নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লালুক আৰক্ষীৰ অভিযানত ২১খন নকল সোণৰ নাওসহ দুজনক গ্ৰেপ্তাৰ

লালুক আৰক্ষীয়ে আজি অভিযান চলাই ২১খনকৈ নকল সোণৰ নাও উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ আৰক্ষীয়ে দুই নকল সোণৰ ব্যৱসায়ী ক্ৰমে জিয়াবুৰ ৰহমান আৰু দিল আফতানুৰ আলমকো গ্ৰেপ্তাৰ কৰে৷

প্ৰাপ্ত তথ্য অনুসৰি, নকল সোণৰ ব্যৱসায়ী দুটাই প্ৰায় ৩৬ কিলোগ্ৰাম ওজনৰ ২১খনকৈ নকল সোণৰ নাও এখন বিলাসী বাহনত উঠাই বঙালমৰা দিশৰ পৰা লালুক অভিমুখে আহি আছিল।লালুক আৰক্ষীয়ে প্ৰকাশ কৰা মতে, নকল সোণৰ নাও সৰবৰাহকাৰী দুটাৰ ঘৰ লখিমপুৰ জিলাৰ বিহপুৰীয়া থানাৰ অন্তৰ্গত বঙালমৰা আৰক্ষী চকীৰ অধীনৰ দৌলতপুৰত।

ঘটনা সন্দৰ্ভত লালুক আৰক্ষীয়ে জানিবলৈ দিয়া মতে, এক গোপন সূত্ৰৰ পম খেদি আজি বিয়লি লালুক থানাৰ অ’চি সীমান্ত পাঠকৰ নেতৃত্বত লালুক থানাৰ এছ আই ইন্দ্ৰজিত দলেৰ সহযোগত লালুক বাছ আস্থানত চলাইছিল এই অভিযান। আৰক্ষীৰ দলটোৱে এ আৰ-০১ এইচ-৬৫০৯ নম্বৰৰ হোন্দাই বিলাসী বাহনখনত তালাচী চলায়৷ তালাচী কালত বাহনখনৰ পৰা ২১খন নকল সোণৰ নাও আৰক্ষীৰ দলটোৱে উদ্ধাৰ কৰে৷  লগতে জিয়াবুৰ ৰহমান (৪০) আৰু দিল আফতানুৰ আলম (২৮) নামৰ দুই ব্যক্তিকো বাহনখনৰ পৰা গ্ৰেপ্তাৰ কৰে৷ নকল সোণৰ ব্যৱসায়ী দুটাই নাওখিনি বিক্ৰী কৰিবলৈ নিছিল বুলি জানিব পৰা গৈছে৷ আৰক্ষীয়ে নকল সোণৰ নাও, বাহনসহ দুই যুৱকক  লালুক থানালৈ আনি জেৰা অব্যাহত ৰাখিছে।

নিয়মীয়া বাৰ্তা, লালুক, ৩১ জানুৱাৰী :
You might also like