আজি ২২ জুন, আহাৰ মাহৰ ৭ তাৰিখ
সোমবাৰ : তিথি–শুক্লা অষ্টমী, নক্ষত্র : ৰোহিণী, যাত্রা : নাই
মেষ : আজি পিতৃৰ শৰীৰ আকস্মিক বেয়া হ’ব পাৰে৷ ভ্রমণত বাধা আছে৷ ঘৰুৱা ক্ষেত্রত পত্নী আৰু ভনীৰ পৰা সহায় লাভ৷ নিবনুৱাসকলৰ কর্মপ্রাপ্তিত বাধা৷ প্রেমত সন্দেহ৷ শুভ ৰং কমলা, শুভ সংখ্যা ২৷
বৃষ : আজি খৰচৰ মাত্রা কিছু পৰিমাণে বাঢ়িব৷ বিয়া–বাৰুৰ যোগাযোগত বাধা পাব৷ পৰীক্ষার্থীৰ বাবে চিন্তা বৃদ্ধি৷ প্রাপ্য ধন লাভৰ যোগ৷ প্রেমত সাৱধান৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৫৷
মিথুন : আজি দিনটোত বন্বুূবর্গৰ পৰা সহায় লাভ কৰিব৷ মাংগলীয় কর্মত খৰচ বৃদ্ধি হ’ব৷ বিদ্যাত অশুভ৷ সন্তানৰ শুভ৷ পাৰিবাৰিক দিশত কিছু চিন্তা থাকিব৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৭৷
কর্কট : আজি নিকট আত্মীয়ৰ আৰোগ্য লাভ৷ সামাজিক ব্যস্ততা বৃদ্ধি পাব৷ শিক্ষার্থীৰ বাবে শুভ৷ স্বাস্থ্য ভালেই থাকিব৷ সন্তানৰ শুভ কর্মৰ ফলত সন্মান লাভ৷ প্রেমত বিশ্বাসঘাতকতা৷শুভ ৰং মেৰুন, শুভ সংখ্যা ৯৷
সিংহ : আজি সন্তানৰ শৰীৰ সম্পর্কে সচেতন থাকক৷ পাৰিবাৰিক শান্তি অব্যাহত থাকিব৷ ব্যৱসায়ত ধন বিনিয়োগ কৰাৰ স্থিৰ সিদ্ধান্ত ল’ব পাৰে৷ প্রেমত আনন্দ৷ শুভ ৰং বগা, শুভ সংখ্যা ৫৷
কন্যা : আজি কর্ম প্রার্থীয়ে ধৈর্যৰ পৰীক্ষা দিব লাগিব৷ মাটি–বাৰীক লৈ বিবাদ হোৱাৰ আশংকা আছে৷ ঘৰত আলহীৰ আগমনৰ ফলত মন আনন্দিত৷ বিদ্যাত বাধা৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ৩৷
তুলা : আজি পত্নীৰ সহযোগ লাভ কৰিব৷ কর্মক্ষেত্রত সহকর্মীৰ লগত মতবিৰোধ৷ অর্থপ্রাপ্তিৰ যোগ৷ ব্যৱসায়ত উন্নতি৷ বিদ্যার্থীসকলে একাধিক সুযোগ লাভ কৰিব৷ শুভ ৰং ছিলভাৰ, শুভ সংখ্যা ৮৷
বৃশ্চিক আজি শিল্পসকলে নানা ফালেদি অর্থ আৰু সন্মান অর্জন কৰিব৷ চাকৰিয়ালসকলৰ বাবে মধ্যম৷ সম্পত্তিপ্রাপ্তিৰ ক্ষেত্রত বাধা আহিব৷ শুভ ৰং ধূসৰ, শুভ সংখ্যা ৪৷
ধনু : আজি পিতৃৰ শৰীৰৰ প্রতি যত্ন লওক৷ ঘৰুৱা দিশত সমস্যাবোৰৰ সমাধান হ’ব৷ বিদ্যার্থীসকলে যত্ন কৰক৷ ব্যৱসায়ত মধ্যম ফল৷ প্রেমত বিবাহৰ যোগ৷ শুভ ৰং ক’লা, শুভ সংখ্যা ৭৷
মকৰ : আজি সন্তানৰ বিবাহৰ যোগ৷ চুটি ভ্রমণ হ’ব পাৰে৷ নতুন ব্যৱসায়ত বাধা পাব পাৰে৷ চকুৰ বিষে আমনি কৰিব৷ বিদ্যাত শুভ৷ প্রেমত হতাশা৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৬৷
কুম্ভ : আজি কন্যা সন্তানৰ বিবাহৰ সংযোগ৷ কর্মত অসুবিধা পাব পাৰে৷ বিদ্যাত সাফল্য লাভ কৰিব৷ আর্থিক দিশত উন্নতি৷ ব্যৱসায়ত লাভৰ যোগ৷ শুভ ৰং সেডজীয়া, শুভ সংখ্যা ৬৷
মীন : আজি নতুন যোগাযোগত উপকৃত হ’ব৷ ভ্রমণ নকৰাই ভাল৷ ব্যৱসায়ত সফলতা লাভ৷ শৰীৰৰ প্রতি লক্ষ্য ৰখা উচিত৷ ঘৰুৱা দিশত মধ্যম ফল৷ প্রেমত সন্দেহ৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ২৷