অন্তিম টি-২০ত ৪৬ ৰানত পৰাস্ত নিউজিলেণ্ড, ভাৰতৰ জয়
নিউজ ডেস্ক, ১ ফেব্ৰুৱাৰী : ঘৰুৱা দল টীম ইণ্ডিয়াই নিউজিলেণ্ডৰে খেলা পাঁচখনীয়া টি–২০ মেচৰ শৃংখলাটো ৪–১ত হস্তগত কৰিছে৷ শৃংখলাৰ কালি অনুষ্ঠিত পঞ্চম তথা অন্তিমখন মেচত ভাৰতে ৪৬ ৰানত নিউজিলেণ্ডক পৰাস্ত কৰে৷ মেচখনত টীম ইণ্ডিয়াই জয়ৰ বাবে বান্ধি দিয়া ২৭২ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি অ’পেনাৰ ফিন এলেনৰ ৩৮ বলত ৮০, ইছ সোধীৰ ৩৩ আৰু ৰাচিন ৰবীন্দ্রৰ ৩০ ৰানৰ সহায়ত নিউজিলেণ্ডে ১৯.৪ অভাৰত ২২৫ ৰান কৰে৷ ভাৰতৰ হৈ অর্শদীপ সিঙে সর্বাধিক ৫টা উইকেট লাভ কৰাৰ লগতে অক্ষৰ পেটেলে ৩টা, বৰুণ চক্রৱর্তী আৰু ৰিংকু সিং উভয়ে এটাকৈ উইকেট লাভ কৰে৷
ইয়াৰ পূর্বে প্রথমে বেটিং কৰি ঈশান কিশনৰ বিস্ফোৰক শতক আৰু অধিনায়ক সূর্যকুমাৰ যাদৱৰ অর্ধশতকৰ সহায়ত টীম ইণ্ডিয়াই নির্ধাৰিত ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ২৭১ ৰান সংগ্রহ কৰে৷ ইনিংছৰ আৰম্ভণি সুখকৰ নাছিল ভাৰতৰ৷ দলীয় স্ক’ৰ ৪৮ ৰানত অ’পেনাৰদ্বয় সঞ্জু ছেমছন আৰু অভিষেক শর্মাক হেৰুৱায়৷ সঞ্জু কালিও ব্যর্থ হয়৷ মাত্র ৬ ৰান কৰি বিদায় লয়৷
ইফালে, অভিষেকে ৩০ ৰানৰ অৱদান আগবঢ়ায়৷ অৱশ্যে টি–২০ত প্রথমটো শতক অর্জন কৰা ঈশানে সূর্যকুমাৰৰ সৈতে তৃতীয় উইকেটত ১৩৭ ৰান সংগ্রহ কৰি দলক শক্তিশালী স্থিতিত উপনীত কৰায়৷ সূর্যকুমাৰে ৩০টা বলত ৬৩ ৰান কৰি বিদায় লোৱাৰ বিপৰীতে ঈশানে ৪৩টা বলত ৬টা চাৰি আৰু ১০টা ছয়েৰে ১০৩ ৰান কৰে৷ ইফালে, হার্দিক পাণ্ডিয়াই ১৭টা বলত ৪২ ৰান সংগ্রহ কৰি দলক শক্তিশালী স্থিতিত উপনীত কৰায়৷ ৰিংকু সিঙে ৮ আৰু শিৱম ডুবেই ৭ ৰান কৰি অপৰাজিত হৈ থাকে৷