নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনুমতি অবিহনে চৰকাৰী কৰ্মচাৰীয়ে খুলিব নোৱাৰিব ছ’চিয়েল মিডিয়া একাউণ্ট

ডিজিটেল ডেস্ক, ৩১ জানুৱাৰী : চৰকাৰী কর্মচাৰীসকলক সামাজিক মাধ্যম ব্যৱহাৰৰ ক্ষেত্রত নিয়ন্ত্রণৰ বাবে এক বৃহৎ আৰু নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ কৰিছে বিহাৰ চৰকাৰে৷ এই প্রসংগত এক নির্দেশনাও জাৰি কৰিছে চৰকাৰে৷ কেৱল সেয়াই নহয়, কিয় চৰকাৰী কর্মচাৰীসকলক সামাজিক মাধ্যম ব্যৱহাৰৰ ক্ষেত্রত নিয়ন্ত্রণলৈ অনা হৈছে তাৰো ব্যাখ্যা কৰা হৈছে৷

ফেচবুক, এক্স, ইনষ্টাগ্রাম আৰু ইউটিউবৰ দৰে সামাজিক মাধ্যম ব্যৱহাৰৰ ক্ষেত্রত কি কি নিয়ম মানি চলিব লাগিব কর্মচাৰীসকলে তাৰো উল্লেখ কৰা হৈছে৷ সামাজিক মাধ্যম ব্যৱহাৰৰ এই নিয়মত অনুমোদন জনাইছে মন্ত্রীসভাই৷ এতিয়া মাত্র কার্যকৰী কৰাৰহে অপেক্ষা৷ এই নিয়ম যিদৰে নিম্ন পর্যায়ৰ কর্মচাৰীসকলৰ ক্ষেত্রত প্রযোজ্য, তেনেদৰে উচ্চ পর্যায়ৰ বিষয়াসকলৰ ক্ষেত্রতো এই নিয়ম প্রযোজ্য হ’ব৷

নতুন নিয়ম অনুযায়ী কোনো সামাজিক মাধ্যমৰ একাউণ্ট খুলিবলৈ হ’লে সংশ্লিষ্ট বিভাগৰ পৰা অনুমতি ল’ব লাগিব কর্মচাৰীসকলে৷ কোনো ভুৱা একাউণ্ট বা বেনামী একাউণ্ট খুলিব নোৱাৰিব৷ নির্দেশনাত লগতে কোৱা হৈছে যে ব্যক্তিগত কোনো প’ষ্ট কৰাৰ সময়ত কর্মচাৰীসকলে তেওঁলোকৰ পদমর্যাদা অর্থাৎ তেওঁ কি পদবীত কর্মৰত তাক উল্লেখ কৰিব নোৱাৰিব৷ তদুপৰি চৰকাৰৰ ল’গ’ অথবা সেই সংক্রান্তীয় কোনো প্রতীক ব্যৱহাৰ কৰিব নোৱাৰিব৷ ছ’চিয়েল মিডিয়াত এনে কোনো পোষ্ট দিব নোৱাৰিব, যিয়ে পদমৰ্যাদা হ্ৰাস কৰে বা চৰকাৰৰ সুনামৰ ক্ষতি কৰে । কৰ্মক্ষেত্ৰৰ অনুষ্ঠান বা সভাৰ ভিডিঅ’, ৰীল বা লাইভষ্ট্ৰীমিং সম্পূৰ্ণ নিষিদ্ধ কৰা হৈছে ।

এই প্রসংগত চৰকাৰৰ যুক্তি যে সকলোৱেই ব্যক্তিগতভাৱে যিকোনো প’ষ্ট কৰিব পাৰে সামাজিক মাধ্যমত৷ ব্যক্তিগৰাকীৰ নিজস্ব মতামত আৰু এজন চৰকাৰী কর্মচাৰী হিচাপে তেওঁৰ মতামত উভয়তে পার্থক্য ৰাখিবলৈ এই সিদ্ধান্ত লোৱা হৈছে৷

You might also like