বগুৱান থানাৰ অন্তৰ্গত কাৰাইখোৱাৰ ইছমাইল হুছেইন নামৰ লম্পটটোৱে ঘৰত কোনো নথকাৰ সুযোগ লৈ মহিলাগৰাকীৰ লগত বলপূৰ্বক শাৰীৰিক সম্পৰ্কত লিপ্ত হৈ কিছু আপত্তিজনক ফটো, ভিডিঅ’ সংগ্ৰহ কৰি সম্পৰ্ক অটুট নাৰাখিলে ছোচিয়েল মিডিয়াত উক্ত ফটো, ভিডিঅ’সমূহ ভাইৰেল কৰি দিব বুলি মহিলাগৰাকীক  ভয়-ভাবুকি দি আহিছে বুলি জানিবলৈ দিয়ে।

শেহতীয়াকৈ মহিলাগৰাকীয়ে ব্যক্তিগত কামত কৃষ্ণাই ব্লকলৈ আহোঁতে লম্পট  ইছমাইল হুছেইনে মহিলাগৰাকীক লগ ধৰি তাৰ লগত ফুৰিবলৈ নগ’লে ভিডিঅ’ ভাইৰেল কৰিব বুলি কয়। সেইমতে মহিলাগৰাকীক লম্পটটোৱে আগিয়া উৰপদ বিলৰ পাৰ্কলৈ আনি দিনৰ পোহৰতে অপকৰ্মত লিপ্ত হ’বলৈ লওঁতে স্থানীয় লোকে হাতে-লোটে দুয়োকে আটক কৰি উত্তম-মধ্যম শোধাই আগিয়া আৰক্ষীক গতাই দিয়ে। ভুক্তভোগী মহিলাগৰাকীৰ স্বামীয়ে ইতিমধ্যে আগিয়া থানাত এজাহাৰ দাখিল কৰি এটা গোচৰ তৰে ।

বিশেষ বাৰ্তা, আগিয়া, ৩১ জানুৱাৰী :
You might also like